ধুবুৰী জিলা || ইতিহাস – ধুবুৰী জিলাৰ মহকুমা – ধুবুৰী জিলাৰ উপায়ুক্ত

ধুবুৰী জিলা || ইতিহাস - ধুবুৰী জিলাৰ মহকুমা -

 

ধুবুৰী জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা জিলা সদৰ ধুবুৰী নগৰত অৱস্থিত। ইয়াৰ পৰা গুৱাহাটী মহানগৰলৈ দূৰত্ব ২৯০ কিঃমিঃ। ধুবুৰী পুৰণি গোৱালপাৰা জিলাৰো সদৰ আছিল, যিখন জিলা ১৮৭৬ চনতে ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল। ১৯৮৩ চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাৰ সৃষ্টি কৰা হয়। ধুবুৰী জিলা ভাৰতৰ মুচলন্ত সংখ্যাগৰিষ্ঠ জিলাসমূহৰ অন্যতম। জিলাখনত বাস কৰা মুচলন্ত লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ পিছতে ধুবুৰী জিলা অসমৰ দ্বিতীয় জনবহুল জিলা ।

 

ধুবুৰী নামৰ উৎপত্তি : 

ধুবুৰী নামটো চান্দ সদাগৰৰ আখ্যানৰ সৈতে জড়িত। সৰ্পৰ দেৱী মনসাৰ ভগ্নী নেতাই আছিল এজনী ধুবুনী। নেতাইৰ পৰামৰ্শ মতে কাম কৰি সতী বেউলাই তেওঁৰ স্বামী লক্ষ্মীন্দৰৰ জীৱন যমৰ হাতৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছিল। প্ৰবাদ আছে যে এই নেতাই ধুবুনীৰ কাপোৰ ধোৱা ঘাট আছিল বৰ্তমানৰ ধুবুৰী নগৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত। “নেতাই ধুবুনীৰ ঘাট”ত থকা এচটা প্ৰকাণ্ড শিলত হেনো নেতায়ে কাপোৰ ধুইছিল। এই ধুবুনী শব্দৰ পৰাই ধুবুৰী শব্দটোৰ উৎপত্তি হৈছে।

ধুবুৰী জিলাৰ  ভৌগোলিক বিৱৰণ :

ধুবুৰী জিলাৰ মাটি কালি ২৮৩৮ বৰ্গ কিঃমিঃ। ধুবুৰী জিলা ৮৯.৪২- ৯০.১২ ডিগ্ৰী পূব দ্ৰাঘিমাংশ আৰু ২৬.২২- ২৫.২৮ ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। সমুদ্ৰ পৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ৩০ মিটাৰ। জিলাখনৰ ভূভাগ সমভূমি প্ৰকৃতিৰ যদিও ঠায়ে ঠায়ে কিছুমান চাপৰ পাহাৰ দেখা যায়। টোকোৰাবন্ধা, দুধনাথ, চান্দৰ দিঙা, বৌকুমাৰী, চক্ৰশীল আদি এনে কেইখনমান পাহাৰ। ব্ৰহ্মপুত্ৰ নৈ জিলাখনৰ মাজেৰে বৈ গৈছে। চম্পাৱতী, গৌৰাং, গদাধৰ, গংগাধৰ, টিপকাই, সোণকোষ, শিলাই, জিঞ্জিৰাম ধুবুৰী জিলাৰ উপনৈ। জিলাখনক আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক উভয় সীমান্তই চুই গৈছে।

ধুবুৰী জিলাৰ চাৰিসীমা :

 

ধুবুৰী জিলাৰ  দৰ্শনীয় স্থান :

মহামায়া ধাম 
 
ধুবুৰী জিলাৰ বগৰীবাৰীৰ এখন চাপৰ পাহাৰৰ ওপৰত এই থানখন অৱস্থিত। ঘন জংঘলেৰে আৱৰি থকা এই থানখনৰ নৈসৰ্গিক শোভা আকৰ্ষণীয়। মহামায়া ধাম নামনি অসমৰ এখন প্ৰখ্যাত শক্তিপীঠ।
পাণবাৰী মছজিদ
 
ঐতিহাসিক পাণবাৰী মছজিদ ধুবুৰীৰ পৰা ২৫ কিঃমিঃ পূবত পাণবাৰী আৰু ৰঙামাটিৰ ওচৰত, ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। এইটো মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি ভবা হয়। ইয়াক বংগৰ শাসক হুচেইন শ্বাহে ১৪৯৩- ১৫১৯ খৃষ্টাব্দৰ সময়চোৱাত নিৰ্মাণ কৰিছিল। মছজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল। মছজিদটোৰ সৈতে থকা ইদগাহ পথাৰ আৰু কুঁৱা এটাও উল্লিখিত সময়চোৱাতে সম্ভৱতঃ নিৰ্মাণ কৰা হৈছিল।
 
পাঁচ পীৰ দৰগাহ
 
পাঁচ পীৰ দৰগাহ হ’ল পাঁচগৰাকী চুফী সন্তৰ মাজাৰ চৰিফ। এই সন্তকেইগৰাকী আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ মোগল সেনাপতি ৰামসিংহৰ সৈতে অসমলৈ আহিছিল।
 
ৰামৰায়কুটী সত্ৰ
 
এই সত্ৰখন ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু অসম-পশ্চিম বংগ আন্তঃৰাজ্যিক সীমাৰ ওচৰৰ ছত্ৰশাল নামে ঠাইখনত অৱস্থিত। সত্ৰখন স্থাপন কৰিছিল শংকৰ গুৰুৱে। ইয়াতে গুৰুজনাৰ সম্পৰ্কীয় ভাতৃ ৰামৰায়ৰ জীয়ৰী ভুৱনেশ্বৰীৰ সৈতে কোঁচ সেনাপতি চিলাৰায়ৰ বিবাহ অনুষ্ঠিত হৈছিল। পিতলেৰে নিৰ্মিত এখন ঐতিহাসিক ৰথ ইয়াত সংৰক্ষিত হৈ আছে।
চক্ৰশিলা অভয়াৰণ্য
 
ধুবুৰী জিলা
চক্ৰশীলা অভয়াৰণ্যৰ প্ৰধান আকৰ্ষণ ইয়াত থকা সোণালী বান্দৰ
 
চক্ৰশিলা অভয়াৰণ্যখন হ’ল ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।

ধুবুৰী জিলাৰ মহকুমা  :

ধুবুৰী জিলাৰ মহকুমা দুটা-
  • ধুবুৰী (সদৰ মহকুমা)
  • বিলাসীপাৰা

ধুবুৰী জিলাৰ ৰাজহ  চক্ৰ :

  1. ধুবুৰী
  2. গৌৰীপুৰ
  3. গোলকগঞ্জ
  4. আগমনি
  5. দক্ষিণ ছালমাৰা পণ্ট.
  6. অথনি
  7. বিলাসীপাৰা
  8. চাপৰ

ধুবুৰী জিলাৰ পৌৰ নগৰ  :

পৌৰ নগৰ ৬ খন-
  • ধুবুৰী
  • গৌৰীপুৰ
  • চাপটগ্ৰাম
  • বিলাসীপাৰা
  • চাপৰ
  • গোলকগঞ্জ

ধুবুৰী জিলাৰ বিধানসভাৰ সমষ্টি :

বিধানসভাৰ সমষ্টি ৭ টা। সাতোটা বিধানসভাৰ সমষ্টিয়ে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
  1. মানকাচৰ
  2. শালমাৰা দক্ষিণ
  3. ধুবুৰী
  4. গৌৰীপুৰ
  5. গোলোকগঞ্জ
  6. বিলাসীপাৰা পশ্চিম
  7. বিলাসীপাৰা পূব।
ধুবুৰী জিলাৰ ৰাজহ গাঁও : ১২০৪
ধুবুৰী জিলাৰ পঞ্চায়ত  : ১৩২
 
 
ধুবুৰী জিলাৰ উপায়ুক্ত :  দিবাকৰ নাথ, আই এ এছ
                                                       উপায়ুক্ত
                                                যোগদানৰ তাৰিখ : ১৭/১০/২০২২
ধুবুৰী  জিলাখনৰ ৰাজহ চক্ৰ ৮টা, পুলিচ থানা ৮ খন।
ধুবুৰী জিলাৰ  জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ জনসংখ্যা ১৯,৪৮,৬৩২ জন। ২০০১- ২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ২৪.৪ %। ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫২ জনী। শিক্ষিতৰ হাৰ ৫৯.৪ %
জিলাখনৰ সংখ্যা গৰিষ্ঠ লোক মুচলন্ত। মুচলন্ত লোকৰ সংখ্যা ১২,১৬,৪৫৫ জন- মুঠ জনসংখ্যাৰ ৭৪ %। হিন্দু আৰু খ্ৰীষ্টিয়ান লোকৰ সংখ্যা ক্ৰমে ৪,০৫,০৬৫ আৰু ১২,৪৭৭ জন। বেছি সংখ্যক লোকে অসমীয়া ‚বঙালী আৰু গোৱালপৰীয়া উপভাষা কয়।
তথ্য সংগ্ৰহ

 

Leave a Reply