এছিড বৰষুণৰ – Acid rain

এছিড বৰষুণ আৰু ইয়াৰ বিভিন্ন কাৰক আৰু প্ৰভাৱবোৰ ঃ

যেতিয়া বৰষুণৰ পানীত বেছি পৰিমাণে বিভিন্ন এছিড যেনে, নাইট্ৰিক এছিড আৰু ছালফিউৰিক এছিড থাকে তাক এছিড বৰষুণ বোলে। নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডবোৰ পানীত দ্ৰীভূত হৈ এই এছিডবোৰ উৎপন্ন কৰে ।

এছিড বৰষুণ

এছিড বৰষুণৰ প্ৰধান কাৰণবোৰ ঃ

(i) বিভিন্ন শিল্প উদ্যোগ, কয়লা ইন্ধন জ্বলোৱা শক্তি উদ্যোগ আৰু যান-বাহনৰ পৰা নিৰ্গত হোৱা বিভিন্ন আম্লিক গেছ যেনে : নাইট্ৰ’জেন অক্সাইড আৰু ছালফাৰ ডাই- অক্সাইড বায়ুমণ্ডলত যোগ হোৱাৰ ফলত এছিড বৰষুণ হয়।

(ii) আগ্নেয়গিৰিৰ উদ্‌গীৰণে বায়ুমণ্ডলত ডাৱৰ সৃষ্টি কৰে যিয়ে বৰষুণৰ পানীৰ লগ লাগি এছিড বৰষুণ হিচাপে মাটিত পৰে ।

এছিড বৰষুণে তলত দিয়া ধৰণে প্ৰাণী আৰু গছ-গছনিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় :

(i) জলজ জীৱবোৰ বৰ বেয়াকৈ ক্ষতিগ্রস্ত হয় ।

(ii) ই পাতবিলাক নষ্ট কৰে আৰু গছজোপাক দুৰ্বল কৰে।

(iii) ই অট্টালিকা, মাৰ্বলৰ গঠন, চূণশিল, শিলৰ ফলক পকীবেৰ আদিৰ ক্ষতিসাধন কৰে।

(iv) ই উদ্ভিদক কিছুমান প্ৰতিকূল পৰিৱেশ যেনে ঃ ঠাণ্ডা, উষ্ণতা,খৰাং আদিৰ প্ৰতি বেছি সংবেদনশীল কৰি তোলে ।

(v) ই মাটিৰ যথেষ্ট ক্ষতিসাধন কৰে।

(vi) ই হাবি আৰু উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে ।

(vii) এছিড বৰষুণৰ ফলত মাটিত থকা পোষক দ্ৰব্যবোৰো ওলাই যায়।

Leave a Reply