মৌ-পিয়া-Moupiya lyrics -Shankuraj Konwar

 

মৌ-পিয়া-Moupiya lyrics -Shankuraj Konwar

 

 

কতেনো থমকিলে বাটৰুৱা মন

হেঁপাহৰ ৰাগি লাগি উতনুৱা মন

দাপোনত কাক দেখি আজি পাগল মন

হিয়াতে সাঁচি থলোঁ গধূলি মগন

ৰাখিবি যতনেৰে ফাগুনক মোৰ

বতাহে উৰুৱাব মন

নাযাবি থৈ ফাগুনক দোমোজাত মোৰে কাষত

খেলিমেলি সেন্দুৰীয়া বুকু যে লাজত

বনৰীয়া ফুলবোৰ যেন তোৰ গাৰে কাচং, সাতোৰঙী ৰামধেনু

সৰু সৰু কথাবোৰ

পাহে পাহে আঁকিলো

পথৰুৱা বাটতে মৌ-পিয়া মৌ-পিয়া  সাধুকথা

এধানি এধানি জোনাকী সামৰা

চিকুণ চিকুণ হেঁপাহবোৰ

গুটিমালী গুটিমালী আশাবোৰ

সুহুৰিতে বকুল গধূলি কবিতা

জোনাকীৰে জাকে থৈ আহে

মোৰ আহিনক তোৰে কাষতে

নাযাবি থৈ আহিনক  দোমোজাত মোৰে কাষত

খেলিমেলি সেন্দুৰীয়া বুকু যে লাজত

বনৰীয়া ফুলবোৰ যেন তোৰ গাৰে কাচং, সাতোৰঙী ৰামধেনু

সৰু সৰু কথাবোৰ

পাহে পাহে আঁকিলো

পথৰুৱা বাটতে মৌ-পিয়া মৌ-পিয়া সাধুকথা

 

Composition and music arrangement : Shankuraj Konwar

Lyrics : Maitrayee Patar

Leave a Reply