কোনবোৰ প্ৰাণীৰ দেহগুহাত ৰক্ত বা তেজ থাকে ? ৰন্ধ্ৰীপ্ৰাণীয়ে অক্সিজেন কেনেকৈ লয় ?

1.  কোনবোৰ প্ৰাণীৰ দেহগুহাত ৰক্ত বা তেজ থাকে ?

উঃ বলয়ী প্ৰাণীৰ দেহগুহাত ৰক্ত বা তেজ থাকে। ইহঁতৰ আবদ্ধ ৰক্তসংবহন তন্ত্র থাকে। ইয়াত ৰক্তনলীকাৰ মাজেৰেহে তেজ প্রবাহিত হয়। ইহঁতৰ দেহগুহা ৰক্ত ধাৰকলৈ পৰিৱৰ্তিত হয়। ইয়াক হিম’চিল বুলি কোৱা হয়।

2. ৰন্ধ্ৰীপ্ৰাণীয়ে অক্সিজেন কেনেকৈ লয় ?

উঃ ৰন্ধ্ৰীপ্ৰাণীৰ দেহত বহুতো ৰন্ধ থাকে। এই ৰন্ধ্ৰবোৰ প্ৰকৃততে কিছুমান নলীৰ মুখ । এই নলীবোৰে দেহৰ ভিতৰত নলতন্ত্ৰৰ সৃষ্টি কৰে। এই তন্ত্ৰৰে পানী প্রবাহিত হ’লে দেহৰ কোষবোৰে অক্সিজেন আহৰণ কৰে ।

3. উভচৰ প্ৰাণীসমূহৰ শ্বাস অংগবোৰৰ নাম উল্লেখ কৰা।

উঃ উভচৰ প্ৰাণীসমূহৰ শ্বাস অংগবোৰ হ’ল ফুল, হাওঁফাওঁ আৰু দেহত্বক।

 

4.মিছামাছ সন্ধিপদী প্রাণী কিন্তু মাছ নহয়’— উক্তিটোৰ অৰ্থ বহলাই লিখা।

উঃ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰ দ্বাৰা সন্ধিপদী প্রাণী চিনাক্ত কৰিব পাৰি। নিম্নোক্ত বৈশিষ্ট্যসমূহৰ দ্বাৰা মিছামাছ যে সন্ধিপদী প্রাণী সেয়া নিশ্চিত হ’ব পাৰি :

(a) মিছামাছৰ দেহ বহুখণ্ডিত ।

(b) ইয়াৰ উপাংগবোৰ সন্ধিযুক্ত ।

(c) ইয়াৰ দেহটো শিৰ, বক্ষ আৰু উদৰত বিভক্ত ।

মিছামাছৰ দেহত মাছৰ বৈশিষ্ট্য নথকাটোৱেই ই মাছ নোহোৱাটো নিশ্চিত কৰে। মাছত নথকা, অথচ মিছামাছত থকা এনে বৈশিষ্ট্যবোৰ হ’ল  ঃ

  • মিছামাছৰ দেহত পাখি নাথাকে ৷
  • ইয়াৰ বাকলি নাথাকে ।
  • ইয়াৰ অন্তঃকংকাল নাথাকে ।

 

5. ‘বাদুলী চৰাই নহয় কিন্তু ই এবিধ স্তন্যপায়ী প্রাণীহে’– উক্তিটোৰ সত্যতা প্রতিপাদন কৰা ৷

উঃ বাদুলী চৰাই নহয় কাৰণ ই পক্ষী শ্ৰেণীৰ বৈশিষ্ট্যবোৰ প্ৰদৰ্শন নকৰে। বাদুলিৰ দেহত থকা এনে বৈশিষ্ট্যবোৰ হ’লঃ

(a) ইয়াৰ ডেউকাত পাখি নাথাকে ।

(b) ইয়াৰ ঠেঙত বাকলি নাথাকে ।

(c) ইয়াৰ হনু ঠোঁটলৈ ৰূপান্তৰিত হোৱা নাই ।

(d) ই কণী নাপাৰে ।

বাদুলীক স্তন্যপায়ী প্রাণীত অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ পাখি থকা সত্ত্বেও, ই স্তন্যপায়ী প্ৰাণীৰ আটাইবোৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰে। এইবোৰ হ’ল ঃ

(a) ইহঁতে সন্তান জন্ম দিয়ে।

(b) ইহঁতৰ দুগ্ধগ্রন্থি আছে।

(c) ইহঁতৰ দাঁত থাকে ।

 

6. দুটা পৰজীৱী চেপেটা কৃমিৰ নাম লিখা।

উঃ দুটা পৰজীৱী চেপেটা কৃমি হ’ল ফিটা কৃমি আৰু যকৃত কৃমি ।

7.অপৃষ্ঠদণ্ডী প্ৰাণীৰ স্নায়ুৰজ্জু দেহৰ কোন ফালে থাকে ?

উঃ অপৃষ্ঠদণ্ডী প্রাণীৰ স্নায়ুৰজ্জু দেহৰ পৃষ্ঠীয়ফালে থাকে।

8. এককোষী অমেৰুদণ্ডী প্ৰাণীৰ দুটা প্ৰজাতিৰ নাম লিখা।

উঃ  এককোষী অমেৰুদণ্ডী প্ৰাণীৰ দুটা প্ৰজাতি হৈছে পেৰামেচিয়াম আৰু এমিবা ।

9. এণ্টামিবাই মানুহৰ দেহত কি ৰোগ কৰে ?

উঃ এন্টামিবাই মানুহৰ দেহত এমিবিয়াছিছ বা গ্ৰহণী ৰোগ সৃষ্টি কৰে ।

10. মেলেৰীয়া ৰোগকাৰক বীজাণুটোৰ নাম কি ?

উঃ  মেলেৰীয়া ৰোগকাৰক বীজাণুটোৰ নাম প্লাজম ‘ডিয়াম ।

11. কোনবিধ অপৃষ্ঠদণ্ডী প্রাণীৰ দেহত নলতন্ত্র থাকে ?

উঃ ৰন্ধ্ৰীপ্ৰাণী পৰ্বৰ অপৃষ্ঠদণ্ডী প্রাণীৰ দেহত নলতন্ত্র থাকে।

12.বহুৰূপিতা মানে কি বুজা ?

উঃ  একে প্ৰজাতিৰ অন্তৰ্গত প্ৰাণী ভিন ভিন ৰূপত বিৰাজ কৰা পৰিঘটনাটোকে বহুৰূপিতা বোল হয় ৷

 

Leave a Reply