অৰুন্ধতী স্বৰ্ণ আঁচনি – আবেদন প্ৰ-পত্ৰ | Arundhati Gold Scheme Application Form 2023

 

অৰুন্ধতী স্বৰ্ণ আঁচনি

 
অৰুন্ধতী স্বৰ্ণ আঁচনি , অসম চৰকাৰ , আঁচনি

 

অৰুন্ধতী স্বৰ্ণ আঁচনি  মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়ায়। ২০২০ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মোহন উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আঁচনিখনৰ শুভাৰম্ভ কৰিছিল। অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰে।

 অৰুন্ধতী স্বৰ্ণ আঁচনিৰ উদ্দেশ্য :

অসমত যৌতুক প্ৰথাৰ প্ৰচলন নাই তথাপিও কন্যা সন্তানৰ বিৱাহৰ সময়ত অভিভাৱক সকলে নিজ কন্যাক কিছু ব্যৱহাৰোপযোগী সামগ্ৰী দিবলৈ হেঁপাহ পুহি ৰাখে। অভিভাৱক সকলে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে নিজ সন্তানক মৰম, ভালপোৱা, আশীৰ্বাদৰ উপৰিও সামান্য পৰিমাণে হ’লেও উপহাৰ দিব বিচাৰে। কিন্তু আৰ্থিক দৈন্যৰ বাবে ইচ্ছা কৰিও কোনো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰে।সোণ বা সোণৰ গহণাক যিহেতু মাংগলিক বা মূল্যবান ধাতু হিচাপে গণ্য কৰা হয়, সেইবাবে অভিভাৱকে নিজ কন্যাৰ সামাজিক আৰু আৰ্থিক স্থিতি বঢ়াবলৈ সোণৰ অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰে। এই উদ্দেশ্য আগত ৰাখি আৰ্থিক দৈন্যৰ বাবে যিসকল অভিভাৱকে নিজ কন্যা সন্তানক সোণৰ গহণা উপহাৰ হিচাপে দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হোৱা অভিভাৱকসকলক সামান্য পৰিমাণে সকাহ আগবঢ়োৱাই হ’ল এই আঁচনিখনৰ মূল লক্ষ্য  কৰি অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত “অৰুন্ধতী সোঁণ আঁচনি ” নামৰ নতুন আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত বিত্তীয় বৰ্ষৰ বাজেট অধিবেশনতো এই সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে ৪০ নম্বৰ দফাত উল্লেখ কৰে।বর্তমান বজাৰ মূল্যৰ ৩৮ হাজাৰ টকাৰ এতোলাকৈ সোণ বিবাহৰ সময়ত দিবলৈ গ্রহণ কৰা ‘অৰুন্ধতী’ নামৰ এই অভিলাষী আঁচনিখন ব্রহ্মর্ষি বশিষ্ঠৰ পত্নী অৰুন্ধতীৰ পতিব্রতা গুণৰ প্রতি লক্ষ্য কৰি নামাকৰণ কৰা হৈছে’৷ যিসকল লোক আৰ্থিক ভাবে দুৰ্বল অথচ আন সকলো পিতৃ-মাতৃৰ দৰে তেওঁলোকেও নিজ সন্তানক সোঁণৰ গহণা উপহাৰ হিচাপে দিব খোজে কিন্তু আৰ্থিক দৈন্যতাৰ বাবে দিব নোৱাৰা পৰিলক্ষিত হয়, সেই সকল অভিভাৱকক সুবিধা প্ৰদান কৰাই হ’ল এই আঁচনিৰ প্ৰধান উদ্দেশ্য। এই আঁচনিৰ মূল লক্ষ্য বিবাহখন পঞ্জীয়ন কৰা। আঁচনিৰ লাভ পাবলৈ বিয়া পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ছোৱালীৰ ১৮ বছৰ বয়স আৰু ল’ৰাৰ ২১ বছৰ হ’ব লাগিব লগতে ’Special Marriage Act 1954 ত পঞ্জীয়ন কৰাটো প্ৰয়োজনীয়। চক্ৰ বিষয়া কাৰ্যালয়তো বিয়া পঞ্জীয়ন কৰিব পাৰিব। ২০১৯ ডিচেম্বৰত সামাজিকভাৱে বিয়া পতা লোকে ১ জানুৱাৰী ২০২০ত পঞ্জীয়ন কৰিলে এই আঁচনিৰ সুবিধা পাব।আনহাতে আঁচনিৰ সুবিধা পাবৰ বাবে দৰা কইনা মেট্ৰিক পাছ হ’ব লাগিব। অৱশ্যে চাহ বাগিচা আৰু আদিবাসী লোক এই আঁচনিৰ বাবে মেট্ৰিক পাছ হোৱাটো বাধ্যতামূলক নহয় । সোণৰ দাম বাঢ়িলেও অৰুন্ধতী আঁচনিৰ টকা বৃদ্ধি নহয় বুলি বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে। এই আঁচনিখনৰ বাবদ বছৰি ৮০০ কোটি টকা নিৰ্ধাৰিত কৰা হৈছে। আঁচনিৰ পৰা লাভ কৰা ধনৰাশি ছোৱালীজনীৰ একাউণ্টত জমা হ’ব। ছোৱালীজনীয়ে সোণ ক্ৰয় কৰি পঞ্জীয়কৰ ওচৰত ৰচিদ জমা দিব লাগিব। ছোৱালীৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা  বিভাগ হ’ব অৰুন্ধতী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মুখ্য বিভাগ ।

 

অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবে যোগ্যতা :

অৰুন্ধতী আঁচনিৰ জৰিয়তে লাভৱান হ’বলৈ হলে যোগ্যতাৰ মাপকাঠী ধাৰ্য কৰা হৈছে। সেইকেইটা হৈছে:

  •  বিবাহ পঞ্জীয়নৰ সময়ত দৰা-কইনাৰ নূন্যতম বয়স ক্ৰমে ২১ আৰু ১৮ বছৰ হ’ব লাগিব।
  •  আবেদনকাৰীৰ বিবাহ, বিশেষ বিবাহ আইন (Special Marriage Act) ১৯৫৪ ৰ অধীনত পঞ্জীয়নভূক্ত হ’ব লাগিব।
  •  আবেদনকাৰীগৰাকী ২০১৯ চনৰ ১ ডিচেম্বৰত বা তাৰ পিছত বিবাহ সম্পন্ন কৰা হ’ব লাগিব।
  •  আবেদনকাৰীগৰাকীয়ে ২০২০ চনৰ ১ জানুৱাৰীত বা তাৰ পিছত বিবাহৰ বাবে পঞ্জীয়ন কৰিব লাগিব।
  • আবেদনকাৰী কন্যাগৰাকীয়ে বিবাহ পঞ্জীয়নৰ বাবে কৰা আবেদনৰ দিনাখন অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত পাবলগীয়া লাভালাভৰ বাবে আবেদন কৰিব লাগিব।
  • আবেদনকাৰী কন্যাগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ কম হ’ব লাগিব।
  •  এই লাভালাভৰ সুবিধা আবেদনকাৰী কন্যাগৰাকীৰ প্ৰথম বিবাহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
  • ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহ আৰু চাহ জনজাতি লোকসকলৰ বাহিৰে, অন্যান্য সকলো সম্প্ৰদায়ৰ দৰা-কইনাৰ নূন্যতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
  •  পৰৱৰ্ত্তী পাঁচ বছৰৰ বাবে আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কোনো নূন্যতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ বেছিভাগ চাহ বাগিচাতে হাইস্কুলৰ সুবিধা নাই।

 অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবে  প্ৰয়োজনীয় নথি-পত্ৰ :

আবেদনকাৰী কন্যাগৰাকীৰ যোগ্যতাৰ মাপকাঠী নিৰ্ণয় কৰিবলৈ প্ৰয়োজন হোৱা নথি-পত্ৰঃ

 

১) বয়সৰ প্ৰমাণৰ বাবে নথি পত্ৰ :

  • চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ক বাদ দি বয়সৰ প্ৰমাণ স্বৰূপে HSLC বা CBSC বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, যাৰ দ্বাৰা কইনাৰ বয়স আইনৰ দৃষ্টিত কইনাৰ বয়স ১৮ বছৰ আৰু দৰাৰ বয়স ২১ বছৰ বুলি প্ৰমাণ হ’ব।
  • আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ ক্ষেত্ৰত বিশেষ বিবাহ আইন (Special Marriage Act) ১৯৫৪ ৰ অধীনত কইনা আৰু দৰাৰ বয়স ক্ৰমে, ১৮ আৰু ২১ বছৰ বুলি প্ৰতিপন্ন কৰিবলৈ বিবাহ পঞ্জীয়নৰ সময়ত বয়সৰ প্ৰমাণ হিচাপে জাননীকৃত কৰ্তৃপক্ষই প্ৰদান কৰা দৰা আৰু কইনা দুয়োৰে জন্মৰ প্ৰমাণ পত্ৰ বা কোনো শিত্ৰাগত প্ৰমাণ পত্ৰ নাইবা উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰা প্ৰমাণ পত্ৰ জমা দিব লাগিব।

২) বিশেষ বিবাহ (অসম) আইন, ১৯৫৪ ৰ চতুৰ্থ অনুসূচীত সন্নবিষ্ট প্ৰ-পত্ৰত, বিবাহ বিষয়াৰ দ্বাৰা জাৰী   কৰা বিবাহৰ প্ৰমাণ পত্ৰৰ প্ৰত্যয়িত প্ৰতিলিপি।

৩) কন্যাগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃৰ সৈতে স্থায়ীভাবে বসবাস কৰা এলেকাৰ চক্ৰ বিষয়া গৰাকীয়ে কন্যাৰ পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ সংস্কৰণ কৰে।

৪) হিতাধিকাৰীগৰাকীৰ বেংক একাউন্টৰ বিৱৰণ/বেংক পাচবুকৰ প্ৰতিলিপি।

৫) আবেদনকাৰী কন্যাগৰাকীৰ এইখনেই প্ৰথম বিয়া বুলি তেওঁৰ পিতৃ-মাতৃৰ সৈতে স্থায়ীভাবে বসবাস কৰা ঠাইখনৰ গাওঁবুঢ়া/মৌজাদাৰে প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব।

 

 অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবে  আবেদন প্ৰক্ৰিয়া :

১) আবেদনকাৰীয়ে, বিশেষ বিবাহ আইন (Special Marriage Act) ১৯৫৪ ৰ অধীনত, বিবাহৰ পঞ্জীয়নৰ বাবে আবেদন কৰাৰ দিনাই অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবেও আবেদন কৰিব লাগিব।

২) বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা, বিবাহ পঞ্জীয়ন সম্পৰ্কীয় বিষয়াৰ কাৰ্যালয়ত বিবাহৰ আবেদনৰ সৈতে শাৰীৰিক আবেদনৰ প্ৰপত্ৰ পূৰণ কৰি আবেদনকাৰীৰ দ্বাৰা জমা দিব লাগিব।

৩) আবেদনকাৰীয়ে, অৰুন্ধতী স্বৰ্ণ আঁচনিৰ অধীনত লাভালাভৰ বাবে দাবী জনাবলৈ এখন অনলাইন প্ৰপত্ৰও জমা দিব লাগিব। অনলাইন আবেদন প্ৰপত্ৰখন revenueassam.nic.in ত উপলব্ধ।

৪) প্ৰপত্ৰখন পূৰণ কৰা হোৱাৰ পিছত, আবেদনকাৰীয়ে প্ৰপত্ৰৰ শেষত থকা চাবমিট বাটনত ক্লিক কৰি প্ৰপত্ৰখন জমা দিয়াৰ লগতে আবেদন পত্ৰখনৰ এখন প্ৰিন্ট আউট উলিয়াই ৰখাটো প্ৰয়োজনীয়।

৫) প্ৰপত্ৰখন জমা দিয়াৰ আগতে আবেদনকাৰীয়ে প্ৰপত্ৰখনৰ এখন প্ৰিন্ট আউট উলিয়াব লাগিব আৰু তাত উল্লেখিত ঘোষণা পত্ৰত স্বাক্ষৰ কৰাৰ লগতে সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত ওপৰোক্ত “ডি” নম্বৰ দফাত সূচীবদ্ধ সকলো নথিৰ এখন প্ৰতিলিপিৰ সৈতে সোঁ-শৰীৰে গৈ জমা দিব লাগিব। অৰুন্ধতী স্বৰ্ণ আঁচনি আৰু ইয়াৰ সৈতে সংলগ্ন বিষয়সমূহৰ অধীনত আবেদন পত্ৰ জমা দিব পৰা উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ তালিকা সন্দৰ্ভত, নিৰ্দেশনাৱলীৰ “পি” নম্বৰ দফাত উল্লেখ কৰা হৈছে।

৬) আবেদনকাৰীয়ে, আবেদন পত্ৰ জমা দিয়া সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ আৰু আৱশ্যকীয় নথি জমা দিয়াৰ পিছত এখন ৰচিদ লাভ কৰিব।

৭) আবেদন পত্ৰ গ্ৰহণ বা বৰ্জনৰ তথ্য সম্পৰ্কে আবেদনকাৰীক এছ.এম.এছ বা মেইল যোগে (অনলাইন আবেদন পত্ৰত প্ৰদান কৰা মোবাইল নম্বৰ বা মেইলৰ আধাৰত)সূচিত কৰিব ।

৮) যদি আবেদন পত্ৰ খন সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ দ্বাৰা স্বীকাৰ কৰা হয়, তেন্তে আঁচনিখনৰ অধীনত লাভ কৰিবলগীয়া ধনৰাঁশি আবেদনকাৰীৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে, পঞ্জীয়ক মহানিৰীক্ষকৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। এই ক্ষেত্ৰত, অনলাইন প্ৰপত্ৰত উল্লেখিত বিবৰণ অনুসৰি বেংক একাউন্ট সংখ্যাৰ সৈতে প্ৰদান কৰা আই.এফ.এছ.চি কোডৰ সামঞ্জস্য থকাটো বাঞ্চণীয়।

Leave a Reply