দক্ষিণ শালমৰা আৰু মানকাচৰ জিলা – নামৰ উৎপত্তি – ইতিহাস

দক্ষিণ শালমৰা আৰু মানকাচৰ জিলা - নামৰ উৎপত্তি - ইতিহাস

 

দক্ষিণ শালমাৰা-মানকাচৰ জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন জিলা। গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিঃমিঃ নিলগত অৱস্থিত হাটশিঙিমাৰি এই জিলাৰ সদৰ। জিলা গঠন হোৱাৰ আগত দক্ষিণ শালমাৰা-মানকাচৰ ধুবুৰী জিলাৰ মহকুমা আছিল।
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ নামৰ উৎপত্তি : 
 
মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত থকা মানকা নামৰ বালিচৰ এটাৰ পৰাই মানকাচৰ নামটোৰ উৎপত্তি হোৱা বুলি জনা যায় ৷
 
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ  ইতিহাস : 
 
দক্ষিণ শালমাৰা-মানকাচৰ জিলা ধুবুৰী জিলাৰ অংশবিশেষৰে ২০১৬ চনত গঠন কৰা হয়। ১৫ আগষ্ট ২০১৫ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ৫খন নতুন জিলা ঘোষণা কৰিছিল, দক্ষিণ শালমাৰা-মানকাচৰ জিলা এই ৫খন নতুন জিলাৰ ভিতৰত অন্যতম। ৯ ফেব্ৰুৱাৰী ২০১৬ চনত হাটশিঙিমাৰিৰ এক ৰাজহুৱা অনুষ্ঠানত সহস্ৰ নাগৰিকৰ উপস্থিতিত উপায়ুক্ত এম.আই. আহমেদে দক্ষিণ শালমাৰা-মানকাচৰক নতুন জিলা ৰূপে উদ্বোধন কৰে।
 দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ ভৌগোলিক অৱস্থান :
 
দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ মাটিকালি ৫৬৮ বৰ্গ কি.মি. (219 বৰ্গ মাইল)।
 
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ চাৰিসীমা :
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ  বিধানসভা সমষ্টি  :  ২ টা
  • ২১ মানকাচৰ এল এ চি
  • ২২ ছালমাৰা দক্ষিণ এল এ চি
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ ৰাজহ  চক্ৰ : ২
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ ৰাজহ গাঁও : ১৫২
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ উন্নয়ন ব্লক : ৩ টা
  1. ফেকামাৰী
  2. মানকাচৰ
  3. দক্ষিণ ছালমাৰা
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ পঞ্চায়ত : ৩৫
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ  আৰক্ষী থানা :৪
এই জিলাতে ভাৰত-বাংলাদেশ সীমান্তও অৱস্থিত ৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য-শস্য আৰু মৰাপাট উৎপাদন কৰা হয় ৷ ইয়াৰ প্ৰধান শিল্প উদ্যোগসমূহ হল – মৃৎ শিল্প, মৃত বাচন  আদি ৷

Leave a Reply