বৰপেটা জিলা -জিলাৰ উপায়ুক্ত || বৰপেটা জিলাৰ উল্লেখনীয় স্থানসমূহ

বৰপেটা জিলাৰ নামৰ উৎপত্তি
বৰপেটা জিলা অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে ।

বৰপেটা জিলা  নামৰ উৎপত্তি : 

পুৰণিকালত ঠাইখন বৰপিট অৰ্থাৎ পিটনিৰে ভৰা আছিল আৰু সেই বৰপিট নামৰ পৰাই বৰপেটা হোৱা বুলি মত প্ৰকাশ কৰে ৷

বৰপেটা জিলাৰ ইতিহাস :

অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল। ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহকুমা সৃষ্টি হৈছিল, জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পূৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে বৰপেটা আৰু বজালী।

বৰপেটা জিলাৰ চাৰিসীমা : 

বৰপেটা জিলাৰ  জনসংখ্যা: ১,৪৩৯,৮০৬ জন  ৷
বৰপেটা জিলাৰ উপায়ুক্ত :  আয়ুষ গাৰ্গ, আই এ এছ
                                                            উপায়ুক্ত

বৰপেটা জিলাৰ উল্লেখনীয় স্থানসমূহ : 

 
 
বৰপেটা সত্ৰ
বৰপেটা সত্ৰ
 
  • বৰপেটা সত্ৰ : মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই সত্ৰ বাৰ্ষিক দৌলোৎসৱ বা হোলীৰ বাবে জনাজাত।
  • হাউলী : হাউলী জিলাখনৰ এক অন্যতম ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ প্ৰতি বছৰে ৰাস মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।
  • বৰপেটা ৰোড : এই ঠাই জিলাখনৰ সৰ্ববৃহৎ বাণিজ্য কেন্দ্ৰ। বৰপেটা ৰোডক পশ্চিম অসমৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়।
  • সৰভোগ: ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এখন সৰু চহৰ। সৰভোগ উন্নত মানৰ দৈ-গাখীৰ, মাখন বা ক্ৰীম আদিৰ বাবে জনাজাত।
  • বহৰি: মূল চহৰৰ পৰা প্ৰায় ২০ কিঃমিঃ নিলগৰ এই ঠাইখন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা বহৰি সত্ৰৰ বাবে বিখ্যাত।
  • সৰ্থেবাৰী: অসমৰ কাঁহ-পিতলৰ শিল্পৰ মূল কেন্দ্ৰ।
  • বেলনা: বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলনা গাওঁ পৰিচ্ছন্ন আৰু সেউজ হিচাপে চিহ্নিত অসমৰ প্ৰথমখন গাওঁ।
এই জিলাৰ মাজেৰেই ৩১ নং আৰু ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷  ইয়াৰ নৈ-উপনৈসমূহ হল – ব্ৰহ্মপুত্ৰ , বেঁকী, মানাহ, পহুমৰা, নখন্দা, চাউলখোৱা আদি ৷
ভ্ৰাম্যমান থিয়েটাৰৰ বাবে জিলাখন অতি প্ৰসিদ্ধ ৷ প্ৰায় এহাজাৰ দৰ্শক বহি নাট উপভোগ কৰিবপৰা এটা বিশাল অস্থায়ী প্ৰেক্ষাগৃহৰ সৈতে এটা বা একাধিক মঞ্চৰ লগতে শতাধিক অভিনয় শিল্পী, নৃত্য শিল্পী, সংগীত শিল্পী আৰু বাদ্যযন্ত্ৰী, পোহৰ, শব্দ, ৰূপসজ্জা, পৰিবহন খাদ্য আৰু নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত লোকে বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি অহাৰ এনে এক সু-সংহত ব্যৱস্থা সম্ভৱতঃ বিশ্বতে বিৰল ৷
 বৰপেটা জিলাখনত প্ৰচুৰ পৰিমাণে শাক-পাচলি, ধান আৰু মৰাপাট উৎপাদন হয় ৷ তাৰোপৰি ইয়াৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – কাঁহৰ বাচন বৰ্তন, হাতীৰ দাঁতৰ সামগ্ৰী, সৰিয়হ তেল উদ্যোগ, চুপাৰী উদ্যোগ আদি ৷

Leave a Reply