সেউজ গৃহ গেছ – Greenhouse gas

সেউজ গৃহ গেছ  আৰু ইয়াৰ উৎসবোৰ হল –

Greenhouse gas

এইবোৰ কিছুমান বিশেষ গেছ যিয়ে ফান্দ হিচাপে কাম কৰে আৰু প্ৰতিফলিত হোৱা সূৰ্যৰ ৰশ্মিবোৰ মহাকাশলৈ যাব নিদি পুনৰ পৃথিৱীলৈ ঘূৰাই পঠায়। মুখ্য সেউজগৃহ গেছবোৰ হ’ল কাৰ্বন ডাই-অক্সাইড, মিথেন, অ’জন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্লৰ কাৰ্বন আৰু জলীয়বাষ্প আদি।

সেউজ গৃহ গেছৰ উৎসবোৰ হ’ল :

(i) কার্বন ডাই-অক্সাইডৰ প্ৰধান উৎসবোৰ হ’ল জীৱাশ্ম ইন্ধন জ্বলোৱা (শিল্প উদ্যোগ, যান-বাহন আদিত) আৰু বনাঞ্চলৰ ধংসীকৰণ।

(ii) বাতানুকুল যন্ত্র, বায়ুবিলয়ী, শীতলকাৰক যন্ত্ৰ, আদিয়ে বায়ুমণ্ডললৈ ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (CFC) এৰি দিয়ে ।

(iii) কৃষিকাৰ্যত হোৱা ক্ৰিয়া কলাপৰ ফলত মিথেন গেছ উৎপন্ন হয়। যেনে : ধাননি পথাৰত অবাত শ্বসনকাৰী বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত মিথেন গেছ উৎপন্ন হয়।

(iv) নাইলনৰ উৎপাদিত সামগ্ৰী, মহাসাগৰ, মাটিত থকা বেক্টেৰিয়া, যান-বাহনৰ পৰা নিৰ্গত প্ৰদূষক, জীৱ ভৰ আৰু নাইট্ৰ’জেনযুক্ত ইন্ধনৰ দহন, মাটিত নাইট্ৰ’জেন জাতীয় সাৰৰ বিয়োজন আদিৰ পৰা নাইট্ৰাছ অক্সাইড উৎপন্ন হয়।

Leave a Reply