জীৱজগতৰ পঞ্চৰাজ্য পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল? এই পদ্ধতি অনুসৰি বিভিন্ন ৰাজ্যসমূহৰ বৰ্ণনা

আমেৰিকাৰ জীৱ বিজ্ঞানী আৰ এইচ হোৱাইটেকাৰে জীৱজগতৰ শ্ৰেণীবিভাজনৰ পাঁচ ৰাজ্যৰ ধাৰণা আগবঢ়াইছিল।

বিজ্ঞানভিত্তিক জ্ঞানৰ প্ৰসাৰতা বঢ়াৰ লগে লগে কেৰোলাছ লিনিয়াছে আগবঢ়োৱা দ্বিৰাজ্যৰ ধাৰণাত কিছুমান আসোঁৱাহ ধৰা পৰে। এই আসোঁৱাহসমূহ দূৰ কৰিবলৈ আৰ এইচ্ হোৱাইটেকাৰে পাঁচ ৰাজ্যৰ ধাৰণা আগবঢ়ায়। তেওঁৰ পাঁচ ৰাজ্যৰ ধাৰণা তলত উল্লেখ কৰা নীতিসমূহৰ ওপৰত প্রতিষ্ঠিতঃ

  1. কোষৰ গঠন : প্ৰকোষকেন্দ্ৰীয় (সুস্পষ্ট কোষকেন্দ্র বিহীন কোষ) সংকোষকেন্দ্রীয় (সুস্পষ্ট কোষকেন্দ্র যুক্ত কোষ)

2দেহৰ গঠন ঃ এককোষী নে বহুকোষী।

  1. পুষ্টি পদ্ধতি : স্বপুষ্ট নে পৰপুষ্ট।

 

তলত পাঁচ ৰাজ্যৰ ধাৰণাৰ প্ৰতিটো ৰাজ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা হ’লঃ

জীৱজগতৰ পঞ্চৰাজ্য

[I] মনেৰা ৰাজ্য (Kingdom Monera) : জীৱ বিজ্ঞানীসকলে পৃথিৱীত জীৱৰ বিৱৰ্তনৰ ইতিহাস অধ্যয়ন কৰি এই ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱসমূহকেই প্রথমে সৃষ্টি হোৱা জীৱ বুলি অনুমান কৰিছে। এইবিলাক হ’ল আটাইতকৈ ক্ষুদ্রতম আৰু সৰলতম আণুবীক্ষনীক জীৱ। বেছিভাগেই এককোষী আৰু ইহঁতৰ কোষত স্পষ্ট কোষকেন্দ্র নাথাকে অর্থাৎ ইহঁত প্রকোষকেন্দ্ৰীয়। যেনেঃ বেক্টেৰিয়া।

[[II] প্ৰটিষ্টা ৰাজ্য (Kingdom Protista) : প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক এককোষী আৰু সংকোষকেন্দ্ৰীয় । ইহঁত আণুবীক্ষনীক আৰু বেছিভাগেই বিভিন্ন প্ৰকাৰৰ জলজ জীৱ। কোষপ্রসত বিভিন্ন কোষ অংগাণু যেনে, মাইট’কণ্ড্ৰিয়া,গলগি বড়ি,অন্তপ্রৰসীয় জালিকা আদি থাকে। ইহঁতৰ কিছুমানে ফ্ৰেজেলা বা চিলিয়া বহন কৰে । কিছুমান প্রটিষ্টা স্বপুষ্ট (ইউগ্লেনা, ডায়েটম, ক্লেমাইড ম’নাছ আদি) আৰু আন কিছুমান পৰপুষ্ট (যেনে ঃ এমিবা, প্লাজম’ডিয়াম আদি)।

 

[III] উদ্ভিদ ৰাজ্য (Kingdom-Plantae) : সকলোবিলাক উদ্ভিদেই এই ৰাজ্যৰ অন্তৰ্ভুক্ত । এইবিলাক বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ হোৱাৰ উপৰিও ইহঁতৰ চেলুল’জৰ দ্বাৰা গঠিত কোষবেৰ থাকে। কোষত ক্ল’ৰ’প্লাষ্ট থকা বাবে ইহঁত স্বপুষ্ট আৰু নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে। যেনেঃ আম,   গোলাপ   আদি ৷

 

[IV] ভেঁকুৰ ৰাজ্য (Kingdom-Fungi) : এই ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবিলাক পৰপুষ্ট বাবে ইহঁতে অন্যান্য জীৱিত বা মৃত জীৱৰ পৰা শোষণ প্ৰক্ৰিয়াৰে পুষ্টি লাভ কৰে। কিছুমান ভেঁকুৰে মৃত জীৱদেহৰ পচন ঘটাই বাবে ইহঁতক বিয়োজক বুলিও কোৱা হয়। খুউব কম সংখ্যক জীৱ এককোষী যদিও প্রায়বিলাকেই বহুকোষী। কোষবেৰখন কাইটিন নামৰ পদাৰ্থৰ দ্বাৰা গঠিত। ইহঁত উপকাৰী বা অপকাৰী দুয়োটাই হোৱা দেখা যায়। যেনে ঃ মিউকৰ, এগাৰিকাছ আদি ।

 

[V] প্ৰাণী ৰাজ্য (Kingdom Animalia) : আদ্যপ্ৰাণীৰ বাহিৰে সকলোবিলাক বহুকোষী প্রাণী এই ৰাজ্যৰ অন্তৰ্ভুক্ত। ইহঁতৰ দেহৰ কোষ সংকোষকেন্দ্ৰীয় যদিও উদ্ভিদকোষৰ দৰে কোষবেৰ নাথাকে। কোষত ক্ল’ৰ’প্লাষ্ট নাথাকে বাবে ইহঁত পৰপুষ্ট। ইহঁতৰ দেহৰ গঠন অত্যন্ত জটিল, বিভিন্ন কোষ লগ হৈ ক্ৰমে বিভিন্ন কলা, কলাতন্ত্র, অংগ, অংগতন্ত্র গঠন কৰে। সাধাৰণতে ইহঁতে যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে। প্ৰায়বিলাক জীৱই বিশেষ অংগৰ দ্বাৰাই চলাচল কৰিব পাৰে। যেনেঃ ঘূৰণীয়া কৃমি, ভেকুলী,মাছ, সিংহ, মানুহ আদি ।

 

 

Leave a Reply