নক্ষত্ৰ – Nakhyatra Lyrics – Abhi Saikia – Shankuraj Konwar

নক্ষত্ৰ - Nakhyatra Lyrics - Abhi Saikia - Shankuraj Konwar

 

এধানমানি মৰমৰে ভাৰ কিমান

জুখিব কোনে?

সুপ্ত নয়নৰে গুপুত অভিমান

বুজাব কোনে?

স্মৃতিকোমোল বালিচাপৰিত সময়

শিশু হৈ খেলে

সাধুকথা উহনি হৈ ওমলে

এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে

উটুৱাই প্ৰাণ বাৰুদৰ গানে

এখনি ক্লান্ত নদীৰ সীমনাত হাঁহাকাৰ

এখনি ক্লান্ত নদীৰ সীমনাত হাঁহাকাৰ

পুৱতি নিশাৰ আকাশত গিলি জোন

জিলিকিছে নক্ষত্ৰ

সাৱতি অলেখ তৰালিৰ বৰষুণ

সোঁৱৰণি নিচিদ্ৰ

এটি-দুটি ক্ষণ গুঠি ফুলে মালতী

সৰি পৰে নক্ষত্ৰ

দাদা তই কোন দিশে হেৰুৱালি বাট

হেৰুৱালি অস্তিত্ব?

এচেৰেঙা কোমল ৰ’দালিৰ পৰশ

সমাধিৰ ভূষণ

প্ৰতিধ্বনিৰ কোলাত আবেলি অলস

মানৱতা হেৰুৱা এই পৃথিৱীত

দানৱৰ শোষণ

স্বপ্নহীনতাতে ভুগিছে সময়

সামৰি উত্ৰাৱল সাগৰ মৰুভূমি

শোণিতৰ ৰাঙলী ৰহণ চুমি

বিচাৰো শান্তিৰ এহালি বনৰীয়া পখী

বিচাৰো শান্তিৰ এহালি বনৰীয়া পখী

পুৱতি নিশাৰ আকাশত গিলি জোন

জিলিকিছে নক্ষত্ৰ

সাৱতি অলেখ তৰালিৰ বৰষুণ

সোঁৱৰণি নিচিদ্ৰ

এটি-দুটি ক্ষণ গুঠি ফুলে মালতী

সৰি পৰে নক্ষত্ৰ

দাদা তই কোন দিশে হেৰুৱালি বাট

হেৰুৱালি অস্তিত্ব?

  • Music composed and produced by Abhi Saikia.
  • Vocals and lyrics by Shankuraj Konwar.

Leave a Reply