প্ৰটিষ্টা ৰাজ্য

 

প্ৰটিষ্টা ৰাজ্য অন্তৰ্গত জীৱবিলাক এককোষী আৰু সংকোষকেন্দ্ৰীয় (Eukaryotic)। ইহঁত আণুবীক্ষনীক জীৱ ।

এই ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল ঃ

(i) ইয়াৰ অন্তৰ্গত জীৱবিলাক বিভিন্ন ধৰণৰ এককোষী আৰু জলজ ।

(ii) ইহঁতৰ কোষত সুসংগঠিত কোষকেন্দ্র থাকে অর্থাৎ ইহঁত সংকোষকেন্দ্ৰীয়

(iii) কোষকেন্দ্ৰত ক্ৰম’জ’ম থাকে।

(iv) কোষবিলাকে চিলিয়া বা ফ্লেজেলা বহন কৰে ।

(v) কোষৰ কোষপ্রৰসত বিভিন্ন অংগাণু যেনে, মাইট’কণ্ড্ৰিয়া, অন্তপ্রৰসীয় জালিকা আদি থাকে ।

(vi) ইহঁতে সাধাৰণতে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে ।

(vii) ইহঁত স্বপুষ্ট বা পৰপুষ্ট। ইউগ্লেনা, ডায়েটম, ক্লেমাইড’ম’নাছ আদি স্বপুষ্ট প্ৰটিষ্টা আৰু এমিবা, প্লাজম’ডিয়াম আদি পৰপুষ্ট প্ৰটিষ্টা।

 

 

লগতে চাওকঃ  মনেৰা ৰাজ্য  ,   বৰ্গ আৰু গোত্ৰশেলাই আৰু ভেঁকুৰ

 

Leave a Reply