অটল অমৃত অভিযান অনলাইন আবেদন – অটল অমৃত অভিযানে সামৰি লোৱা ৰোগ

 

 

 অটল অমৃত অভিযান 

অটল অমৃত অভিযান স্বাস্থ্য বীমা হৈছে অসম ৰাজ্য চৰকাৰৰ দ্বাৰা ঘোষিত এক নতুন স্বাস্থ্য বীমা আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে প্রতি বছৰে ৰাজ্যৰ প্রত্যেক পৰিয়ালক ২ লাখ টকা পর্যন্ত্য বীমাৰ সুবিধা প্রদান কৰে। দৰাচলতে অটল অমৃত অভিযান নামৰ এই আঁচনিখন ২০১৬ চনৰ ২৫ ডিচেম্বৰ তাৰিখে উদ্ভাৱন কৰা হৈছিল যদিও বর্ত্তমানেও আঁচনিখন চালুকীয়া হৈ আছে। পুৰণি, হঠাৎ বা প্রবল স্বাস্থ্যজনিত সমস্যাৰে জর্জৰিত দৰিদ্র সীমাৰেখাৰ তলৰ আৰু দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সহায়ৰ সুবিধার্থে উক্ত আঁচনিখন আৰম্ভ কৰা হৈছিল।

অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীয়ে চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁলোকে কৰা বীমাৰ ওপৰত ভিত্তি কৰি আঁচনিৰ উপযুক্ত লাভালাভ পাবলৈ সক্ষম হয়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে ৰাজ্যত থকা চৰকাৰী সাহার্যপ্রাপ্ত হস্পিতাল আৰু কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আঁচনি উপলব্ধ চিকিৎসালয়তহে কেৱল মাথো চিকিৎসাৰ বাবে যাব পাৰে। ২০২০ চনৰ ২৩ মার্চলৈকে ২৪৫,৪৯১ দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ নামাংকন, ১৫,৮৮৯,৩৩৯ দৰিদ্র সীমাৰেখাৰ তলৰ পৰিয়ালৰ নামাংকন আৰু অটল অমৃত অভিযান আঁচনিৰ অন্তর্ভূক্ত ৮৫৭১৭ টা পৰিয়ালে চিকিৎসা সেৱা লাভ কৰিছে।

সকলো হিতাধিকাৰীয়ে ৰাজ্যৰ তিতৰত বা বাহিৰত থকা চৰকাৰী আৰু সূচীবদ্ধ ব্যক্তিগত চিকিৎসালয়ত নগদ ধনৰ অবিহনেও চিকিৎসা সেৱা লাভ কৰিব পাৰে।

অটল অমৃত অভিযানৰ সুবিধা লাভ কৰিবলৈ যোগ্যতাৰ মাপকাঠী :

অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্যতাৰ মানদণ্ডসমূহ তলত উল্লেখ কৰা হ’লঃ

  • ৰাজ্যত থকা দৰিদ্র সীমাৰেখাৰ তলৰ প্রতিটো পৰিয়াল, যিসকলৰ বছৰি আয় ১.২ লাখ টকাতকৈ কম, তেওঁলোকে উক্ত আঁচনিখনৰ অধীনত সেৱা লাভ কৰিব।
  • তদুপৰি দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰিয়াল, যিসকলৰ বছৰি আয় ১.২ লাখৰ পৰা ৫ লাখ পর্যন্ত্য, তেওঁলোকে অটল অমৃত অভিযান আঁচনিৰ সেৱা লাভ কৰিবলৈ প্রতি বছৰে ১০০ টকাকৈ পৰিয়ালৰ প্রত্যেকগৰাকী সদস্যৰ বাবদ আদায় দিব লাগিব।
  • কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত কার্যনির্বাহ বা অবষৰপ্রাপ্ত যিকোনো কর্মচাৰীয়ে এই আঁচনিৰ অধীনত সেৱা লাভ কৰিবলৈ যোগ্যতা অর্জন নকৰে।
  • পৰিয়াল সমূহ দৰিদ্র সীমাৰেখাৰ তলৰ বা দৰিদ্র সীমাৰেখাৰ ওপৰৰ শ্রেণীভূক্ত হয়নে নহয় সেই বিষয়ে অৱগত হবলৈ প্রত্যেক নামসূচীৰ অন্তর্গত সকলো নথিপত্র যোথোচিতভাবে নিৰীক্ষণ কৰা হয়।

 

অটল অমৃত অভিযানৰ সুবিধা লাভ কৰিবলৈ আবশ্যকীয় নথিপত্র

আচনিৰ অধীনত পঞ্জীয়নৰ সময়ত আৱশ্যক হোবা নথিপত্রৰ বিষয়ে তলত উল্লেখ কৰা হলঃ

 

  • ভোটাৰ কার্ড
  • আয়ৰ প্রমাণ পত্র
  • অন্যান্য বৈধ নথিপত্র
  • ৰাষ্ট্রীয় খাদ্য আৰু সুৰক্ষা আইন চমুকৈ এন.এফ.এছ.এ. কার্ড (যদিদে লাভার্থীৰ এই কার্ড থাকে)
  • চিকিৎসকৰ দ্বাৰা প্রত্যায়িত ৰোগীৰ এখন ফটো

 

অটল অমৃত অভিযানে সামৰি লোৱা ৰোগ সমূহ :

অটল অমৃত অভিযানে সর্বমুঠ ৪৩৭ বিধ ৰোগ সামৰি লয় যিসমূহ নিম্নোক্ত ছয় শ্রেণীত বিভাজন কৰা হয়ঃ

 

  • হৃদ ৰোগ
  • কর্কট ৰোগ
  • বৃক্ক জনিত ৰোগ
  • নৱজাতকৰ ৰোগ
  • স্নায়বিক ৰোগ
  • পোৰা (বার্ন)

 

Apply Online : Click Here

 

Leave a Reply