সাগৰৰ মাছ || সাগৰত পোৱা কিছু বিষক্ত মাছ

মাছ

পৃথিৱী পৃষ্ঠৰ সাগৰ – মহাসাগৰ আৰু নদ-নদীত থকা প্ৰায়বোৰ প্ৰাণীয়ে মানুহৰ কোনো ক্ষতি সাধন নকৰে । কিন্তু তাৰ মাজতো মানুহৰ মাজত বিপদৰ সৃষ্টি কৰিব পৰা কিছুমান প্ৰাণী  আছে ।

কেনডিৰো মাছ

‌দক্ষিণ আমেৰিকাৰ নৈবোৰত থকা অতি ক্ষুদ্ৰ কেনডিৰু নামৰ মাছবিধ কেনেবাকৈ আপোনাৰ শৰীৰত সোমালে আপোনাক মৃত্যুৰ মুখত পেলাব পাৰে ।

 

কণচেল

‌ক’ণছেল নামৰ প্ৰাণীবিধৰ মুখত বিষাক্ত শুং থাকে , যিবোৰত খোজ খালে মানুহৰ শৰীৰ স্থবিৰ হৈ মৃত্যুৰ মুখত পৰিব পাৰে ।এই শামুক জাতীয় প্ৰাণী বিধ দক্ষিন প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত পৱা যায় ।

 

ইলেকট্ৰিক ইলছ

 

‌নিৰ্মল পানীত থকা ইলেকট্ৰিক ইলছ নামৰ প্ৰাণীবিধ 650 ভল্টৰ বিজুলি প্ৰৱাহ বোৱাই আৰু এই প্ৰৱাহ মানুহ এজন মাৰি পেলাবৰ বাবে যথেষ্ট ,  যদিও এনে ঘটনা সংঘটিত হোৱা দেখা নাযায়  । দক্ষিণ আমেৰিকাৰ ওচৰৰ নিৰ্মল পানীত এইবিধ প্ৰাণী পোৱা যায় ।
‌অষ্ট্ৰেলিয়াৰ সাগৰবোৰৰ  বিপদ জনক অঞ্চলবোৰত থকা অক্টোপাছৰ আক্ৰমণত মানুহৰ শৰীৰ অসাৰ হৈ মৃত্যুৰ মুখত পৰে ।
পাফাৰ ফিছ

‌জাপানত পোৱা পাফাৰ ফিছ যাক জাপানী ভাষাত  ‘মাকি মাকি’ বোলা হয়, এইবিধৰ গাত অতি শক্তিশালী বিহ থাকে যি মানুহৰ শৰীৰ স্নায়ুতন্ত্ৰবোৰ  বিষাক্ত কৰি মৃত্যুৰ মুখত পেলাব পাৰে ।

পিৰণহা মাছ

‌পিৰাণহা  নামৰ মাছবিধ অতি আক্ৰমনাত্মক । দক্ষিণ আমেৰিকাৰ নৈ বোৰত এইবিধ মাছ পোৱা যায় । এই মাছবিধ পানীত থকা বহুতো চিকাৰৰ হাড়লৈকে ফালি দিযে ।

স্তন ফিছ

‌ষ্টন ফিছ নামৰ এবিধ প্ৰাণী সাগৰৰ তলিত শিলৰ আকাৰত পৰি থাকে । এই প্ৰাণীবিধৰ শুংবোৰ মানুহক ফুটিলে মানুহৰ মৃত্যু হয় ।

 

1 thought on “সাগৰৰ মাছ || সাগৰত পোৱা কিছু বিষক্ত মাছ”

Leave a Reply