মনৰ ইচ্ছাশক্তি আৰু ইয়াৰ বৃদ্ধি
ইচ্ছা শক্তি—
এজন মানুহৰ জীৱনত কৃতকাৰ্য্যতাৰ পৰিমাণ সেই মানুহজনৰ মনৰ ইচ্ছা শক্তিৰ পৰিমাণৰ লগত নিৰ্ভৰশীল। সেয়েহে এজন মানুহৰ ইচ্ছা-শক্তি কিদৰে বঢ়াব পাৰি সেয়াই হৈছে এজন মানুহৰ জীৱনৰ মূল কথা। সেইকাৰণে শৈশৱৰে পৰা কিদৰে ইচ্ছা-শক্তি বঢ়াব লাগে তাৰ জ্ঞান আমাৰ শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো ইয়াৰ অবিহনে শিক্ষাৰ সফলতা কমি যাব।
ইচ্ছা কি? ই ক’ৰপৰা উৎপত্তি হয় ?
আমাৰ সত্বা আৰু মনৰ সংমিশ্ৰণ আৰু ক্ৰিয়াত ইচ্ছাৰ সৃষ্টি হয়। চৰিত্ৰই ইচ্ছাৰ জন্ম দিয়ে আৰু আমাৰ কৰ্মই আমাৰ চৰিত্ৰৰ গঠন কৰে। আমাৰ কৰ্মই আমাৰ ইচ্ছাত প্ৰতিফলন ঘটে।
আমাৰ ইচ্ছা-শক্তি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ?
১। প্ৰথমতে ইচ্ছা-শক্তি হ’ল মনৰ এনে এক যোগাত্মক আৰু সৃজনীমূলক কাম যিয়ে আমাক আগুৱাই যাবলৈ সমৰ্থবান কৰে আৰু আমাৰ পছন্দৰ কাম বিশেষভাৱে কৰিবলৈ সহায় কৰে। আনহাতে আমাৰ অপছন্দৰ যি কোনো কাম কৰাৰ পৰা আমাক বিৰত ৰাখে। ইচ্ছা হ’ল মনৰ তেনে এটা শক্তি যিয়ে আমি যিটো শুদ্ধ বুলি জানো সেইটো সমাধা কৰিবলৈ নিৰ্দেশ কৰে আৰু অশুদ্ধটো কৰাৰ পৰা বিৰত ৰাখে । জ্ঞাত বা অজ্ঞাত, সুবিধাজনক বা অসুবিধাজনক পৰিস্থিতিতেই হওঁক ইচ্ছাশক্তিয়ে সদায় শুদ্ধ আৰু পছন্দৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
২। দ্বিতীয়তে অতি উল্লেখযোগ্য আৰু বিশ্বাসযোগ্য কথাটো হ’ল এয়ে যে প্রত্যেকেই এই ইচ্ছা-শক্তি বৃদ্ধি কৰিব পাৰে যদিহে আমি প্ৰণালীৱদ্ধভাৱে আমাক নিষ্ঠা সহকাৰে নিজকে উপলব্ধি কৰিম তেতিয়া আমি নিঃসন্দেহে আমাৰ ইচ্ছা- শক্তি বৃদ্ধি কৰিব পাৰিম ।
৩। যেতিয়া আমাৰ মনটো উন্নীত হয় তেতিয়া আমি ইচ্ছা শক্তি বঢ়াবলৈ অতি আৱশ্যকীয় পদক্ষেপ ল’ব পাৰোঁ। এই পদক্ষেপ হ’ব মূৰ আৰু অন্তৰৰ পাৰ্থক্য, আৱেগ আৰু বুদ্ধিৰ পাৰ্থক্য আৰু ভাৱ আৰু অনুভূতিৰ পাৰ্থক্য দূৰ কৰিবলৈ।
কিন্তু আমাৰ ভিতৰতে দুটা বস্তুই এই সৃজনীমূলক কামত বাধা আৰোপ কৰিব
(১) অতীতৰ অনুশোচনা আৰু
(২) ভৱিষ্যতৰ ওপৰত চিন্তাগ্রস্ততা।
এই দুয়োটাই আমাৰ ইচ্ছা-শক্তিৰ ক্ষেত্ৰত অনিষ্টকাৰক। কিয়নো দুয়োটাই আমাৰ প্রগতিশীল ভাব ধাৰা, সৃজনীশক্তি আৰু মনৰ সকলো ধনাত্মক গতিশীলতা নেসাৎ বা বাধাগ্রস্ত কৰে ।
এই বাধাবোৰ অতিক্ৰম কৰিবলৈ হ’লে আমি বৰ্তমান জীৱনত সজাগ হৈ থাকিব লাগিব আৰু আমাৰ নিজৰ বিশ্বাসমতে মুক্ত মন লৈ জীয়াই থাকিব লাগিব। অৱশ্যে আমি অহৰহ আমাৰ কামবোৰ পৰীক্ষী-নিৰীক্ষা কৰিব পাৰো যাতে আমি ভালতকৈ ভাল কাম কৰাত ব্ৰতী হ’ব পাৰো।
যিসকলে ইচ্ছাশক্তি বৃদ্ধি কৰিব বিচাৰে তেওঁলোকে অতীত বা ভৱিষ্যত জগতত জীয়াই নাথাকি বৰ্তমানত জীয়াই থাকিব লাগিব। তেনে কৰিবলৈ হ’লে আমি শুদ্ধ মূল্যবোধৰ জ্ঞান লভিব লাগিব আৰু সযতনেৰে ৰক্ষা কৰিব লাগিব।
তিনিটা কামৰ দ্বাৰা এইটো সম্ভৱপৰ হ’ব পাৰে,
(১) বাস্তৱ আৰু অবাস্তৱৰ মাজত পৃথক কৰা
(২) যিবোৰ কাম কৰিলে আমাৰ উপকাৰ হ’ব বুলি জানি সেইবোৰতে আত্ম-ব্যস্ত ৰখা
(৩) যিবোৰ কথাই বা কামে আমাক কোনো ধৰণে জীৱনত সহায় নকৰে তেনে কথাৰ পৰা আঁতৰি থাকিব লাগে।
(৪) এইটো মনত ৰখা উচিত যে ইচ্ছা শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ মনোযোগ বৃদ্ধিয়ে যথেষ্ট সহায় কৰে।
(৫) আমাৰ ইচ্ছা-শক্তি বৃদ্ধিৰ ক্ষেত্ৰত আমি আমাৰ মানসিক শক্তি কেতিয়াও অপচয় কৰিব নালাগে। আমি আমাৰ মানসিক শক্তি বিভিন্ন ধৰণে অপচয় কৰোঁ যথা, অদৰকাৰী কথা-বতৰা, উদ্দেশ্যহীন কাম, অৰ্থহীন তর্ক-বিতর্ক অসম্ভৱ কল্পনা, পৰচৰ্চ্চা, দিৱা-স্বপ্ন, বেয়া ভাৱনা, অদৰকাৰী কাম, মিছা ভয় আৰু আনৰ দোষ খুচৰি।
(৬) মনৰ শক্তি সঞ্চয় কৰিব হ’লে আমি আমাৰ শাৰীৰিক শক্তি বিশেষকৈ যৌণ শক্তি সঞ্চয় কৰিব লাগিব।
(৭) শেহত, আমি আমাৰ ইচ্ছা- শক্তি বৃদ্ধি কৰিবলৈ হ’লে আমাৰ অকৃতকাৰ্যতাবোৰ গভীৰভাৱে ল’ব নালাগিব । বাৰে বাৰে অকৃতকাৰ্য্য হ’লেও আমি হতাশ হ’ব নালাগে। কাৰণ বাৰে বাৰে অকৃতকাৰ্য্য হ’লেহে কৃতকাৰ্য্য হোৱা যায়।
ওপৰৰ পদক্ষেপবোৰ নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ ইচ্ছা-শক্তি বৃদ্ধি কৰিব পাৰি। কিন্তু সেয়ে হ’বলৈ হ’লে আমি আমাৰ ইচ্ছা-শক্তিক শুদ্দ পথ দেখুৱাব লাগিব।
লগতে চাওকঃ মনৰ শক্তি বৃদ্ধি