তোমালৈ বৰষা – Tumaloi Barasa Lyrics – Shankuraj Konwar

তোমালৈ বৰষা - Tumaloi Barasa Lyrics - Shankuraj Konwar

মোৰ অনুৰোধ তোমালৈ বৰষা

তুমি অনুপম অনুৰাগ আশা

আনিবা মোলৈ সুৰৰ সোপান

  মৰমে ওপচা বহু বেলা৷

কবাগৈ মোৰ প্ৰেয়সীক সেই

জিলমিল সন্ধিয়াৰ স্মৃতি লেখা৷

মোৰ অনুৰোধ তোমালৈ বৰষা…

তুলি ললো এই পত্ৰ প্ৰেয়সীৰ

হৃদয় সফুঁৰা খুলি

আকৌ এবাৰ তিতিব বিচাৰো

প্ৰণয় বিয়াকুল ৰাতি৷

আনিবা মোলৈ সুৰৰ সোপান মৰমে উপচা বহু বেলা..

আহিবা আকৌ সেই বাটেৰে

সজাবা সুৰৰ মেলা৷

অনুভৱ মোৰ তুমি অপৰূপা

প্ৰেৰণাৰ চিত্ৰলেখা ৷

Vocals: Shankuraj Konwar

Lyrics: Pankaj Saikia

Leave a Reply