অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য কেইখন আৰু কি কি

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য নাম আৰু তাত থকা উল্লেখযোগ্য প্ৰাণী  আৰু পক্ষীৰ সমূহ হল ঃ

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে ৭ খন

ৰাষ্ট্ৰীয় উদ্যান উল্লেখযোগ্য প্ৰাণী  আৰু পক্ষী
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান এটা খড়্গযুক্ত গঁড় , নাহৰফুটুকী বাঘ , হাতী বিভিন্ন প্ৰজাতিৰ পহু , হৰিণা , হলৌ বান্দৰ , ভালুক , বনৰীয়া মহ , নানা প্ৰজাতিৰ চৰাই আদি ।
মানস ৰাষ্ট্ৰীয় উদ্যান ঢেকীয়াপতীয়া বাঘ , সোণালী বান্দৰ  , নল গাহৰি , খাগৰিকটা  পহু , বনৰীয়া কুকুৰ ময়ূৰ আদি ।
নামেৰি ৰাষ্ট্ৰীয় উদ্যান ঢেকীয়াপতীয়া বাঘ ,  হাতী , টিপিমূৰীয়া বান্দৰ ,  দেওহাঁহ , ধনেশ পক্ষী আদি ।
ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা , দেওহাঁহ , বনৰীয়া ম’হ আদি ।
ওৰাং ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহ , বনৰীয়া হাঁহ , গঁড় , বাঘ , ময়ূৰ আদি ।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। হাতী, বান্দৰ, বাঘ, বনৰীয়া ম’হ, ভালুক, পহু, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু বহুতো জীৱ-জন্তু, চৰাই আদি পোৱা যায়।
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। বাঘ, ফুটুকী হৰিণ, হাতী, ম’হ, ১৭০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই, ১৫০ টা বিভিন্ন প্ৰজাতিৰ পখিলা, হৰ্নবিল, ভিন ভিন প্ৰজাতিৰ অৰ্কিডৰ লগতে ৩৮০ বিধ নানা প্ৰজাতিৰ গছ-গছনি পোৱা যায়।

 

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ কত অৱস্থিত আৰু কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ঃ

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান:-

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও জিলা আৰু গোলাঘাট জিলাত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৮৫ চনত ইউনেস্কয়ে (UNSCO) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক “বিশ্ব ঐতিহ্য অঞ্চল” হিচাপে ঘোষণা কৰে।

মানস ৰাষ্ট্ৰীয় উদ্যান:-

মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। ১৯৭৩ চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে আৰু ১৯৮৫ চনত ইউনেস্কয়ে (UNSCO) বিশ্ব ঐতিহ্য অঞ্চল (World Heritage Site) হিচাপে স্বীকৃতি প্ৰদান কৰে। ১৯৯০ চনত মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যক মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে।

নামেৰি ৰাষ্ট্ৰীয় উদ্যান:-

নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ১৯৮৫ চনত নামেৰি অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় আৰু ১৯৯৮ চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান:-

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। ১৯৯৯ চনত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক – ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান:-

ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলা আৰু দৰং জিলাত অৱস্থিত। ১৯৯৯ চনত ওৰাং অভয়াৰণ্যক – ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান:-

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ২০০৪ চনত দিহিং পাটকাইক দিহিং পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু ২০২০ চনৰ ১৩ ডিচেম্বৰত দিহিং পাটকাই অভয়াৰণ্য ৰাজ্যপালৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল, আৰু ২০২১ চনৰ ৯ জুন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান:-

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ২০২১ চনৰ ৫ জুন তাৰিখে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰ জিলাৰ গোঁসাইগাওঁৰ সংৰক্ষিত বনাঞ্চলখনে স্বীকৃতি লাভ কৰে।

 

 

অসমৰ অভয়াৰণ্য সমূহ হল ঃ

 অভয়াৰণ্য  উল্লেখযোগ্য প্ৰাণী  আৰু পক্ষী
সোণাই ৰূপাই অভয়াৰণ্য হাতী , হৰিনা , বনৰীয়া ম’হ , সোণালী বান্দৰ , কলা ভালুক , বনৰীয়া গাহৰি , নাহৰফুটুকী বাঘ , দেওহাঁহ আদি।
পবিতৰা অভয়াৰণ্য এটা খড়্গযুক্ত গঁড় , বনৰীয়া মেকুৰী , নাহৰফুটুকী বাঘ , সুগৰি পহু আদি ।
গৰমপানী অভয়াৰণ্য হাতী , নাহৰফুটুকী বাঘ , হ’লক গিবন   আদি ।
লাওখোৱা অভয়াৰণ্য এটা খড়্গযুক্ত গঁড়  , বনৰীয়া ম’হ , হাতী বাঘ , বনৰীয়া হাঁহ , ময়ূৰ আদি ।
চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে প্ৰসিদ্ধ চক্রশিলা বন্যপ্ৰানী অভয়াৰণ্যখন বিভিন্ন প্ৰকাৰৰ স্তন্যপায়ীৰ জীৱ, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, ২৫০ৰ অধিক প্ৰজাতিৰ পক্ষীৰ আৰু ৪০ প্ৰকাৰৰ পখিলা পোৱা যায়।

 

অসমৰ অভয়াৰণ্য সমূহ কত অৱস্থিত আৰু কিমান চনত অভয়াৰণ্য হিচাপে  স্বীকৃতি প্ৰদান কৰা হৈছিল ঃ

পবিতৰা অভয়াৰণ্য :

পবিতৰা অভয়াৰণ্য অসমৰ মৰিগাঁও জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৩৮.৮০ বৰ্গকিলমিটাৰ ৷ ১৯৭১ চনৰ ১৮ নবেম্বৰত অসম চৰকাৰে পবিতৰা সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। ১৯৮৭ চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰে ৷

গৰমপানী অভয়াৰণ্য :

গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৬.৫ বৰ্গকিলমিটাৰ । ১৯৫২ চনৰ ১০ জুলাইত অসম চৰকাৰে গৰমপানী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। ইযাত প্ৰাকৃতিকভাৱে গৰমপানীৰ উঁহ পোৱা যায় ৷

সোণাই-ৰূপাই অভয়াৰণ্য 

সোণাই-ৰূপাই অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ২২০ বৰ্গ কিলোমিটাৰ ৷ ১৯৯৮ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়।

লাওখোৱা অভয়াৰণ্য 

লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৭০.১৩ বৰ্গ কিলোমিটাৰ । এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান কৰা হয়।

চক্ৰশিলা অভয়াৰণ্য :

চক্ৰশিলা অভয়াৰণ্য অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৪৫.৫০ বৰ্গকিলমিটাৰ ৷ ১৯৬৬ চনত চক্ৰশিলাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় । ১৯৯৪ চনৰ ১৪ জুলাইত চক্ৰশিলাক অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয় ।

লগতে চাওকঃ

Leave a Reply