ছ’চিয়েল মিডিয়া || ছ’চিয়েল মিডিয়াৰ ইতিবাচক আৰু নেতিবাচক


ইন্টাৰনেটত কেনেকৈ সামাজিক মাধ্যমৰ জৰিয়তে মানুহৰ মাজত সংযোগ স্থাপন হৈছিল আৰু তাৰ দ্বাৰা কিদৰে উপকৃত হৈছিল :
 

Social media

 

‘চিয়েল মিডিয়া বা সামাজিক মাধ্যম হল – বিশেষভাৱে প্ৰস্তুত কৰা কিছুমান ৱেবছাইট ৷ পোনপ্ৰথমে, ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰিবৰ বাবে আপোনাৰ এটা ই-মেইল একাউন্ট থকাটো প্ৰয়োজনীয় ৷ তাৰ পাছত আপুনি সেই ই-মেইল একাউন্টটোৰে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰি পঞ্জীয়ন কৰিব লাগে ৷ এই পঞ্জীয়ন প্ৰক্ৰিয়াত আপোনাক এটা গুপ্ত শব্দ(Password) বাচনি কৰিবলৈ কয় যাতে আপোনাৰ একাউন্টটোত কোনেও সেই গুপ্ত শব্দটো অবিহনে প্ৰৱেশ কৰিব নোৱাৰে ৷ প্ৰৱেশ কৰাৰ পাছত আপুনি আপোনাৰ নাম, ঠিকনা, ফটো, জন্মৰ তাৰিখ/চন, ৰুচি আদি নিজৰ বিষয়ে সংলগ্ন কৰিব পাৰে আৰু ইয়াক প্ৰফাইল আপডেট বুলি কোৱা হয় ৷ ইয়াৰ পিছত আপুনি ছ’চিয়েল মিডিয়াত সংলগ্ন থকা অন্য মানুহৰ পৃষ্ঠাবোৰ খুলি তেওঁলোকৰ ফটো, ৰুচি ইত্যাদিৰ বিষয়ে চাব পাৰে আৰু যদি কোনোবা আপোনাৰ চিনা-জনা নাইবা পছন্দৰ হয় তেতিয়া সেই মানুহজনলৈ আপুনি বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াব পাৰে ৷ কেইটামান জনপ্ৰিয় ছ’চিয়েল মিডিয়াৰ নাম হল… গুগল প্লাছ, ফেচবুক, ফ্লিকাৰ, টুইটাৰ, ইনষ্টাগ্ৰাম , ৱাটছআপ আদি ৷
   ছ’চিয়েল মিডিয়াৰ ইতিবাচক
   ছ’চিয়েল মিডিয়াৰ দুটামান ইতিবাচক কথা উল্লেখ কৰাটো সমীচিন হব – উদাহৰণস্বৰূপে, আপুনি বহু দুৰৈৰ ঠাই এখনলৈ যাব বিচাৰিছে ৷ কিন্তু তাত থকা-মেলাৰ সুবিধা কিমান, কত কত যাব ইত্যাদি কথাবোৰ আপুনি নাজানে ৷ কিন্তু যদিহে সেই ঠাইখনৰ আপোনাৰ কোনোবা ছ’চিয়েল মিডিয়াৰ বন্ধু আছে তেতিয়া আপুনি সেই বন্ধুজনৰপৰা সেই ঠাইখনৰ বিষয়ে আগতীয়াকৈ কিছুমান কথা সুধি লব পাৰে ৷ ঠিক সেইদৰে, কিছু ক্ষেত্ৰত আপুনি আপোনাৰ শৈশৱৰ বন্ধুবোৰৰ পৰা বহু দিন আঁতৰি থাকিবলগীয়া হৈছিল ৷ কাৰণ আগৰ দিনত আজিৰ দৰে ঘৰে ঘৰে কম্পিউটাৰ, হাতে হাতে মবাইল ফোনৰ ব্যৱস্থা নাছিল ৷ কিন্তু আজি ইন্টাৰনেটত ‘ছ’চিয়েল মিডিয়া’ বা ‘সামাজিক মাধ্যম’ৰ জৰিয়তে আপুনি আপোনাৰ বাল্যকালৰ বন্ধুজনক আকৌ ঘুৰাই পাব পাৰে ৷
মানুহ সমাজপ্রিয়৷ ছ’চিয়েল মিডিয়াই মানুহক অনলাইন সমাজ এখন গঢ়াৰ সুবিধা দিয়াৰ লগতে সামাজিক দায়বদ্ধতাৰ খাতিৰত ছ’চিয়েল মিডিয়াৰ মাধ্যমত ইজনে সিজনৰ বিপদৰ সময়ত সহায়ৰ হাত আগ বঢ়োৱাৰ সুবিধাও দিছে৷ মানুহৰ জীৱনত দুখ-বিপদ, সমস্যা আদিৰ অন্ত নাই৷ এনে সময়ত আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আদিৰ পৰা পোৱা মাত এষাৰিয়ে মানুহক সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাহস যোগায়৷ সামাজিক কাম কৰি ভালপোৱা বহু লোক ফে’চবুক, টুইটাৰ আদিৰ যোগেদি বিপদগ্রস্ত লোকক সহায় কৰিবলৈ আগ বাঢ়ি অহা দেখা যায়৷ আজিকালি কোনো এক ৱেবছাইট খুলিলেই চিকিৎসাৰ বাবে সহায় বিচৰা বহু লোকৰ আৱেদন প্রদর্শিত হয়৷ মানৱতাক জীয়াই ৰাখিবলৈ মানুহে বিপদগ্রস্ত লোকক সহায় কৰা উচিত৷ এই ক্ষেত্রত ছ’চিয়েল মিডিয়াই উল্লেখযোগ্য ভূমিকা পালন কৰা বুলি ক’ব পাৰি৷
বিজ্ঞানৰ উক্ত অত্যাধুনিক টেকনলজি আৱিষ্কাৰৰ আগলৈকে বিশ্বত ঘটি থকা ঘটনাসমূহৰ বিষয়ে মানুহে তাৎক্ষণিকভাৱে জনাৰ কোনো সুবিধা নাছিল৷ সংবাদ মাধ্যমসমূহেও সকলো সময়তে সত্য বাতৰি পৰিৱেশন কৰা দেখা নগৈছিল৷ ছ’চিয়েল নেটৱর্কিং ছাইট আৱিষ্কাৰ হোৱাৰ পাছৰ পৰা বিশ্বত ঘটি থকা সৰু-ডাঙৰ যিকোনো ঘটনা ছ’চিয়েল মিডিয়াত দিয়াৰ লগে লগে সকলোৱে একে সময়তে সঁচা খবৰ জনাৰ সুবিধা লাভ কৰা হ’ল৷ ব্যৱসায়ৰ ক্ষেত্রখনতো ছ’চিয়েল মিডিয়াৰ যথেষ্ট প্রভাৱ আছে ।
  ছ’চিয়েল মিডিয়াৰ নেতিবাচক
নেতিবাচক দিশসমূহ মানুহৰ বাবে বিপজ্জনক৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল, চাইবাৰ যুঁজ, হেকিং, অপবাদ, ঠগ-প্রৱঞ্চনা, শাৰীৰিক ক্ষতি ইত্যাদি৷ ছ’চিয়েল মিডিয়াৰ বেয়া দিশসমূহৰ ভিতৰত এক বিপজ্জনক দিশ হ’ল, চাইবাৰ যুঁজ৷ ইংৰাজীত যাক কোৱা হয় Cyber bullying৷ ছ’চিয়েল মিডিয়াৰ পূর্বে সকলোবোৰ সাধাৰণভাৱেই চলি গৈছিল, কিন্তু ইণ্টাৰনেট প্রৱর্তনৰ পাছৰ পৰা অনলাইন মাধ্যমত এক নতুন ৰূপৰ ধমকি বা যুঁজ লগা প্রথাই আত্মপ্রকাশ কৰে৷ ইয়াকে চাইবাৰ যুঁজ বা চাইবাৰ ধমক বুলি কোৱা হয়৷
বর্তমান সময়ত হেকাৰসকলে ব্যক্তিগত তথ্য আহৰণ কৰি বেংকৰ পৰা ধন সৰকোৱাৰ উপৰি ফে’চবুক, টুইটাৰ আদিত অলাগতিয়াল প’ষ্ট দি হেক কৰা লোকজনৰ জীৱন দুর্বিষহ কৰি তোলা দেখা যায়৷ এনে কার্যৰ দ্বাৰা ব্যক্তি বিশেষৰ জীৱন ধবংস হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি৷ মিছা অপবাদেৰে মানুহৰ সুনাম নষ্ট কৰা বা দুর্নাম কৰাৰ সুবিধা দিয়াটো আন এক নেতিবাচক দিশ৷ সততা আৰু সজ আচৰণৰ দ্বাৰা সমাজত অর্জন কৰা যশ-কীর্তি, সুখ্যাতি আদি হেকিঙৰ দ্বাৰা নিমিষতে নস্যাৎ কৰিব পাৰি৷ কোনো লোকৰ নামত মিছা ঘটনা ৰচি তৎক্ষণাৎ ফে’চবুক, টুইটাৰ আদিৰ জৰিয়তে সমাজত বিয়পাই দি, লোক এজনৰ মান-সন্মান, খ্যাতি আদি বিনষ্ট কৰি একে ৰাতিৰ ভিতৰতে নায়কৰ পৰা খলনায়কত পৰিণত কৰিব পাৰি৷ ঠিক একেদৰে ব্যৱসায়ৰ ক্ষেত্রতো মনে সজা, মিছা ঘটনা প্রচাৰ কৰি কোনো ব্যাৱসায়িক প্রতিষ্ঠান বা নির্দিষ্ট ব্রেণ্ডৰ বস্তুৰ বিপক্ষে অপপ্রচাৰ চলাই ক্ষতি সাধন কৰিব পাৰি৷ ইয়াৰ উপৰি ইনষ্টাগ্রাম, ফে’চবুক আদিত ভুল তথ্যৰে মিছা বাতৰিকে সঁচা বুলি প্রকাশ কৰি বহুতক ঠগ-প্রৱঞ্চনা কৰাৰ নজিৰো নোহোৱা নহয়৷ অনৱৰতে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্রাম আদিত নিজকে ব্যস্ত ৰখাৰ ফলত গঢ় লৈ উঠা আসক্তিয়ে ব্যক্তিগত জীৱনতো প্রভাৱ পৰে৷
উঠি অহা চামৰ কিছুৱে ছ’চিয়েল মিডিয়াত অধিক ব্যস্ত হৈ থাকি আত্মীয়-স্বজন, বন্ধু-বান্ধৱক সামাজিকভাৱে বর্জন কৰি অকলশৰীয়া জীৱন-যাপন কৰা দেখা যায়৷ তেওঁলোক ইমানেই নির্ভৰশীল হৈ পৰে যে বহুমূলীয়া সময়খিনি, নিজৰ আৰু সমাজৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰাৰ পৰিৱর্তে ছ’চিয়েল নেটৱর্কি ছাইটসমূহত খৰচ কৰে৷ ছ’চিয়েল মিডিয়াত অনৱৰতে ব্যস্ত হৈ থকাটো শৰীৰৰ বাবে ক্ষতিকাৰক ৷ ইয়াৰ লগে লগে মানসিক অশান্তিৰ সৃষ্টি হৈ ডিপ্রেচনত ভোগাও দেখা যায়৷
ইয়াকে ক’ব পাৰি যে ছ’চিয়েল মিডিয়াৰ ভাল আৰু বেয়া দুয়োটা দিশেই আছে৷ গতিকে ইয়াৰ ব্যৱহাৰৰ ওপৰতে উপকৃত হোৱাৰ মাপকাঠী নির্ভৰ কৰে৷ যিকোনো বস্তুৰে অধিক ব্যৱহাৰ বেয়া বুলি কোৱা হয়৷ সেই দিশৰ পৰা সংযমেৰে প্রয়োজনতহে সঠিকভাৱে ব্যৱহাৰ কৰিলে ছ’চিয়েল মিডিয়াৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা অধিক৷

 

1 thought on “ছ’চিয়েল মিডিয়া || ছ’চিয়েল মিডিয়াৰ ইতিবাচক আৰু নেতিবাচক”

Leave a Reply