গোৱালপাৰা জিলা – ইতিহাস – গোৱালপাৰা জিলাৰ উপায়ুক্ত

গোৱালপাৰা জিলাৰ ইতিহাস
গোৱালপাৰা জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা- গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলা গঠন হোৱাত উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু লক্ষীপুৰ।

গোৱালপাৰা জিলাৰ নামৰ উৎপত্তি : 

 প্রাচী কামৰূপৰ ৰজা ব্ৰহ্মপালৰ ৰাজত্বকালৰপৰাই পাল বংশৰ পাতনি হয় ৷ অৱশ্যে ব্ৰহ্মপালৰ আগতেও বহুতো বংশৰ বহুতো ৰজাই এই অঞ্চলবোৰত বা কামৰূপত ৰাজত্ব কৰিছিল ৷ ব্ৰহ্মপালৰ পিছত ক্ৰমে – ৰত্নপাল, ইন্দ্ৰপাল, হৰ্ষপাল আৰু ধৰ্মপাল কামৰূপৰ ৰজা হয় ৷ ৰত্নপালৰ সময়ত ৰাজ্যখনৰ পশ্চিম অংশত ‘গোৱালিটিপ্লিকা’ বিষয়ত মহামাণ্ডলিক আছিল আৰু ঈশ্বৰঘোষ আৰু ঈশ্বৰঘোষৰ তাম্ৰলিপিত ‘গোৱালিটিপ্লিকা’ বিষয়ৰ উল্লেখ আছে ৷ ধৰ্মপাল ৰজা হৈ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰপৰা কামৰূপ নগৰলৈ(হয়তো বৰ্তমানৰ উত্তৰ গুৱাহাটী) তুলি নিয়ে ৷ ধৰ্মপালে কামৰূপ নগৰ ৰাজধানীৰপৰা শাসন কৰিছিল আৰু তেতিয়াৰপৰাই সেই ঈশ্বৰঘোষৰ তাম্ৰলিপিত থকা ‘গোৱালিটিপ্লিকা’ গৈ ‘গোৱালপাৰা’ হয় আৰু পিছলৈ জিলাখনৰ নাম গোৱালপাৰা হয় ৷


 

 

 

গোৱালপাৰা জিলাৰ ইতিহাস : 

 
চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাৰ আঁত ধৰি চাৰ এডোৱাৰ্ড গেইটে মন্তব্য কৰিছে যে কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী গোৱালপাৰা জিলাত নতুবা কোচবিহাৰত আছিল। ১৭৭৫ চনত গোৱালপাৰা জিলা ব্ৰিটিছসকলৰ অধীনলৈ আহে। ব্ৰিটিছসকলৰ হাতলৈ অহাৰ আগলৈকে গোৱালপাৰা কোচ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি যোগে ব্ৰিটিছে অসম দখল কৰে। ১৮২৬ চনত গোৱালপাৰা জিলাক ব্ৰিটিছ অসমৰ সৈতে সংযুক্ত কৰা হয় আৰু জিলাখনৰ সদৰ কাৰ্যালয় ধুবুৰীত স্থাপন কৰা হয়।
১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনৰ ৩টা মহকুমা- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰক জিলা পৰ্যায়লৈ উন্নিত কৰা হয়। নতুনকৈ গঠিত গোৱালপাৰা জিলাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। জিলাখনক ২টা মহকুমাত বিভক্ত কৰা হয়- গোৱালপাৰা মহকুমা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ বিভাজন ঘটাই বঙাইগাঁও জিলা গঠন কৰা হয়। ফলস্বৰূপে উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু দুধনৈ।

 

 

গোৱালপাৰা জিলাৰ  চাৰিসীমা : 

 

জিলা সদৰ : গোৱালপাৰা টাউন।

 

গোৱালপাৰা জিলাৰ : 

 

  • আয়তনঃ ১৮২৪ বৰ্গ কিলোমিটাৰ।
  • বনাঞ্চল – ৩৬,৯১৫২৭ হেক্টৰ।
  • খেতি কৰা ক্ষেত্ৰ – ১০,২০০ হেক্টৰ।
গোৱালপাৰা জিলাৰ :  
জনসংখ্যাঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি।
  • পুৰুষ: ৫,১৪,১৬২
  • মহিলা: ৪,৯৪,৭৯৭ জন
  • মুঠ: ১০,০৮,৯৫৯ জন
গোৱালপাৰা জিলাৰ ৰাজহ চক্ৰ  : 
  • লক্ষীপুৰ।
  • বালিজানা ।
  • মাটিয়া ।
  • দুধনৈ ।
  • ৰংজুলি।
গোৱালপাৰা জিলাৰ উন্নয়ন ব্লক : 
  1. ৰংজুলি ।
  2. কুছধোৱা ।
  3. মাটিয়া ।
  4. কৃষ্ণাই ।
  5. বালিজানা ।
  6. খাৰমুজা ।
  7. লক্ষীপুৰ।
  8. জলেশ্বৰ।

 

গোৱালপাৰা জিলাৰ  ৰাজহ গাঁও : মুঠ ৮৫৯ খন  ।

 

গোৱালপাৰা জিলাৰ   গাওঁ পঞ্চায়ত : ৮১ খন ।

 

 

 

গোৱালপাৰা জিলাৰ  আৰক্ষী থানা : (১১ খন)
  1. গোৱালপাৰা।
  2. মাটিয়া।
  3. লক্ষীপুৰ।
  4. দুধনৈ।
  5. ধূপধোৰা।
  6. ৰংজুলি।
  7. মৰনৈ ।
  8. কৃষ্ণাই ।
  9. আগিয়া ।
  10. চুনাৰী ।
  11. বগুৱান।

 

 

গোৱালপাৰা জিলাৰ বিধানসভা সমষ্টি : (৪ খন)   
  • ৩৬ নং দুধনৈ   বিধানসভা সমষ্টি  ।
  • ৩৭  নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টি  ।
  • ৩৮ নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি  ।
  • ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি  ।

 

গোৱালপাৰা জিলাৰ উপায়ুক্ত : শ্ৰী খনিন্দ্ৰ চৌধুৰী, আই এ এছ
 
 
এই জিলাৰ মাজেৰেই ৩৭ নং আৰু ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷ এই জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং গোৱালপাৰা-বঙাইগাঁও সংযোগী নৰনাৰায়ণ সেতু আছে ৷ ইয়াৰ নৈ-উপনৈসমূহ হল – ব্ৰহ্মপুত্ৰ, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম, জিনাৰি আৰু দেওশিলা ৷ গোৱালপাৰাৰ মৰনৈত অসমৰ একমাত্ৰ সৈনিক স্কুল অৱস্থিত আৰু পৰ্যটকৰ আকৰ্ষণস্থলী শ্ৰী সূৰ্য পাহাৰ এই জিলাতেই আছে ৷ ইয়াৰ প্ৰধান শিল্প-উদ্যোগসমূহ হল – বাঁহ-বেঁতৰ সামগ্ৰী, কাঠৰ সামগ্ৰী নিৰ্মাণ আৰু মৃৎ শিল্প আদি ৷

Leave a Reply