বঙাইগাঁও জিলা || বঙাইগাঁও জিলাৰ  চাৰিসীমা

অসমৰ সমূহ জিলা
বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও। ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰী, বঙাইগাঁও আৰু বিজনী। বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে।

 বঙাইগাঁও জিলাৰ নামৰ উৎপত্তি :

বং নামৰ এজন স্বভাৱ কবিৰ বাসস্থান বঙেৰগাঁৱৰ নাম অনুসৰি ঠাইখনৰ নাম বঙাইগাঁও আৰু পিছলৈ জিলাখনৰ নাম হয় ৷

 বঙাইগাঁও জিলাৰ ভৌগোলিক অৱস্থিতি :

 
বঙাইগাঁও জিলাই ১,৭২৪ বৰ্গ কি.মি. (666 বৰ্গ মাইল) ঠাই আগুৰি আছে।

 বঙাইগাঁও জিলাৰ  চাৰিসীমা :

বঙাইগাঁও জিলাৰ মহকুমা :
বঙাইগাঁও জিলাৰ মহকুমা তিনিটাঃ
ইয়াৰ মহকুমা বঙাইগাঁও, উত্তৰ শালমাৰা আৰু মাণিকপুৰ ৷
বঙাইগাঁও জিলাৰ ৰাজহ চক্ৰৰ নাম  : বঙাইগাঁও, বইটামাৰী, মাণিকপুৰ, ডাংটল আৰু সৃজনগ্ৰাম
 
বঙাইগাঁও জিলাৰ ৰাজহ গাঁও  : ৫৬৩
 

 

বঙাইগাঁও জিলাৰ উন্নয়ন ব্লক  : ৫
ব্লকৰ নাম  ডাংতোল, বয়টামাৰী,তাপত্তৰী, সৃজনগ্ৰাম, মাণিকপুৰ

 

বঙাইগাঁও জিলাৰ গাঁও পঞ্চায়ত : ৬৫

 

 

 

এই জিলাৰ মাজেৰেই ৩১ নং আৰু ৩১খ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
ইয়াৰ নৈ-উপনৈসমূহ হল – চম্পাৱতী, ব্ৰহ্মপুত্ৰ, মানাহ, আই ৷ ‘নৰনাৰায়ণ সেতু’ নামৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং এই জিলাতে আছে ৷ এই জিলাতেই বঙাইগাঁও ৰিফাইনাৰী আৰু পেট্ৰ’কেমিকেলচ্‌ লিমিটেড আছে আৰু যোগীঘোপাত কাগজকল আছে ৷ তাৰোপৰি ইয়াৰ প্ৰধান শিল্প-উদ্যোগসমূহ হল – এলুমিনিয়ামৰ বাচন, তেল শোধনাগাৰ, লোৰ সামগ্ৰী নিৰ্মাণ, ৰেল মেৰামতি আদি ৷ ইয়াত থকা বনাঞ্চল চক্ৰশীলা অভয়াৰণ্য, তামৰঙা হ্ৰদ, অভয়াপুৰীৰ বজাৰ, কাৰেংঘৰ আদি পৰ্যটকসকলৰ অন্যতম আকৰ্ষণস্থলী ৷

 

2 thoughts on “বঙাইগাঁও জিলা || বঙাইগাঁও জিলাৰ  চাৰিসীমা”

  1. নতুন প্ৰয়াস দেখি ভাল লাগিল,আগবাঢ়ি যোৱা। নজনা কথা শিকিবলৈ পাইছো ধন্যবাদ।

    Reply
  2. নতুন প্ৰয়াস দেখি ভাল লাগিল,আগবাঢ়ি যোৱা। নজনা কথা শিকিবলৈ পাইছো ধন্যবাদ।

    Reply

Leave a Reply