কোকৰাঝাৰ জিলা – ইতিহাস || কোকৰাঝাৰ জিলাৰ মহকুমা

কোকৰাঝাৰ জিলা - ইতিহাস

 

কোকৰাঝাৰ জিলা  অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ই এক প্ৰৱেশদ্বাৰ স্বৰূপ। ২০০৩ চনত গঠিত বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অৱস্থিত।
কোকৰাঝাৰ নামৰ উৎপত্তি :
 
কোকৰাঝাৰ ঠাইখনত অধিক পৰিমাণে কেঁকোৰা বা খাংখ্ৰাই পোৱা গৈছিল ৷ ঝাৰ শব্দই ঝাৰণি অৰ্থাৎ জোপোহা বননিক বুজায় ৷ জনমত অনুসৰি কেঁকোৰা শব্দৰ পৰাই কোকৰাঝাৰ নামটো আৰু পিছলৈ জিলাখনৰ নাম হৈছে ৷
 
কোকৰাঝাৰ জিলাৰ ভৌগোলিক বৰ্ণনা:
কোকৰাঝাৰ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এখন জিলা। কোকৰাঝাৰ জিলাৰ ভৌগোলিক অৱস্থান ৮৯ ডিগ্ৰী ৪৬ মিনিটৰ পৰা ৯০ ডিগ্ৰী ৩৮ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৯ মিনিটৰ পৰা ২৬ ডিগ্ৰী ৫৪ মিনিট অক্ষাংশলৈ বিস্তৃত। কোকৰাঝাৰ জিলাৰ মাটিকালি ৩,১৬৯.২২ বৰ্গ কিলোমিটাৰ।
 কোকৰাঝাৰ জিলাৰচাৰিসীমা :
কোকৰাঝাৰ জিলাৰ কেইখনমান উল্লেখযোগ্য নৈ-উপনৈ হৈছে : মানাহ, গঙেয়া,আই, চম্পাৱতী, সৰলভঙা, সোণকোষ, গৌৰাং, হেল, লঙা ইত্যাদি।
কোকৰাঝাৰ জিলৰ ইতিহাস 
 
কোকৰাঝাৰ পূৰ্বতে অবিভক্ত গোৱালপাৰা জিলাৰ এক অংশ আছিল। ১৯৫৬ চনলৈকে, এটা সৰু ৰেল ষ্টেচনৰ সৈতে ই এখন সৰু গাঁৱ আছিল। ১৯৫৭ চনত, সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ধুবুৰী মহকুমাৰ উত্তৰ ভাগৰ এক অংশ আৰু গোৱালপাৰা জিলাৰ কিছু অংশ লৈ এটা নতুন মহকুমাৰ সৃষ্টি কৰিছিল। এই নতুন মহকুমাটোক কোকৰাঝাৰ মহকুমা বোলা হৈছিল। গোৱালপাৰা জিলাখন এনেদৰে তিনিটাকৈ মহকুমাত ভাগ কৰা হৈছিল। বিজনী, ছিডলী, চিৰাং, ৰিপু আৰু গোমা অঞ্চলৰ সৈতে সেই সময়ৰ কোকৰাঝাৰ মহকুমাৰ মুঠ মাটিকালি আছিল ৪,০৬৫.৮৮ বৰ্গ কিলোমিটাৰ (১,৫৬৯.৯ বৰ্গ মাইল)।
১৯৮৩ চনৰ ১ জুলাইত, কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ কোকৰাঝাৰ মহকুমাটো কোকৰাঝাৰ জিলালৈ উন্নীত হয়। কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ বনোৱা হয়। নতুন জিলাখনত চাৰিটাকৈ আৰক্ষী চকী আছিল: বিজনী, ছিডলী, কোকৰাঝাৰ আৰু গোসাঁইগাঁও। জিলাখন পূবে মানাহ নদীৰপৰা পশ্চিমে সোণকোষলৈকে বিস্তৃত আছিল।
কোকৰাঝাৰ জিলা সদৰ কোকৰাঝাৰ ৷
 মহকুমা হল – কোকৰাঝাৰ, গোঁসাইগাঁও আৰু পৰ্বতঝৰা ৷
 কোকৰাঝাৰ  জিলাৰ পঞ্চায়ত   ১৩৪ খন
কোকৰাঝাৰ জিলাৰ ৰাজহ  চক্ৰ :  ৫
 কোকৰাঝাৰ জিলাৰ জনগাঁথনি : ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ৮,৮৬,৯৯৯  ।
 এই জিলাৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷ ইয়াৰ নৈ-উপনৈসমূহ হল – চম্পামতী, তৰাং, হেল, সৰলভাঙা, জালকাটি আৰু সোণকোষ ৷ ইয়াত থকা বনাঞ্চল হল – কচুগাঁও, চক্ৰশীলা অভয়াৰণ্য ৷ চক্ৰশীলাৰ সোণালী বান্দৰ পৰ্যটকসকলৰ অন্যতম আকৰ্ষন ৷ এই জিলাৰে চালেকাটিত তাপ বিদ্যুৎ কেন্দ্ৰ আছে ৷ তাৰোপৰি ইয়াৰ আন প্ৰধান শিল্প উদ্যোগসমূহ হল – প্লাইউদ, বাঁহ-বেঁতৰ সঁজুলি, কাঠৰ সামগ্ৰী আদি ৷ কোকৰাঝাৰৰ গোঁসাইগাঁও অঞ্চলৰপৰা প্ৰচুৰ পৰিমানে কাঠ ৰপ্তানি কৰা হয় ৷

Leave a Reply