ঝুমুৰ নৃত্য

 

ঝুমুৰ নৃত্য

 

ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্‌যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হ’লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে। অসমত ১০০ বছৰত কৈ বেছি সময় বসতি কৰাৰ পাছত চাহ জনগোষ্ঠী লোকসকলে এটা সংশ্লেষন কৰা নৃত্যৰ ধৰণ বিকাশ কৰিলে যাক “চাহ বাগিচাৰ ঝুমুৰ নৃত্য” বুলি কোৱা হয়। এই নৃত্য চাবলৈ বৰ মনোমোহা। চাহ বাগিচালৈ যোৱা পৰ্য্টকে এই নৃত্য সহজে চাব পাৰে। ডেকা-গাভৰু একেলগে বা কেতিয়াবা আকল ছোৱালীবোৰে এজনে আনজনৰ কঁকালত খামোচ মাৰি ধৰি নিখুঁত পৰিচালনাৰে ইয়াক পৰিচালনা কৰে।  সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল, মাদল, তাল, বাঁহী আদি বাদ্য বজায় আৰু ঝুমুৰ গীত গায়। ডেকাৰ এটি গীত শেষ হোৱাৰ লগে লগে নাচনীয়ে গীতৰ শেষৰ দুফাঁকি পুনৰাবৃত্তি কৰি নাচিবলৈ লয়। কৰম পূজাৰ (কৰম পৰৱ) দিনা সন্ধিয়াৰে পৰা ঝুমুৰ নৃত্য আৰম্ভ হয় আৰু বিভিন্ন সুৰ, তাল, লয়েৰে ওৰে নিশা চলি থাকে।

 এই নৃত্য চাবলৈ বৰ মনোমোহা। চাহ বাগিচালৈ যোৱা পৰ্য্টকে এই নৃত্য সহজে চাব পাৰে।

 

ঝুমুৰ  নৃত্য নামৰ উৎপত্তি

“ঝুমুৰ” শব্দটো চাওঁতালী মুণ্ডাৰি ভাষাৰ “ঝুম” অৰ্থাৎ মানুহৰ জুম বা ভীৰ আৰু “অইৰ” মানে ঘেৰি ধৰা – ঝুম + অইৰ = ঝুমইৰ শব্দৰপৰা অহা বুলি কোৱা হয়। স্থানবিশেষে ইয়াক “ঝুমুই” বুলিও পোৱা যায় ।

1 thought on “ঝুমুৰ নৃত্য”

  1. Itís difficult to find experienced people for this topic, but you seem like you know what youíre talking about! Thanks

    Reply

Leave a Reply