জলচক্ৰ – The water cycle

The water cycle

পৰিৱেশৰ পানীভাগে অনবৰতে চক্ৰাকাৰ গতি সম্পন্ন কৰি থাকে। পানী সাগৰ পৃষ্ঠৰ পৰা বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ আহে আৰু বায়ুমণ্ডলৰ পৰা বৰষুণ হিচাপে মাটিত পৰে আৰু পুনৰ সাগৰলৈ ঘূৰি আহে । ইয়াকে জলচক্ৰ বোলা হয় আৰু ই এক উল্লেখনীয় ভূ-ৰাসায়নিক চক্ৰ। মানুহ আৰু অন্যান্য জীৱৰ ব্যৱহাৰৰ প্রয়োজনীয় পানীৰ অংশটো অবিৰতভাৱে এই চক্ৰটোৱে পূৰ্ণ কৰি ৰাখে ।

নদী, সাগৰ, মহাসাগৰ আদি বিভিন্ন উৎসৰ পৰা পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ আহে। বায়ুমণ্ডলত শীতল তৰপবোৰত এই জলীয়বাষ্প ঘনীভূত হৈ পানী বা বৰফ হয় আৰু পিছত বৰষুণ বা বৰফ হিচাপে পৃথিৱীপৃষ্ঠত পৰে। এই পানীৰ কিছু অংশ মাটিৰ তললৈ সোমাই যায় আৰু ভূগর্ভস্থ পৰিষ্কাৰ পানীৰ উৎস হয় । জলচক্ৰৰ বিভিন্ন প্ৰক্ৰিয়াবোৰত (বাষ্পীভৱন, ঘনীভৱন আদি) আৰু জুৰি, নিজৰা আদিয়েদি পানী প্রবাহিত হ’লেও কেতিয়াও পানীৰ হানি নহয়, কিন্তু এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হয়। আকৌ পানীৰ বাষ্পীভৱন ঘটে আৰু এনেদৰে চক্ৰটো চক্ৰাকাৰ গতিত চলি থাকে ।

1 thought on “জলচক্ৰ – The water cycle”

Leave a Reply