শৰাই
শৰাই অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ।দেৱতাক নৈবেদ্য দিয়া বা কোনো মহৎ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ। ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহেৰে শৰাই নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰি ৰূপ আৰু তামেৰেও শৰাই নিৰ্মাণ কৰা দেখা যায়।
বুৰঞ্জী সমূহত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই(টাই ভাষাত “ফুন” কোৱা হয়) শৰাই উপহাৰ দিছিল। চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে “মাইহাং” শৰাই পোৱা উল্লেখ আছে। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত সামাজিক কৰ্মাদি যেনে সকাম, উৎসৱ আদিত প্ৰসাদ সজাবৰ বাবে শৰাই ব্যৱহাৰ কৰা হয়।
পিতলেৰে নিৰ্মিত “শৰাই” হৈছে অসমৰ অন্য এটা সংস্কৃতিৰ পৰম্পৰাগত চিহ্ন স্বৰূপ। শৰাইক মান আৰু সন্মানৰ উচ্চ প্ৰতীক বুলি অসমীয়া মানুহে গণ্য কৰে। কাঁহ আৰু পিতলৰ শিল্পৰ বাবে সু প্ৰসিদ্ধ হাজো আৰু সৰ্থেবাৰীয়ে অতীজৰে পৰা সমাদৰ লাভ কৰি আহিছে।
শৰাইৰ ব্যৱহাৰ
অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়।
শৰাইৰ ব্যৱহাৰ তামোল পাণ যাঁচিবলৈ, নামঘৰত প্ৰসাদ দিবলৈ আৰু বহুতো কামত ব্যৱহাৰ কৰা হয়। উপহাৰ হিচাপে প্রদান কৰাৰ লগতে সম্বৰ্ধনা জনাবৰ বাবেও শৰাই ব্যৱহাৰ কৰা হয়।