গঙ্গা নদী-প্ৰবাহপথ | দেবপ্ৰয়াগ | গঙ্গা নদীৰ দৈর্ঘ্য | গঙ্গা নদীৰ ইতিহাস

গঙ্গা নদী

ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও । গঙ্গাৰ দৈৰ্ঘ্য 2,525 km (1,569 মাইল); উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত। জলপ্ৰবাহৰ ক্ষমতা অনুযায়ী গঙ্গা বিশ্বৰ প্ৰথম ২০খন নদীৰ এখন।

গঙ্গা হিন্দুসকলৰ বাবে পবিত্ৰ নদী। তেওঁলোকে এই নদীক দেৱীজ্ঞানেৰে পূজা কৰে। গঙ্গাৰ ঐতিহাসিক গুৰুত্বও অপৰিসীম; একাধিক পূৰ্বতন প্ৰাদেশিক আৰু সাম্ৰাজ্যিক ৰাজধানী (যেনে পাটলিপুত্ৰ, কনৌজ,কাশী, এলাহাবাদ, মুৰ্শিদাবাদ, মুঙ্গেৰ আৰু কলকাতা) এই নদীৰ পাৰতেই অৱস্থিত।

গঙ্গা নদীৰ প্ৰবাহপথ

মূল গঙ্গা নদীৰ উৎসস্থল ভাগীৰথী আৰু অলকানন্দা নদীৰ সঙ্গমস্থল। হিন্দু সংস্কৃতিত ভাগীৰথীকেই গঙ্গাৰ মূল প্ৰবাহ বুলি মানি লোৱা হয়। যদিও অলকানন্দা নদীখন দীৰ্ঘতৰ। অলকানন্দাৰ উৎসস্থল নন্দাদেবী, ত্ৰিশূল আৰু কামেট শৃঙ্গৰ বৰফগলা পানী। ভাগীৰথীৰ উৎস গোমুখৰ গঙ্গোত্ৰী হিমবাহ ।

গঙ্গা নদী দীৰ সঙ্গমস্থল দেবপ্ৰয়াগ

গঙ্গাৰ পানীৰ উৎস অনেকবোৰ সৰু নদী। ইয়াৰ মাজত ছটা দীৰ্ঘতম ধাৰা আৰু গঙ্গাৰ লগত সেইবোৰৰ সঙ্গমস্থলসমূহক হিন্দুসকলে পবিত্ৰ বুলি মানি চলে। এই ছটি ধাৰা হল অলকানন্দা, ধৌলীগঙ্গা, নন্দাকিনী, পিণ্ডাৰ, মন্দাকিনী আৰু ভাগীৰথী। পঞ্চপ্ৰয়াগ নামে পৰিচিত পাঁচোটা সঙ্গমস্থলেই অলকানন্দাৰ ওপৰত অৱস্থিত। এইবিলাক হল বিষ্ণুপ্ৰয়াগ (য’ত ধৌলীগঙ্গা অলকানন্দাৰ লগত মিলিত হৈছে), নন্দপ্ৰয়াগ (য’ত নন্দাকিনী মিলিত হৈছে), কৰ্ণপ্ৰয়াগ (য’ত পিণ্ডাৰ মিলিত হৈছে), ৰুদ্ৰপ্ৰয়াগ (য’ত মন্দাকিনী মিলিত হৈছে) আৰু সৰ্বশেষত দেবপ্ৰয়াগ য’ত ভাগীৰথী আৰু অলকানন্দাৰ মিলনৰ ফলত মূল গঙ্গা নদীৰ জন্ম হৈছে।

হিমালয় পাৰ্বত্য অঞ্চলত গঙ্গাৰ দৈৰ্ঘ্য ২৫০ kilometre (160 মাইল)। হৃষীকেশৰ ওচৰত গঙ্গাই হিমালয় ত্যাগ কৰি তীৰ্থচহৰ হৰিদ্বাৰ গাঙ্গেয় সমভূমিত পৰিছেগৈ। হৰিদ্বাৰত এটি বান্ধ সৃষ্টি কৰি গঙ্গা খালৰ মাধ্যমেৰে গঙ্গাৰ পানী উত্তৰপ্ৰদেশৰ দোয়াব অঞ্চললৈ জলসিঞ্চনৰ বাবে পঠোৱা হয়। এইখিনিতে গঙ্গাৰ মূলধাৰাটো হৰিদ্বাৰৰ আগত সামান্য দক্ষিণ-পশ্চিমমুখী হ’লেও হৰিদ্বাৰৰ পৰা তাক দক্ষিণ-পূৰ্বৰ ফালে বোৱাই নিয়া হৈছে॥

ইয়াৰ পৰা গঙ্গা কনৌজ, ফাৰুকাবাদ আৰু কানপুৰ চহৰৰ ধাৰেৰে এটা অৰ্ধ-বৃত্তাকাৰ পথেৰে 800 kilometre (500 মাইল) পাৰ হৈছে। এই পথেৰেই ৰামগঙ্গা (বাৰ্ষিক জলপ্ৰবাহ 500 cubic metres per second (18,000 cu ft/s)) গঙ্গাত মিলিছে। এলাহাবাদৰ ত্ৰিবেণী সঙ্গমত যমুনা নদী গঙ্গাত মিলিছে। সঙ্গমস্থলত যমুনাৰ আকাৰ গঙ্গাতকৈয়ো বৃহত্‌। যমুনাই গঙ্গাত 2,950 m3/s (1,04,000 cu ft/s) পানী বোৱায়, যি উভয় নদীৰ যুগ্মপ্ৰবাহৰ জলধাৰাৰ মুঠ ৫৮.৫%।

ইয়াৰ পৰা গঙ্গা পূৰ্ববাহিনী নদী। যমুনাৰ পাছত গঙ্গাত মিলিছে কাইমুৰ পৰ্বতমালাৰ পৰা উৎপন্ন নদী তমসা (বাৰ্ষিক জলপ্ৰবাহ 190 m3/s (6,700 cu ft/s))। তাৰপাছত মিলিছে দক্ষিণ হিমালয়ত উৎপন্ন নদী গোমতী (বাৰ্ষিক জলপ্ৰবাহ 234 m3/s (8,300 cu ft/s))। তাৰপাছত গঙ্গাত মিলিছে গঙ্গাৰ বৃহত্তম উপনদী ঘৰ্ঘৰা (বাৰ্ষিক জলপ্ৰবাহ 2,990 m3/s (1,06,000 cu ft/s))। ঘৰ্ঘৰাৰ পাছত দক্ষিণ ফালৰ পৰা গঙ্গাৰ লগত মিলিছে শোন (বাৰ্ষিক জলপ্ৰবাহ 1,000 m3/s (35,000 cu ft/s)), উত্তৰ ফালৰ পৰা মিলিছে গণ্ডকী (বাৰ্ষিক জলপ্ৰবাহ 1,654 m3/s (58,400 cu ft/s)) আৰু কোশী (বাৰ্ষিক জলপ্ৰবাহ 2,166 m3/s (76,500 cu ft/s))। কোশী ঘৰ্ঘৰা আৰু যমুনাৰ পাছত গঙ্গাৰ তৃতীয় বৃহত্তম উপনদী।

এলাহাবাদৰ পৰা পশ্চিমবঙ্গৰ মালদহ পৰ্যন্ত গঙ্গা বাৰাণসী, পাটনা, গাজীপুৰ, ভাগলপুৰ, মিৰ্জাপুৰ, বালিয়া, বক্সাৰ, চৈয়দপুৰ আৰু চুনাৰ চহৰৰ কাষেদি প্ৰবাহিত হৈছে। ভাগলপুৰত নদী দক্ষিণ-দক্ষিণপূৰ্বৰ ফালে ববলৈ আৰম্ভ কৰিছে। পাকুৰৰ কাষত গঙ্গাৰ ঘৰ্ষণক্ষয় আৰম্ভ হৈছে। এইখিনিৰ পৰাই গঙ্গাৰ প্ৰথম শাখানদী ভাগীৰথী-হুগলিৰ জন্ম, যিখন দক্ষিণবঙ্গত গৈ হৈছে হুগলি নদী। বাংলাদেশ সীমান্ত পাৰ হোৱাৰ কিছু আগত হুগলি নদীত গঢ়ি তোলা হৈছে ফাৰাক্কা বান্ধ। এই বান্ধ আৰু ফিডাৰ খালৰ মাধ্যমেৰে জলপ্ৰবাহ নিয়ন্ত্ৰণ কৰি হুগলি নদীক আপেক্ষিকভাবে পলসমুক্ত ৰখা হয়। ভাগীৰথী আৰু জলঙ্গী নদীৰ সঙ্গমৰ পাছত হুগলি নদীৰ উৎপত্তি। এই নদীৰ বহু উপনদী আছে। তাৰ মাজত আটাইতকৈ ডাঙৰ উপনদীখন হ’ল দামোদৰ নদী (দৈৰ্ঘ্য 541 km (336 মাইল); অববাহিকাৰ আয়তন 25,820 বৰ্গ কি.মি. (9,970 বৰ্গ মাইল))।হুগলি নদী সাগৰ দ্বীপৰ কাষত বঙ্গোপসাগৰত মিলিছে।

বাংলাদেশত যমুনা নদীৰ (ব্ৰহ্মপুত্ৰৰ বৃহত্তম শাখানদী) সঙ্গমস্থল পৰ্যন্ত গঙ্গাৰ মূল শাখাটো পদ্মা নামে পৰিচিত। তাৰো দক্ষিণলৈ গৈ গঙ্গা ব্ৰহ্মপুত্ৰৰ দ্বিতীয় বৃহত্তম শাখানদী মেঘনাৰ লগত মিলি মেঘনা নাম ধাৰণ কৰি শেষপৰ্যন্ত বঙ্গোপসাগৰত পৰিছে।

গঙ্গা-ব্ৰহ্মপুত্ৰ নদীৰ বদ্বীপ বিশ্বৰ বৃহত্তম বদ্বীপ। ইয়াৰ আয়তন প্ৰায় 59,000 বৰ্গ কি.মি. (23,000 বৰ্গ মাইল)। বঙ্গোপসাগৰৰ তীৰ-অনুযায়ী এই বদ্বীপৰ দৈৰ্ঘ্য 322 km (200 মাইল)।

গঙ্গা নদীৰ ইতিহাস

সিন্ধু সভ্যতাৰ অন্তিম হৰপ্পা পৰ্যায়ত (১৯০০-১৩০০ খ্ৰীষ্টপূৰ্বত) হৰপ্পাবাসীসকলে সিন্ধু উপত্যকা এৰি পূবফালে বসতি স্থাপন কৰি গঙ্গা-যমুনা দোয়াব পৰ্যন্ত গুচি আহে। যদিও কোনেও গঙ্গা পাৰ হৈ পূৰ্বতীৰত বসতি স্থাপন নাইকৰা। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিৰ ফালে হৰপ্পা সভ্যতা ভাঙি যোৱাৰ সময়ৰ পৰা ভাৰতীয় সভ্যতাৰ প্ৰাণকেন্দ্ৰ সিন্ধু উপত্যকাৰ পৰা আঁতৰি আহে গাঙ্গেয় অববাহিকালৈ। গাঙ্গেয় অববাহিকাত অন্তিম হৰপ্পা বসতি আৰু সমাধিক্ষেত্ৰ এইচ পুৰাতাত্ত্বিক সংস্কৃতি, ইন্দো-আৰ্য জাতি আৰু বৈদিক যুগৰ মাজত কোনো সংযোগ থাকিলেও থাকিব পাৰে।

আদি বৈদিক যুগ বা ঋগ্বেদৰ যুগত গঙ্গাই নহয়, সিন্ধু আৰু সৰস্বতী নদীও আছিল পবিত্ৰ নদী। কিন্তু পৰৱৰ্তী তিনি বেদত গঙ্গাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তাৰপাছত মৌৰ্যৰ পৰা মোগল সাম্ৰাজ্য পৰ্যন্ত অধিকাংশ ভাৰতীয় সভ্যতাৰেই প্ৰাণকেন্দ্ৰ আছিল গাঙ্গেয় সমভূমি।

গঙ্গা নদীৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব

পবিত্ৰতা

উৎসৰ পৰা মোহনা পৰ্যন্ত সম্পূৰ্ণ গঙ্গা নদীখনেই হিন্দুৰ বাবে পবিত্ৰ। সকলো ঠাইতেই গঙ্গাস্নান হিন্দুসকলৰ বাবে এটি পুণ্যকৰ্ম বুলি বিবেচিত হয়। গঙ্গাৰ পানীত হিন্দুসকলে পূৰ্বপুৰুষৰ তৰ্পণ কৰে। গঙ্গাত ফুল আৰু বন্তি উটুৱায়। এনেকি গঙ্গাস্নান কৰি উঠি ঘৰলৈ ওভতাৰ সময়ত কিছু পৰিমাণে গঙ্গাৰ পানী ঘৰোৱা ধৰ্মানুষ্ঠানত ব্যৱহাৰৰ বাবে তুলি নিয়ে। প্ৰিয়জনৰ মৃত্যু হ’লে মৃতকৰ অস্থি গঙ্গাত বিসৰ্জন দিয়া হয়।

হিন্দু পুৰাণৰ সকলোতেই গঙ্গাজলক পবিত্ৰ বোলা হৈছে। অনেক ঠাইত স্থানীয় নদীসমূহক “গঙ্গাতুল্য” বুলি মান কৰা হয়। যেনে, কাবেৰী নদীক বোলা হয় “দক্ষিণৰ গঙ্গা”। গোদাবৰী নদীক ধৰা হয়, ঋষি গৌতমৰ দ্বাৰা মধ্যভাৰতলৈ আহ্বান কৰা গঙ্গা। হিন্দুসকলৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে গঙ্গাক আবাহন কৰা হয়। ধৰা হয়, সকলো পবিত্ৰ পানীতেই গঙ্গা অধিষ্ঠিত। গঙ্গোত্ৰী, হৰিদ্বাৰ, প্ৰয়াগ আৰু বাৰাণসীত গঙ্গাস্নান হিন্দুসকলৰ বাবে বিশেষ পুণ্যকৰ্ম। গঙ্গাৰ প্ৰতীকী আৰু ধৰ্মীয় গুৰুত্ব ভাৰতত সংশয়বাদী্সকলেও স্বীকাৰ কৰে। জৱাহৰলাল নেহেৰু নিজে ধৰ্মবিৰোধী হলেও তেওঁৰ চিতাভষ্মৰ একমুঠি গঙ্গাত বিসৰ্জন দিবলৈ কৈছিল।তেওঁ লিখিছিল, “গঙ্গা ভাৰতৰ নদী। ভাৰতবাসীৰ প্ৰিয়। এই নদীক আগুৰি ৰৈছে কত জাতিৰ কত স্মৃতি, কত আশা আৰু ভীতি, বিজয়ৰ কত গান, কত জয়পৰাজয়। গঙ্গা ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ প্ৰতীক। কত পৰিবৰ্তনৰ মাজেদি নিত্য বৈ যায় গঙ্গা। তথাপি গঙ্গা ”গঙ্গা”ই হৈ আছে”।

গঙ্গাবতৰণ

প্ৰতি বছৰে জেঠ মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি হিন্দুসকলে “গঙ্গাবতৰণ” বা গঙ্গাৰ মৰ্ত্যলৈ অবতৰণৰ স্মৰণত বিশেষভাবে উদযাপন কৰে। এই দিনটোক “দশহৰা” বোলে। হিন্দুমতে, এই দিনটো গঙ্গাস্নানৰ কাৰণে বিশেষভাবে প্ৰশস্ত। হিন্দুসকলে বিশ্বাস কৰে যে, এই দিনা গঙ্গাস্নান কৰিলে দহবিধ বা দহ জন্মৰ পাপৰ পৰা পৰিত্ৰাণ পোৱা যায়। যিসকলে এই দিনা গঙ্গালৈ আহি স্নান কৰিব নোৱাৰে, তেওঁলোকে তেওঁলোকৰ বাসস্থানৰ নিকটবৰ্তী জলাশয় বা নদীত স্নান কৰে। কাৰণ, হিন্দু বিশ্বাসত এই দিনটোত সকলো জলাশয় বা নদী গঙ্গাতুল্য হয়।

 

মৃতকৰ সদগতি

গঙ্গা যিহেতু স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহিছিল, গতিকে গঙ্গাক মৰ্ত্যৰ পৰা স্বৰ্গলৈ উত্তৰণৰ এটি মাধ্যম বুলি ধৰা হয়। হিন্দু বিশ্বাস অনুযায়ী, স্বৰ্গ, মৰ্ত্য আৰু পাতাল – এই তিনি লোকত প্ৰবাহিত বুলিয়েই গঙ্গাৰ নাম ত্ৰিলোকপথগামিনী। আকৌ, জীবিত অথবা মৃত সকলো জীৱৰেই যাত্ৰাপথত অবস্থিত বুলি, ইয়াৰ অন্য নাম তীৰ্থ। এই কাৰণে হিন্দুসকলৰ শ্ৰাদ্ধ অনুষ্ঠানত গঙ্গাবতৰণ উপাখ্যানটি পাঠ কৰা হয় আৰু মৃতকৰ অন্ত্যেষ্টি আৰু পৰলৌকিক ক্ৰিয়াত গঙ্গাজল ব্যবহৃত হয়।

অনেক হিন্দুৱে বাৰাণসীৰ শ্মশানঘাটত শেষ নিঃশ্বাস ত্যাগ কৰিব বিচাৰে।তেওঁলোকে ধৰি লয়, বাৰাণসীৰ গঙ্গাতীৰত শেষ নিঃশ্বাস ত্যাগ কৰিলে তেওঁলোকে সত্ত্বৰে মুক্তিলাভ কৰিব। অন্যত্ৰ মৃত্যু হলে, মৃতকৰ পৰিয়ালবৰ্গই মৃতকৰ দেহাৱশেষ গঙ্গাত নিক্ষেপ কৰে।   যদি তাকো সম্ভব নহয়, তেতিয়াহ’লে মৃতকৰ কোনো আত্মীয়ই আহিন মাহত পিতৃপক্ষত গঙ্গাতীৰলৈ আহি মৃতকৰ বিশেষ শ্ৰাদ্ধানুষ্ঠান কৰে।

Leave a Reply