পানী প্ৰদূষণৰ কাৰণ – Causes of water pollution

পানী প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ সমূহ হল -ঃ

পানীৰ ৰাসায়নিক, ভৌতিক আৰু জৈৱিক ধৰ্ম বিনষ্ট হোৱাকে পানীৰ প্ৰদূষণ বোলা হয়।

Causes of water pollution

পানী প্ৰদূষণৰ কাৰণ ঃ

(a) নলা-নৰ্দমাৰ পৰা ওলোৱা ঘৰুৱা আৱৰ্জনাবোৰ বিশুদ্ধ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰে।

(b) কল-কাৰখানাৰ পৰা ওলোৱা বিভিন্ন বিষাক্ত ৰাসায়নিক  পদার্থ, এছিড, ক্ষাৰ, ধাতৱ লৱণ, ফিনল, চায়েনাইড, এমনিয়া, তেজষ্ক্রিয় পদার্থ আদিয়ে নদী বা জলাশয়ৰ পানী দূষিত কৰে।

(c) কৃষিকাৰ্যত ব্যৱহৃত বিভিন্ন ৰাসায়নিক পদার্থ যেনে, সাৰ (নাইট্রেট আৰু ফছফেটযুক্ত) আৰু কীটনাশক আদিয়ে পানীৰ প্ৰদূষণ কৰে ।

(d) প্রাকৃতিক কাৰক যেনে, ভূমিকম্প, খহনীয়া আৰু বানপানীয়েও পানী প্ৰদূষণ কৰে।

(e) বর্ধিত জনসংখ্যা আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশো জল প্ৰদূষণৰ অন্যতম কাৰক।

পানী প্ৰদূষণৰ প্ৰভাৱ :

পানী প্ৰদূষণৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰভাৱ তলত উল্লেখ কৰা হ’ল ঃ

(a) পানীত মিহলি হোৱা বিভিন্ন জৈৱ পদাৰ্থবোৰ বিভিন্ন অণুজীৱই পচন ঘটায়। ইয়াৰ ফলত পানীত দ্ৰৱীভূত অক্সিজেনৰ অভাৱত পানীৰ পৰিস্থিতিতন্ত্র দূষিত হয় । পানীত কম পৰিমাণৰ অক্সিজেন থকাৰ ফলত জলজ প্রাণী বিশেষকৈ মাছবোৰ জীয়াই থকাত অসুবিধা হয়।

(b) পানীৰ দ্বাৰা সোঁচৰা ৰোগ যেনে, ক’লো, এমিবীয় গ্রহণী, টাইফয়েড, হেপাটাইটিছ-এ, ডায়েৰীয়া, জণ্ডিছ আদি বানপানীৰ সময়ত প্ৰদূষিত পানীৰ মাধ্যমত বিয়পি পৰে। অনাবৃষ্টিৰ সময়ত হোৱা পানীৰ নাটনিৰ কাৰণে মানুহে যিকোনো উৎসৰ পৰা খোৱাপানী সংগ্ৰহ কৰে ।

Leave a Reply