ডিমৌ নদী | ডিমৌ কি নদীৰ উপনদী | ডিমৌ নৈ উৎপত্তি

ডিমৌ নদী

ডিমৌ নদী

 

ডিমৌ নদী হৈছে দিচাঙ নদীৰ উপনদী। এই নদীখনৰ দৈৰ্ঘ্য ৫৮ কি:মি: আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কি:মি:।

 

ডিমৌ নদীৰ উৎপত্তি

ডিব্ৰুগড় জিলাত লেঙেৰী অঞ্চলৰ ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি ডিমৌ নদীৰ উৎপত্তি হয়।

 

ডিমৌ নদীৰ গতিপথ

ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি পশ্চিমমুৱাহৈ নামদাং বনাঞ্চলৰ মাজেদি বৈ আহে। তাৰ পৰা খোৱাংৰ পৰা ৬কি:মি: পূবত কলৌলোৱা জানৰ সৈতে লগ লাগে। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ খোৱাং চহৰৰ কাষেৰে গৈ তিলৈ নদী লগ লাগিছে। তাৰ পাচত দক্ষিণ-পশ্চিমমুৱা হৈ ডিমৌ ওচৰৰ দিখাৰি বাগানলৈকে বৈ আহি পশ্চিমমুৱা হয়। ইয়াৰ পৰা পানীদিহিং বনাঞ্চল মাজেদি বৈ গৈ ধাইআলি পাৰ হৈ আখৈফুটীয়াৰ পশ্চিমৰ ডিখৌমুখত ডিমৌ নদী দিচাঙ নদীৰ সৈতে লগ লাগিছে।

তথ্য সংগ্ৰহ

Leave a Reply