ড০ হিমন্ত বিশ্ব শৰ্মা | অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী – Assam Chief Minister

ড০ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্রী, অসম
ড০ হিমন্ত বিশ্ব শৰ্মা
মাননীয় মুখ্যমন্ত্রী, অসম

 

ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী। ১০ মে’, ২০২১ তাৰিখে ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০০১ চনত, অসম গণ পৰিষদ দলৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাজিত কৰি পোন প্ৰথমবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিজয়ী হয় আৰু ২০০৬ চনত একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ লগতে ২০১১ চনত কংগ্ৰেছ দলৰ পৰা আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়ী সাবস্ত্য হয়।

ড০ হিমন্ত বিশ্ব শৰ্মা ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত যোৰহাটৰ মিছন হাস্পতালত জন্ম গ্ৰহন কোৰে। পিতৃ প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিণী দেৱী । তেওঁ গুৱাহাটীৰ কামৰূপ একাডেমীৰ পৰা ১৯৮৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি বিজ্ঞান বিষয়ত কটন মহাবিদ্যালয়ৰ পৰা ১৯৯০ আৰু ১৯৯২ চনত ক্ৰমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কলেজীয়া জীৱন সমাপ্ত কৰে। স্নাতকোত্তৰ শিক্ষা আহৰণ কৰি থকাৰ সময়তেই তেওঁ কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়ায়। হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা এল.এল.বি. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী অৰ্জন কৰে।

ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০২ চনৰ পৰা ২০২১ চনলৈকে (ৰাজ্য আৰু কেবিনেট উভয়তেই) কৃষি, পৰিকল্পনা আৰু উন্নয়ন, বিত্ত, স্বাস্থ্য, শিক্ষা আৰু অসম চুক্তি ৰূপায়ণ আদি একাধিক মন্ত্ৰী-দপ্তৰৰেই ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

Leave a Reply