ৱেবছাইটৰ সৃষ্টি || Website – URL-LAN


কেনেকৈ ইন্টাৰনেটত তথ্য যোগান ধৰা পদ্ধতিৰ সৃষ্টি হৈছিল :

 

Website

 

DARPA ৰ উদ্ভাৱক জে. আৰ. চি. লিকলিডাৰে তেখেতৰ সকলো সহকৰ্মীৰ লগত লগ লাগি ইন্টাৰনেটক মানুহৰ মাজলৈ লৈ আনিলে আৰু তেওঁলোকে ইন্টাৰনেটত তথ্য যোগান ধৰিবলৈ এটি পদ্ধতি উলিয়ালে আৰু সেইটোৰ নাম দিছিল ৱেবছাইট(Website) ৷

 

 

ৱেবছাইট হল – ইন্টাৰনেটৰ যিকোনো এটি গোটত ৰখা ছবি, লিখনি, পেজ, সংগীত, চলচিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টি ৷ ৱেবছাইট এটা URL(Uniform Resource Locator) নামৰ ঠিকনা(Web Address) এটাৰ সহায়ত যিকোনো নেটৱৰ্ক, ইন্টাৰনেট নাইবা LAN(Local Area Network) ত উপলদ্ধ ৷ ইয়াক কোনো ৱেব চাৰ্ভাৰৰপৰা হ’ষ্ট কৰা হয় আৰু ইয়াক সেই ৱেবছাইটটোৰ হোমপেজ বুলি কোৱা     হয় ৷
 ১৯৯০ চনত চাৰ্ন(CERN) ৰ পদাৰ্থবিজ্ঞানী টিম বাৰ্নাৰ্ছ লিয়ে সাৰ্বজনীনভাৱে উপলদ্ধ সমগ্ৰ ৱেবচাইটবোৰক সমষ্টিগতভাৱে “ৱৰ্ল্ড ৱাইড ৱেব(World Wide Web, চমুকৈ Www)” বা “বিশ্বব্যাপি জাল” নামেৰে নামাকৰন কৰে আৰু ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে “ৱৰ্ল্ড ৱাইড ৱেব” বিনামূল্য বুলি ঘোষনা কৰে ৷ URL সমূহে ৱেবপেজবিলাকক এক সজ্জা প্ৰদান কৰে আৰু হাইপাৰলিংকৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজবিলাক পঢ়িব পাৰে ৷ অবশ্যে কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তুবিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় ৷ তাৰ ভিতৰত যেনে, কিছুমান ব্যৱসায়িক ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, ভিডিঅ’ গেমৰ ৱেবছাইট, ফাইল শ্বেয়াৰিং ৱেবছাইট, বাৰ্তাবাহক ৱেবচাইট, ছচিয়েল নেটৱৰ্কিং ৱেবছাইট, ষ্ট’ক মাৰ্কেটৰ খবৰ জনোৱা ৱেবছাইট আৰু বিভিন্ন সেৱা আগবঢ়োৱা ৱেবছাইটসমূহ ৷

 

…আৰু এনেদৰেই ইন্টাৰনেটত URL ৰ মাধ্যমেৰে মানুহৰ মাজত তথ্য যোগান ধৰা পদ্ধতিৰ সৃষ্টি হৈছিল ৷

 

4 thoughts on “ৱেবছাইটৰ সৃষ্টি || Website – URL-LAN”

  1. Dhuniya hoise! Pise mur eta opinion dibo bisarim je tumi etya current soli thka internet or knkuwa hoi networking tu hitu ata topic o abr loi sabo paro !

    Reply

Leave a Reply