বিহু নৃত্য || বিহু নৃত্যৰ ইতিহাস || বিহুত ব্যৱহৃত লোকবাদ্য

 

বিহু নৃত্য

বিহু নৃত্য :

বিহু নৃত্য হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।

ইতিহাস:

অসমীয়া জাতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এই নৃত্যৰ উৎসৰ বিষয়ে সঠিক উমান পোৱা নগ’লেও, প্ৰায় ১৬ শ (খ্ৰীষ্ঠাব্দ) শতিকাত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা এই নৃত্যৰ প্ৰচলন আছে বুলি তথ্য পোৱা যায়। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা, “কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেণী আমি নেপাও।”

নৃত্য, বাদ্য

বিহু পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্যমুদ্ৰাও পুৰুষ নৃত্যশিলপী সকলতকৈ বেছি।

বিহুত ব্যৱহৃত কেইটিমান লোকবাদ্য হ’ল:

ঢোল- বিহুৰ মূল অবনদ্ধ বাদ্য

ম’হৰ শিঙৰ পেঁপা বা শিঙা- মহৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্য

গগনা – পাতল এচটি বাঁহেৰে তৈয়াৰী এবিধ হাৰ্প Jew’s Harp জাতীয় ঘনবাদ্য

বাঁহী – সুষিৰ বাদ্য

বাঁহৰ টকা – বাঁহেৰ তৈয়াৰী ঘণবাদ্য

সুতুলি – মাটিৰে তৈয়াৰী সুষিৰ বাদ্য

বীণ -এডাল তন্ত্ৰীযুক্ত বেহেলাৰ দৰে এবিধ তত বাদ্য

তাল – কাঁহ, ৰূপ আদি মি‍শ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য

ধুতং বা জেং টকা – বাঁহ-বেতেৰে তৈয়াৰী ঘনবাদ্য ইত্যাদি

 

লগতে চাওক – বিহু || বিহু’ শব্দৰ উৎপত্তি || বিহুৰ ইতিহাস || বিহু ৰচনা   সাত বিহু

তথ্য সংগ্ৰহ

  •  ‘Scholar throws light on Bihu’s origin’

Leave a Reply