প্ৰাণী ৰাজ্য

প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱ

প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবিলাক বহুকোষী আৰু সংকোষকেন্দ্ৰীয়। ইহঁতৰ কোষত কোষবেৰ নাথাকে। এইবিলাকৰ দেহৰ গঠন জটিল আৰু ইহঁত পৰপুষ্ট ।

এই ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল :

(i) এইবিলাক বহুকোষী, সংকোষকেন্দ্রীয় জীৱ। কোষত কোষবেৰ নাথাকে, কোষাবণখনেই ইয়াৰ বহিঃসীমা ।

(ii) ইহঁতৰ দেহৰ গঠন জটিল। এই জীৱবিলাকত বহুতো কোষৰ দ্বাৰা উন্নত কলাৰ সৃষ্টি হৈ বিভিন্ন অংগতন্ত্র গঠন কৰি জৈৱিক কাৰ্য সমাধা কৰে ৷

(iii) যিহেতু এইবোৰে খাদ্য ভক্ষণ (Ingestion) কৰে সেয়ে ইহঁতক ভক্ষক বা উপভোক্তা (Consumer) বোলে।

(iv) বেছিভাগ জীৱৰ দেহতেই সুসংগঠিত চলন অংগ থাকে বাবে ইহঁতৰ বেছিভাগেই চলন কাৰ্য সম্পন্ন কৰিব পাৰে ।

(v) ইহঁতে সাধাৰণতে যৌন পদ্ধতিৰে বংশবৃদ্ধি কৰে ।

লগতে চাওকঃ  মনেৰা ৰাজ্য  ,   বৰ্গ আৰু গোত্ৰ ,  শেলাই আৰু ভেঁকুৰ   ,  প্ৰটিষ্টা ৰাজ্য  ,  জীৱবৈচিত্র্য

 

Leave a Reply