স্বায়ত্বশাসিত পৰিষদ – জিলা || অসমত স্বায়ত্বশাসিত পৰিষদৰ সংখ্যা

স্বায়ত্বশাসিত পৰিষদ || স্বায়ত্বশাসিত জিলা ||

 ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসনৰ অধিকাৰ লাভ কৰে। বেছিভাগ স্বায়ত্বশাসিত জিলা পৰিষদ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত। আন দুখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। বৰ্তমান সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদৰ সংখ্যা ১০খন; ইয়াৰে ৩খন অসমত, ৩খন মেঘালয়ত, ৩খন মিজোৰামত আৰু ১খন ত্ৰিপুৰা ৰাজ্যত। অন্য পৰিষদবোৰ বিভিন্ন আইনৰ অধীনত গঠন কৰা হৈছে।

 

স্বায়ত্বশাসিত পৰিষদসমূহ

অসম চৰকাৰে ৰাজ্যৰ অনুসূচিত উপজাতিসমূহৰ কল্যাণৰ বাবে আৰম্ভ কৰা উন্নয়নমূলক প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে | তাৰ বাবে চৰকাৰে ক্ষমতাৰ গণতান্ত্রিক বিকেন্দ্রীকৰণ আৰু অনুসূচিত উপজাতিসমূহক শক্তিশালী কৰি তুলিছে যাতে তেওঁলোকে ৰাজ্যৰ বিভিন্ন অনুসূচিত উপজাতিসমূহৰ বাবে স্থানীয় পৰিষদ, স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ গঠন কৰি জনজাতীয় উপ-পৰিকল্পনা আঁচনিৰ পৰিকল্পনা, পৰ্যবেক্ষণ আৰু বাস্তবায়নৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ পৰা অংশগ্ৰহণ কৰিব পাৰে |

চৰকাৰৰ দ্বাৰা গঠন কৰা বিভিন্ন স্বায়ত্বশাসিত পৰিষদসমূহ নিম্নলিখিত বিভাগৰ অধীনত অৱস্থিত:

ক) ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনৰ স্থানীয় পৰিষদসমূহ ।

খ) ৰাজ্যিক আইনৰ অধীনত গঠিত বিধিবদ্ধ স্বায়ত্বশাসিত পৰিষদসমূহ ।

গ) ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনৰ স্থানীয় পৰিষদসমূহ।

ৰাজ্যিক বিধানমণ্ডলৰ অধীনত স্বায়ত্বশাসিত পৰিষদসমূহক বিভিন্ন স্তৰৰ স্বায়ত্বশাসনৰ অধিকাৰ প্ৰদান কৰা হয় | অসমত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত তিনি প্ৰকাৰৰ স্বায়ত্বশাসিত পৰিষদ আছে | এই তিনি প্ৰকাৰ হ’ল:

১. বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ ।

২. ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদ ।

৩. কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ।

বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ ৪খন প্ৰশাসনিক জিলাৰ, ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰৰ ৪০ টা নীতি এলেকাত আইন-প্ৰণয়নকাৰী, প্ৰশাসনিক, কাৰ্যনিৰ্বাহী আৰু অৰ্থনৈতিক ক্ষমতা আছে | এই ৪খন প্ৰশাসনিক জিলাৰ বিভিন্ন সংৰক্ষিত উপজাতীয় বেল্ট আৰু অসমৰ ব্লকসমূহৰ ৪০জন নিৰ্বাচিত প্ৰতিনিধি বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ বিধানসভালৈ মনোনীত আৰু অসমৰ ৰাজ্যপালৰ দ্বাৰা প্ৰতিনিধিহীন সম্প্ৰদায়ৰ ৬জন সদস্য পোনপটীয়া নিৰ্বাচনৰ দ্বাৰা অসমৰ জিলাসমূহত নিযুক্তি দিয়া হয় | ২০০৩ চনত ভাৰত চৰকাৰ আৰু বড়ো লিবাৰেচন টাইগা্ৰ মাজত হোৱা এক শান্তি চুক্তিৰ পাছত বিটিচিৰ স্থাপন হয় আৰু ২০০৩ চনৰ পৰা ই ভাৰতীয় সংবিধানৰ ষষ্ঠ অধিসূচনাৰ অধীনত কাৰ্যকৰী হৈ আহিছে | বিটিচিৰ প্ৰথম কাৰ্যনিৰ্বাহক সদস্য আছিল হাগ্ৰামা মহিলাৰী | বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (বিটিচি)মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ টাউনত অৱস্থিত ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ, ডিমা হাচাও জিলা স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, পূব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আদি স্বায়ত্বশাসিত পৰিষদসমূহ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত নিজ নিজ জিলাসমূহ পৰিচালনা কৰিবৰ বাবে আৰু জনজাতীয় লোকসকলৰ বিকাশৰ বাবে গঠন কৰা হয় | উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাচাও জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্যৃ কাৰ্যালয় ডিমা হাচাও জিলাত অৱস্থিত | কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, পূব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় পূব কাৰ্বি আংলং জিলাৰ ডিফুত   অৱস্থিত ।

ৰাজ্যিক আইনৰ অধীনত গঠিত বিধিবদ্ধ স্বায়ত্বশাসিত পৰিষদসমূহ:

বিধিবদ্ধ স্বায়ত্বশাসিত পৰিষদসমূহ ভিতৰুৱা আৰু ক্ষুদ্ৰ অঞ্চলত বাস কৰা অনুসূচিত উপজাতিসমূহৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, জাতিগত আৰু সাংস্কৃতিক প্ৰগতিৰ বাবে অসমৰ বিভিন্ন জিলা সাঙুৰি গঠন কৰা হৈছে | অসমত ৬খন বিধিবদ্ধ স্বায়ত্বশাসিত পৰিষদ আছে আৰু এইবোৰ হ’ল:

  • ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • তিৱা স্বায়ত্বশাসিত পৰিষদ
  • দেউৰী স্বায়ত্বশাসিত পৰিষদ
  • ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ
  • সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ

বিধিবদ্ধ স্বায়ত্তশাসিত পৰিষদসমূহক ৩৪টা বিষয়ত কাৰ্যনিৰ্বাহী ক্ষমতা আৰু কাৰ্যাৱলী প্ৰদান কৰা হৈছে আৰু সেইবোৰ হ’ল:

১) কুটিৰ শিল্প

২) পশুপালন আৰু পশুচিকিৎসা

৩) সংৰক্ষিত বনাঞ্চলৰ বাহিৰে আন বনাঞ্চল

৪) কৃষি

৫) গ্রামীণ পথ আৰু সেঁতু

৬) ৰেচমশিল্প

৭) শিক্ষা

ক) প্ৰাপ্তবয়স্ক শিক্ষা

খ) প্ৰাথমিক শিক্ষা

গ) বৃত্তিমূলক প্ৰশিক্ষণৰ সৈতে উচ্চ মাধ্যমিক শিক্ষা

 সাংস্কৃতিক বিষয়

ভূমি সংৰক্ষণ

সমবায়

মীনপালন

পঞ্চায়ত আৰু গ্রাম্য উন্নয়ন

হস্ততাঁত আৰু বস্ত্ৰশিল্প

জনস্বাস্থ্য কাৰিকৰী খোৱা পানী

লঘূ জলসিঞ্চন

সমাজ কল্যাণ

গাঁওসমূহৰ সুৰক্ষাৰ বাবে বান নিয়ন্ত্ৰণ আঁচনি (উচ্চ প্ৰযুক্তিসম্পন্ন নহয়)

ক্ৰীড়া আৰু কল্যাণ

ওজন আৰু মাপ

পুথিভঁৰাল সেৱা

সংগ্ৰহালয় আৰু পুৰাতত্ব

নগৰ উন্নয়ন

নগৰ আৰু দেশ পৰিকল্পনা

জনজাতি গৱেষণা

ভূমি আৰু ভূমি ৰাজহ [কোনো প্ৰকাৰৰ ভূমি আবন্টন বা বন্দোবস্ত কাৰ্যনিৰ্বাহী পৰিষদৰ অনুমতি অবিহনে পৰিষদৰ এলেকাত কৰা নহ’ব]

প্ৰচাৰ আৰু জনসংযোগ

পর্যটন,

পৰিবহণ

নগৰপালিকা, উন্নয়ন ন্যাস

জিলা সমিতি আৰু গ্রাম্য প্ৰশাসনৰ অন্যান্য স্থানীয় স্ব-শাসিত সমিতি

জনজাতি কল্যাণ

বজাৰ আৰু প্ৰদৰ্শনী, লটাৰী খেল

থিয়েটাৰ, পৰিবেশ্য কলা আৰু চিনেমা

গুৰুত্বপূৰ্ণ পৰিসংখ্যাসমূহ যেনে জন্ম আৰু মৃত্য়ুৰ পঞ্জীয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু এই বিভাগসমূহ আৱৰি অনুসূচিত উপজাতিসমূহৰ উন্নয়নৰ হকে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়|

উন্নয়ন পৰিষদ

বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ লোকৰ সামাজিক-অৰ্থনৈতিক উন্নতি আৰু জীৱনধাৰণৰ বাবে অসম চৰকাৰে ৩৩খন উন্নয়ন পৰিষদ গঠন কৰি ক্ষমতা আৰু দায়িত্বৰ বিকেন্দ্ৰীকৰণ কৰিছে যাতে এইবিলাকে উন্নয়নৰ প্ৰয়োজনসমূহ পূৰাব পাৰে | এই পৰিষদবোৰৰ প্রধান কাৰ্য হৈছে বিভিন্ন উন্নয়নমূলক আঁচনি/প্ৰকল্প নিৰ্মাণ কৰা আৰু এইবোৰ প্ৰয়োজন অনুসাৰে বাস্তবায়িত কৰা |

এই পৰিষদসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল:

১) মৰাণ উন্নয়ন পৰিষদ

২) মটক উন্নয়ন পৰিষদ

৩) মৈমল উন্নয়ন পৰিষদ

৪) মৰীয়া উন্নয়ন পৰিষদ

৫) গোৰ্খা উন্নয়ন পৰিষদ

৬) চুটীয়া উন্নয়ন পৰিষদ

৭) আদিবাসী উন্নয়ন পৰিষদ

৮) নাথ যোগী উন্নয়ন পৰিষদ

৯) কোচ ৰাজবংশী উন্নয়ন পৰিষদ

১০) বিষ্ণুপ্ৰিয়া মনিপুৰী উন্নয়ন পৰিষদ

১১) তাই আহোম উন্নয়ন পৰিষদ

১২) মেচ কছাৰী উন্নয়ন পৰিষদ

১৩) মনিপুৰী উন্নয়ন পৰিষদ

১৪) সাধাৰণ জাতি উন্নয়ন পৰিষদ

১৫) চিংফৌ (মন তাই) উন্নয়ন পৰিষদ

১৬) আমৰি কাৰ্বি উন্নয়ন পৰিষদ

১৭) শৰণীয়া কছাৰী উন্নয়ন পৰিষদ

১৮) বৰাক উপত্যকা পাৰ্বত্য জনজাতি উন্নয়ন পৰিষদ

১৯) চাহ আৰু প্রাক্তন চাহ বাগান উন্নয়ন পৰিষদ

২০) অনুসূচিত জাতি উন্নয়ন পৰিষদ

২১) চাউদাং উন্নয়ন পৰিষদ

২২) মদাহী উন্নয়ন পৰিষদ

২৩) কুমাৰ উন্নয়ন পৰিষদ

২৪) হাজং উন্নয়ন পৰিষদ

২৫) সুত উন্নয়ন পৰিষদ

২৬) গৰীয়া উন্নয়ন পৰিষদ

২৭) বৰ্মন কছাৰী উন্নয়ন পৰিষদ

২৮) কাৰ্বি অংলংৰ বাহিৰত বাস কৰা কাৰ্বিলোকৰ উন্নয়ন পৰিষদ

২৯) হিন্দীভাষী উন্নয়ন পৰিষদ

৩০) বঙালীভাষী উন্নয়ন পৰিষদ

৩১) জলহা উন্নয়ন পৰিষদ/p>

৩২) ব্ৰাহ্মণ উন্নয়ন পৰিষদ

৩৩) কলিতা উন্নয়ন পৰিষদ এই পৰ্যন্ত নিৰ্দেশিত নাই হোৱা

২০১০ চনৰ মে’ আৰু জুন মাহত আৰু ২০১১ চনৰ জানুৱাৰী মাহত পৃথক পৃথক গেজেটেড নিৰ্দেশৰদ্বাৰা প্ৰতিটো উন্নয়ন পৰিষদ গঠন কৰা হৈছিল| ২০১৫ আৰু ২০১৬ চনতো কিছু কিছু উন্নয়ন পৰিষদ অসমৰ এই সম্প্ৰদায় সমূহৰ লোকৰ সামাজিক-অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আৰু জাতিগত বিকাশৰ বাবে গঠন কৰা হৈছিল |

চৰকাৰে উন্নয়ন পৰিষদৰসমূহৰ বিভিন্ন কাৰ্য/ক্ৰিয়া নিয়ন্ত্রণ কৰিবৰ বাবে বিজ্ঞপ্তি নং TAD/BC/১০৫/২০১৩/৬ তাং ০৭.০৩.২০১৩ জাৰি কৰিছিল | প্রত্যেক উন্নয়ন পৰিষদৰ নিজস্ব পৰিষদ একোটা সৰ্বনিম্ন ১৫ আৰু সৰ্বোচ্চ ২৫ জন সদস্যৰে সৈতে সকলোৰে দ্বাৰা নিৰ্বাচিত সভাপতিৰ অধীনত থাকে |

Leave a Reply