হোৱাটছএপ | হোৱাটছএপ’ৰ জন্মদাতা – Founder of WhatsApp

হোৱাটছএপ , হোৱাটছএপ'ৰ জন্মদাতা

 

হোৱাটছএপ (WhatsApp) ৰ জন্মদাতা হল ব্ৰেইন এক্টন (Brain Acton) আৰু জেন কম (Jan Koum) ৷ প্ৰথমাবস্থাত ব্ৰেইন এক্টন আৰু জেন কমে বেলেগ এটা নেটৱৰ্ক কোম্পেনিত কাম কৰিছিল আৰু প্ৰায় ১০ বছৰ সেই কোম্পেনিটোত কাম কৰি ২০০৭ চনত তাৰপৰা অব্যাহতি লৈছিল ৷ এনেদৰে এদিন হঠাৎ জেন কমৰ মনলৈ এটা চিন্তা আহিল যে তেওঁলোকে এটা এপলিকেচন ছফটৱেৰ বনাব যিটোত এজন মানুহে আন এজনলৈ বাৰ্তা পঠাব পাৰিব ৷ জেন কমে গৈ কথাটো ব্ৰেইন এক্টনক জনালে ৷ কমে প্ৰথমতে কামটো অসম্ভৱ বুলি ভাবিছিল যদিও পাছত সমৰ্থন জনালে ৷ তাৰ পাছত ব্ৰেইন আৰু কম দুয়ো কামত ব্যস্ত হৈ পৰিল আৰু অৱশেষত(২০০৯ চনত) তেওঁলোকে হোৱাটছএপ (WhatsApp)নামৰ বাৰ্তাবাহক এপলিকেচন ছফটৱেৰটো বনাবলৈ সক্ষম হল ৷
    ছফটৱেৰটো দুয়োজনে সম্পূৰ্ণকৈ তৈয়াৰ কৰিছিল যদিও তাত কিছুমান অসুবিধাই দেখা দিছিল ৷ সকলোতকৈ ডাঙৰ অসুবিধাটো হৈছিল, ৰেজিষ্টাৰৰ সময়ত অহা ভেৰিফাই(সত্যতা নিৰূপন) নাম্বাৰ হিচাপে অহা OTP(One Time Password) পাছৱৰ্ডটোৰ বাবে ৷ কাৰণ OTP ৰ দ্বায়িত্ব এটা বেলেগ কোম্পেনিৰ তত্বাৱধানত আছিল আৰু যেতিয়া কোনো ব্যক্তিয়ে হোৱাটছএপ (WhatsApp) ত ৰেজিষ্টাৰ কৰিছিল তেতিয়া ব্ৰেইন এক্টন আৰু জেন কমৰ বেংক একাউন্টৰপৰা পইচা কাটি নিয়া হৈছিল ৷ এইদৰে তেওঁলোকৰপৰা পইচা কাটি লৈ যোৱাৰ ফলত হোৱাটছএপ (WhatsApp) ৰ অগ্ৰগতিত বাধা আহি পৰিল ৷ উপায়ন্তৰ হৈ জেনে ব্ৰেইনক হোৱাটছএপ (WhatsApp)প্ৰজেক্টটো বন্ধ কৰাৰ কথা কলে আৰু বেলেগ কাম কৰিব কলে ৷ কিন্তু ব্ৰেইনে জেনৰ কথাত অমান্তি হল আৰু কলে যে, ‘আমি যদি এই প্ৰজেক্টটো বন্ধ কৰি দিওঁ, তেতিয়া আমাতকৈ মূৰ্খ আৰু কোনো নহব ৷ ব্ৰেইনে হোৱাটছএপ (WhatsApp) ৰ প্ৰজেক্টটো কৰি থকাৰ লগতে অন্য চাকৰিও কৰাৰ কথা কলে ৷’ জেনে ব্ৰেইনৰ কথা শুনি আনন্দিত হল আৰু দুয়ো চাকৰিৰ সন্ধানত লাগিল ৷ এনেদৰে তেওঁলোকে চাকৰিৰ বাবে বহুত হাতাশাত ভুগিব লগা হৈছিল, আনফালে আকৌ হোৱাটছএপ (WhatsApp) ৰ সমস্যাটোও এৰিব খোজা নাছিল ৷ তেনেতে এদিন ব্ৰেইনে এটা কথা ভাৱিলে যে, তেওঁলোকে তেওঁলোকৰ সকলো পুৰণি বন্ধুবোৰৰ সহায় লব ৷ আৰু এদিন তেওঁলোকে বন্ধুবোৰক ঘৰত মাতি আনি তেওঁলোকৰ প্ৰজেক্টৰ সকলো কথা বিৱৰি কলে ৷ কথাবোৰ শুনি বন্ধুবোৰে তেওঁলোকক প্ৰায় ২ লাখ ৫০ হাজাৰ ডলাৰ আৰ্থিক সাহায্য দি সহায় কৰিলে আৰু ব্ৰেইন আৰু কমে দ্বিতীয়বাৰলৈ কাম আৰম্ভ কৰিলে ৷  অৱশেষত তেওঁলোকে সেই আধৰুৱা সপোনবোৰক পুনৰ পূৰাবলৈ সক্ষম হল আৰু এই হোৱাটছএপ (WhatsApp) নামৰ এপলিকেচন ছফটৱেৰটো ২০১০ ৰ পৰা ২০১৪ চনলৈ ব্যৱহাৰকাৰী হল ৬০ কোটি ৷ উল্লেখনীয় যে ২০১৩ চনৰ পিছত প্ৰত্যেক দিনাই প্ৰায় ১০ লাখ মানুহে হোৱাটছএপ (WhatsApp) ত ৰেজিষ্টাৰ কৰিছিল আৰু আজিৰ সময়ত সেই ব্যৱহাৰকাৰীৰ সংখ্যা ১০০ হাজাৰ কোটিতকৈও অধিক হৈ পৰিছে ৷ ২০১৭ চনৰ ২৪ ফেব্ৰৱাৰী তাৰিখে হোৱাটছএপ হোৱাটছএপ (WhatsApp) ৰ অষ্টম বাৰ্ষিক জন্মদিনৰ দিনা জেন কমে টুইটাৰ(ছ’চিয়েল মিডিয়া) যোগে জনোৱা মতে কেৱল ভাৰততে হোৱাটছএপ (WhatsApp) ব্যৱহাৰকাৰীৰ সংখ্যা ২০ কোটিতকৈও    অধিক ৷
 আৰু এনেকৈয়ে দুয়োজনা বন্ধু, ব্ৰেইন এক্টন আৰু জেন কমৰ মাজত থকা বুজা-বুজিৰ ফলত হোৱাটছএপ (WhatsApp) য়ে বৰ্তমান সময়ত তথ্য আদান-প্ৰদানত অস্বাভাৱিক প্ৰাধান্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Leave a Reply