জলজ সম্পদ

বিভিন্ন প্ৰকাৰৰ জলজ সম্পদ সমূহ হল –

 

জলজ সম্পদ

পানীৰ উৎসৰ ওপৰত ভিত্তি কৰি জলজ সম্পদক তিনিটা ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা হ’ল

(i) বৰষুণৰ পানী  

(ii) পৃষ্ঠভাগৰ পানী   

(iii) ভূগর্ভস্থ পানী

 

(i) বৰষুণৰ পানী ঃ পৃথিৱীৰ পৃষ্ঠভাগত পোৱা আটাইতকৈ বিশুদ্ধ পানীৰ উৎসবোৰৰ ভিতৰত অন্যতম হৈছে বৰষুণৰ পানী কাৰণ ই মাটি বা শিলৰ সংস্পৰ্শলৈ বা পৃষ্ঠভাগৰ পানীৰ সংস্পৰ্শলৈ নাহে। অৱশ্যে কেতিয়াবা বৃহৎ উদ্যোগৰ পৰা নিৰ্গত পদাৰ্থৰ কণিকাৰ সৈতে মিহলি হৈ প্ৰদূষিত হৈ পৰে।

(ii) পৃষ্ঠভাগৰ পানী ঃ বৰফ, বৰষুণ আদিৰ পৰা বৈ অহা পানীৰ যি ভাগ মাটি বা শিলাস্তৰলৈ সোমাই নগৈ হ্ৰদ,পুখুৰী, নৈ, নিজৰা, আৰ্দ্ৰভূমি আদিত সঞ্চিত হৈ থাকে তাক পৃষ্ঠজল বোলে। বেছিভাগ উদ্যোগেই পৃষ্ঠজলৰ ওপৰত নিৰ্ভৰশীল। মহানগৰ আৰু নগৰবোৰত পানী যোগানৰ কাৰণে নৈৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু পৃষ্ঠজলৰ বেছিভাগেই প্ৰদূষিত হৈ থাকে কিয়নো নগৰ, মহানগৰ আৰু শিল্প উদ্যোগবোৰ নৈৰ পাৰত অৱস্থিত। নৰ্দমাৰ পূতিজল আৰু উদ্যোগবোৰৰ পৰা বৈ অহা পানীয়ে নদীৰ পানী দূষিত কৰি ৰাখে ।

(iii) ভূগর্ভস্থ পানী ঃ নিজৰা, অগভীৰ আৰু গভীৰ নাদৰ পানীয়েই হ’ল ভূগর্ভস্থ পানী। মাটিৰ মাজেদি পানী বৈ যাওঁতে মাটিত থকা খনিজ লৱণ পানীৰ লগত মিহলি হয়। ভূগর্ভস্থ পানীৰ উৎসবোৰ হ’ল ঃ

(a) কোনো অঞ্চলৰ ভৌগোলিক অৱস্থান আৰু ভূ-সংস্থাপনৰ ওপৰত নিজৰাৰ পানীৰ গুণাগুণ নিৰ্ভৰশীল।

(b) অগভীৰ নাদবোৰ পৃথিৱীৰ মাটিভাগৰ একেবাৰে ওপৰৰ স্তৰত খন্দা হয়। এইবোৰৰ পৰা উপলব্ধ পানীৰ পৰিমাণ সীমিত।

(c) গভীৰ নাদবোৰ ভালেমান তললৈকে খন্দা হয় আৰু এনে নাদৰ পানীত অন্যান্য ভূগর্ভস্থ পানীতকৈ অধিক পৰিমাণে খনিজপদাৰ্থ মিহলি হৈ থাকে।

Leave a Reply