দৰিদ্ৰতামুক্ত গাঁও পঞ্চায়ত

দৰিদ্ৰতামুক্ত গাঁও পঞ্চায়ত

 

 

পঞ্চায়তসমূহে গ্রাম্য অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালসমূহৰ সৰ্বাঙ্গীন উন্নয়ন কৰাটো প্ৰধান কৰ্তব্য। এই ক্ষেত্ৰত পঞ্চায়ত সমূহৰ প্ৰধান পদক্ষেপ হ’ব পাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে উপলভ্য আঁচনিসমূহ যাতে ৰাইজৰ প্ৰত্যক্ষ অংশগ্ৰহণৰ দ্বাৰা ৰূপায়িত হয় তাৰ বাবে পঞ্চায়তে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পঞ্চায়তসমূহে গাঁওসমূহ দৰিদ্ৰতামুক্ত কৰাৰ ক্ষেত্ৰত দৰিদ্ৰতা দূৰীকৰণ আঁচনিসমূহৰ ৰূপায়ণৰ উপৰিও এখন পঞ্চায়তে নিজ এলেকাৰ দৰিদ্ৰতাৰ ওপৰত এক বিশ্লেষণাত্মক অধ্যয়ন কৰি দৰিদ্ৰতাৰ কাৰণসমূহ বাছি উলিয়াব লাগে আৰু দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে বিভিন্ন ব্যৱস্থাৰ বাবে সমন্বিত প্রচেষ্টা হাতত ল’ব লাগে ৷ পঞ্চায়ত এখন দৰিদ্ৰতামুক্ত কৰাৰ ক্ষেত্ৰত নিম্নলিখিত বিষয়সমূহৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰাটো আৰু কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰাটো অতি প্রয়োজনীয়।

বিষয় সমূহঃ

(১) বিভিন্ন কাৰণত আর্থসামাজিক ভাবে বঞ্চিত হৈ থকা দৰিদ্ৰ পৰিয়াল সমুহ চিনাক্তকৰণঃ

পঞ্চায়তসমূহে বিভিন্ন কাৰণত আৰ্থ-সামাজিক ভাৱে বঞ্চিত হৈ থকা দৰিদ্ৰ পৰিয়ালসমুহক উন্নয়নী ব্যৱস্থাত সাঙুৰি লোৱা। দূৰ-দূৰণিৰ ভিতৰুৱা গাঁওসমূহত বসবাস কৰা পৰিয়ালসমূহক উন্নয়নী ব্যৱস্থাই ঢুকি নাপায়গৈ । পঞ্চায়তসমূহে এনে পৰিয়ালসমূহ যাতে উন্নয়নী প্রক্রিয়াত বাদ নপৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ।

(২) চৰকাৰী আঁচনি সমুহে ঢুকি নোপোৱা দৰিদ্ৰ পৰিয়াল সমুহ চিনাক্তকৰণঃ

নানা সামাজিক কাৰণত কেতিয়াবা দৰিদ্ৰ পৰিয়ালসমুহে বিশেষকৈ দৰিদ্ৰ মহিলাসমুহে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিব নোৱাৰে। এনে ক্ষেত্ৰত পঞ্চায়তসমূহে এই পৰিয়ালসমূহক উন্নয়নী প্ৰক্ৰিয়াত সামৰি লবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

(৩) উন্নয়নী প্ৰক্ৰিয়াত বাদ পৰি যোৱা পৰিয়াল বা এলেকাসমূহ চিনাক্তকৰণঃ

কেতিয়াবা উন্নয়নী প্রক্ৰিয়াত কোনো পৰিয়াল বা এলেকা বাদ পৰি যাব পাৰে, পঞ্চায়ত সমুহে সেই বিশেষ পৰিয়াল বা এলেকা সমুহ চিনাক্ত কৰি তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷

(৪) পঞ্চায়তসমূহে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহে কি জীৱিকাৰ সহায়ত জীৱন-যাপন কৰিছে তাক নিৰীক্ষণ কৰি থকাটো উচিত। সময়ে সময়ে বিভিন্ন কাৰণত এই পৰিয়ালসমূহৰ জীৱিকাৰ উৎস সমূহত সমস্যাৰ সৃষ্টি হয়। পঞ্চায়তসমূহে এনে দুৰ্যোগৰ সময়ত তেনে পৰিয়ালসমূহ আৰু বিভিন্ন বিভাগত উপলব্ধ আঁচনি আৰু সা-সুবিধাসমূহৰ মাজত সংযোজন কৰি দিয়াটো অতি প্রয়োজনীয়।

(৫) কেৱল মহিলাৰ দ্বাৰা পৰিচালিত পৰিয়ালসমূহ চিনাক্তকৰণ।

(৬) প্রাকৃতিক দুৰ্যোগৰ দ্বাৰা বিধ্বস্ত অঞ্চল সমূহ চিনাক্তকৰণ ।

(৭) গ্ৰাম্য পৰিয়াল সমূহৰ জীৱিকাৰ পথ সমূহ চিনাক্তকৰণ।

(৮) গ্ৰাম্য পৰিয়ালসমূহৰ বিশেষকৈ মহিলা সকলৰ সমস্যাসমূহ চিনাক্তকৰণঃ

গ্রাম্য মহিলাৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে বিভিন্ন ধৰণৰ হ’ব পাৰে।

(ক) সামাজিক সমস্যা।

(খ) আর্থিক সমস্যা, বিশেষকৈ জীৱিকাৰ লগত জড়িত সমস্যা ।

(গ) কৌশলগত জ্ঞান আৰু উপাৰ্জনৰ পথৰ অভাৱত সৃষ্টি হোৱা সমস্যা।

(ঘ) শিক্ষা, স্বাস্থ্য আৰু সজাগতাৰ লগত জড়িত সমস্যা।

(ঙ) আইনগত সমস্যা।

(চ) ঘৰখনৰ ভিতৰত আৰু বাহিৰত নিজে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাৰ বাবে সৃষ্টি হোৱা সমস্যা।

(ছ) ঋণ বা উপলভ্য সা-সম্পত্তিৰ ওপৰত অধিকাৰ নথকাৰ বাবে সমস্যা।

জ) ঘৰৰ ভিতৰত বা বাহিৰত বিশেষকৈ খেতিপথাৰত অধিক কামৰ বোজাৰ লগত জড়িত সমস্যা।

(ঝ) ঘৰুৱা হিংসা।

 

কাৰ্য্য ব্যৱস্থাঃ

পঞ্চায়তসমূহে তেওঁলোকৰ অধীনৰ গাঁওসমূহক দৰিদ্ৰমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লওঁতে নিম্নলিখিত বিষয়সমূহ মন দিয়াটো অতি প্রয়োজনীয়-

(ক) আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা আৰু বিভিন্ন কাৰণত বঞ্চিত হৈ থকা পৰিয়ালসমূহক বাছি উলিয়াই উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লোৱাৰ ব্যৱস্থা কৰা ।

(খ) গ্ৰাম্য অতিশয় দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক চিনাক্ত কৰি উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লোৱা আৰু আত্মসহায়ক গোটত অন্তৰ্ভুক্তি কৰা ।

(গ) পিছপৰা আৰু ভিতৰুৱা অঞ্চলৰ বাদ পৰি যোৱা দৰিদ্ৰ পৰিয়ালক উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লোৱা ।

(ঘ) পিছপৰা গাঁওসমূহৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু কেৱল মহিলাৰ দ্বাৰা পৰিচালিত পৰিয়ালসমূহক পৃথকভাৱে চিনাক্ত কৰি তেওঁলোকৰ উন্নয়নৰ বাবে বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা আঁচনি আৰু সা-সুবিধাসমূহ  তেওঁলোকক উপলব্ধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা । পঞ্চায়তসমূহে এনে কৰিলে গ্ৰাম্য অঞ্চলৰ অতিকৈ পিছপৰা পৰিয়ালসমূহৰ উন্নয়ন ত্বৰান্বিত কৰাত সহায় হব আৰু এই পৰিয়ালসমূহৰ উন্নয়ন কি ধৰণেৰে আগবাঢ়িছে তাক নিৰীক্ষণ কৰাত সহায়ক হ’ব।

(ঙ) বান আৰু অন্যান্য দুৰ্যোগৰ দ্বাৰা বিধ্বস্ত অঞ্চলক উন্নয়নত অগ্ৰাধিকাৰ দিয়া ।

(চ) পঞ্চায়তসমূহে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহে কি জীৱিকাৰ সহায়ত জীৱন-যাপন কৰিছে তাক নিৰীক্ষণ কৰি থকাটো উচিত। সময়ে সময়ে বিভিন্ন কাৰণত এই পৰিয়ালসমূহৰ জীৱিকাৰ উৎসসমূহত সমস্যাৰ সৃষ্টি হয়। পঞ্চায়তসমূহে এন দুৰ্যোগৰ সময়ত তেনে পৰিয়ালসমূহ আৰু বিভিন্ন বিভাগত উপলব্ধ আঁচনি আৰু সা-সুবিধাসমূহৰ মাজত সংযোজন কৰি দিয়াটো অতি প্রয়োজনীয়।

(ছ) গাঁও পঞ্চায়তসমূহে বিশেষকৈ মহিলা প্রতিনিধিসকলে গ্রাম্য মহিলাসকলৰ বিভিন্ন আর্থ-সামাজিক সমস্যাসমূহ নিৰীক্ষণ কৰি থকাটো অতি প্রয়োজনীয় যাতে পঞ্চায়তসমূহে বিভিন্ন বিভাগ, অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ সহযোগিতাত মহিলাসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত কাম কৰিব পাৰে। গ্ৰাম্য মহিলাৰ এই সমস্যাসমূহ তলত দিয়া ধৰণেৰে বিভিন্ন ধৰণৰ হ’ব পাৰে ৷

(জ) গাঁও পঞ্চায়তসমূহত উপলভ্য বিভিন্ন ধৰণৰ সম্পদ যেনে- প্রাকৃতিক সম্পদ, আন্তঃগাঁথনি বা ভৌতিক সম্পদ, মানৱ সম্পদ, বিত্তীয় সম্পদ আদি গাঁৱৰ অতিশয় পিছপৰি থকা পৰিয়ালসমূহে উপভোগ কৰিব পাৰেছে নে নাই তাক নিশ্চিত কৰাটো অতি প্রয়োজনীয়।

(ঝ) গাঁৱৰ দুখীয়া পিছপৰা পৰিয়ালসমূহৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি নাই বা তেনেই তাকৰ। এই সম্পত্তিও বিভিন্ন দুর্যোগে তেওঁলোকৰ পৰা কাঢ়ি নিয়ে। গাঁও পঞ্চায়তসমূহে তেনে বঞ্চিত পৰিয়ালসমূহক চিনাক্ত কৰি তেওঁলোকৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ ওপৰত বিশেষভাৱে চকু ৰখাটো অতি প্রয়োজনীয় কর্তব্য।

(ঞ) পঞ্চায়তসমূহে গ্ৰাম্য দৰিদ্ৰ পৰিয়ালসমূহৰ সমস্যাসমূহ আৰু তাৰ সমাধানৰ পথসমূহ সঘনে যাতে নিৰীক্ষণ কৰি থাকিব পাৰে তাৰ বাবে এক পদ্ধতি উদ্ভাৱন কৰাটো অতি প্রয়োজনীয়। উন্নয়নী প্ৰক্ৰিয়াত বিভিন্ন কাৰণত বাদ পৰি যোৱা পৰিয়ালসমূহ বা এলেকাসমূহ উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লবলৈ পঞ্চায়তসমূহে নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব

ক) আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা আৰু বিভিন্ন কাৰণত বঞ্চিত হৈ থকা পৰিয়ালসমূহক বাছি উলিয়াই উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লোৱাৰ ব্যৱস্থা কৰা ৷

খ) গ্ৰাম্য অতিশয় দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক চিনাক্ত কৰি উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লোৱা আৰু আত্মসহায়ক গোটত অন্তৰ্ভুক্তি কৰা ৷

গ) পিছপৰা আৰু ভিতৰুৱা অঞ্চলৰ বাদ পৰি যোৱা দৰিদ্ৰ পৰিয়ালক উন্নয়নী প্ৰক্ৰিয়াত সাঙুৰি লোৱা ৷

ঘ) গ্ৰাম্য অঞ্চলৰ যিবিলাক এলেকা শিক্ষা, স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত অতিশয় পিছপৰা সেইবিলাক এলেকাত উন্নয়নী প্ৰক্ৰিয়াত প্ৰথমে সাঙুৰি লোৱা।

ঙ) বান আৰু অন্যান্য দুৰ্যোগৰ দ্বাৰা বিধ্বস্ত অঞ্চলক উন্নয়নত অগ্ৰাধিকাৰ দিয়া ।

চ) গ্রাম্য অঞ্চলৰ যিবিলাক এলেকা আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্ৰত অতিশয় পিছপৰা সেইবিলাক অঞ্চলক উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া ।

ছ) উন্নয়নী প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকা সামাজিকভাৱে অদৃশ্য আৰু আৰ্থ-সামাজিকভাৱে পিছপৰি থকা শ্ৰেণীসমূহক উন্নয়নত অগ্ৰাধিকাৰ দিয়া ।

 

 

Leave a Reply