অসম চুক্তি – কেতিয়া হৈছিল || অসম চুক্তিৰ বিভিন্ন দফাসমূহ

 

The assam acccord , অসম চুক্তি , অসম চুক্তি কেতিয়া হৈছিল
 অসম চুক্তি

 

অসম চুক্তি (১৯৮৫) ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি । এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল।

এই অসম চুক্তিৰ বিভিন্ন দফাসমূহ বাস্তৱ অৰ্থত প্ৰয়োগৰ হকে এটি নতুন বিভাগৰ সূচনা হয় ১৯৮৬ চনত “অসম চুক্তি ৰূপায়ণ বিভাগ” নামেৰে।

এই বিভাগৰ প্ৰধান কাম হল অসম চুক্তিৰ বিভিন্ন দফাসমূহৰ সঠিক প্ৰয়োগৰ প্ৰতি দৃষ্টি ৰখা, যাক ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ দ্বাৰা কতৃত্ব প্ৰদত্ত বিভিন্ন বিভাগ/ সংস্থাৰ দ্বাৰা পৰিচালিত কৰা হয়। এই বিভাগে সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন বিভাগ/ সংস্থাৰ লগত মিলিত হৈ অসম চুক্তিৰ দফাসমূহৰ ৰূপায়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত। এই বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত কোনো সঞ্চালকালয় আৰু অধীনস্থ কাৰ্য্যালয় নাই।এই বিভাগৰ নিজস্ব কোনো বিত্তীয় লক্ষ্য মাত্ৰা নাই কাৰণে বিভাগটোৱে কোনো আঁচনি সম্পাদন নকৰে।

 

অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়নৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ/ সংস্থাসমূহৰ বিবৃতি।

 

                                  দফা                                              সংশ্লিষ্ট বিভাগ/ বিভাগসমূহ       

৫.১ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশীসকলক চিনাক্ত কৰা আৰু তেওঁলোকক আঁতৰোৱাৰ ব্যৱস্থা কৰা।

১. গৃহ আৰু ৰাজনৈতিক বিভাগ

২. আৰক্ষী সঞ্চালক প্ৰধান, অসম

৫.২ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ ভিতৰত অসমলৈ অহা আৰু ১৯৬৭ চনত হোৱা গণতান্ত্ৰিক নিৰ্বাচনত ভোটদান কৰাসকলক নিয়মীয়া কৰা।

৫.৩ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰবেশ কৰা প্ৰতিজনকে বৈদেশিক আইনৰ অধীনত চিনাক্ত কৰা (১৯৪৬ চন আৰু কাৰ্যকৰী ১৯৬৮)

৫.৪ – চিনাক্ত কৰা বিদেশী নাগৰিকসকলক নিৰ্বাচনত ভাগ লোৱাৰ পৰা আঁতৰত ৰখা। ১৯৩৯ চনৰ বৈদেশিক আইনৰ অধীনত প্ৰতি জিলাৰ পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়ত নিজৰ নিজৰ নাম পঞ্জীয়ন কৰোৱাৰ ব্যৱস্থা কৰা।

৫.৫ – এই উদ্দেশ্যে, ভাৰত চৰকাৰে চৰকাৰী যন্ত্ৰপাতিৰ উপযুক্তভাৱে শক্তিশালী কৰিব

৫.৬ – দহ বছৰৰ এটি সময়সীমা ধাৰ্য কৰি, যিসকলৰ নাম ইতিমধ্যে নাগৰিকৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ প্ৰতিষ্ঠা কৰা।

৫.৭ – অসমৰ পৰা ইতিপূৰ্বে বিতাৰিত কিন্তু বৰ্তমান অনাধিকাৰ প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি পুনৰ বিতাৰণৰ ব্যৱস্থা কৰা।

৫.৮ – ১৯৭১ চনৰ মাৰ্চৰ ২৫ তাৰিখ তথা তাৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকসকলক চিনাক্ত কৰি তত্কালীনভাৱে কাৰ্যকৰী হোৱাকৈ বহিস্কাৰ কৰা।

৫.৯ – আইন বহিৰ্ভুত প্ৰব্ৰজন আইন,১৯৮৩ৰ ৰূপায়নৰ ক্ষেত্ৰত আছু আৰু এ.এ.জি.এছ.পি.য়ে ব্যক্ত কৰা বিছুমান অসুবিধাৰ ওপৰতো চৰকাৰে দৃষ্টি আৰোপ কৰে।

৬ – সাংবিধানিক, আইনী আৰু প্ৰশাসনিক ক্ষেত্ৰত সুৰক্ষা, অসমৰ আপুৰুগীয়া সম্পদৰাজি সাহিত্য, সংস্কৃতি তথা ভাষিক সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰ কৰা।

১. গৃহ আৰু ৰাজনৈতিক বিভাগ

২. সাংস্কৃতিক পৰিক্ৰমা বিভাগ

৩. শিক্ষা (প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ) বিভাগ

৪. সমতলীয় জনজাতি আৰু পিছপৰা শ্ৰণীৰ কল্যাণ বিভাগ

৭ – এই সুযোগতে অৰ্থনৈতিক ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ উন্নতি সাধনৰো চৰকাৰে পোষকতা গ্ৰহণ কৰে যাতে নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত হয়। ইয়াৰ উপৰিও ৰাষ্ঠ্ৰীয় প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ জৰিয়তে শিক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

১. পৰিকল্পনা আৰু উন্নয়ন বিভাগ

২. শিক্ষা(প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ) বিভাগ

৩. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ

৮.১ – ভৱিষ্যতে নাগৰিকৰ প্ৰমাণ-পত্ৰ প্ৰদান কেৱল কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃপক্ষৰ ওচৰতহে দায়িত্বহে থাকিব।

১. গৃহ আৰু ৰাজনৈতিক বিভাগ

৮.২ – আছু তথা এ.এ.জি.এছ.পি.ৰ বিশেষ দাবীৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় নাগৰিকৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ অনিয়ম প্ৰকাশৰ বিষয়টো বিবেচনা কৰা হব।

৯. সকলো ধৰণৰ বৈদেশিক অনুপ্ৰবেশ নিয়ন্ত্ৰণৰ হকে বিশেষ সীমা সুৰক্ষাৰ ব্যৱস্থা। কাঁইটীয়া তাঁৰৰ বেৰ সীমাসমূহত দিয়া হয়। মাটি আৰু পানী উভয়তে সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰীক্ষণৰ ব্যৱস্থা। সুৰক্ষা দিশতো অধিক সবল কৰিবলৈ সীমাসমূহত নিৰীক্ষণ চকীৰ ব্যৱস্থা কৰা।

১. গৃহ আৰু ৰাজনৈতিক বিভাগ

২. সীমান্ত এলেকা

৩. গড়কাপ্তানী বিভাগ

৪. কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ

৫. ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণ নিগম লিমিটেড

৬. এন.পি.চি.চি. লিমিটেড

৭. মহা আৰক্ষী সঞ্চালক, অসম

৯.২ ইতিমধ্যে উল্লেখ কৰা বিভিন্ন সুৰক্ষামূলক ব্যৱস্থাসমূহৰ উপৰিও আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমাত এক ৰাস্তা নিৰ্মাণ কৰা হব যাতে সুৰক্ষা বাহিনীক পহৰাদাৰী কৰাত সুবিধা প্ৰদান কৰা হয়। যতদূৰ সম্ভৱ সীমা আৰু ৰাস্তাৰ মাজৰ ভূমি মানুহ বসবাস কৰাৰ পৰা মুক্ত ৰাখিব লাগে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নদীৰ পহৰাদাৰীকো তীব্ৰতৰ কৰা হব। আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হোৱা বা অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ কৰাৰ কাৰণেকাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হব।

১০. চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা। জনজাতি অধ্যুষিত অঞ্চলসমূহ আইনী বৱস্থাৰে বেদখলমুক্ত কৰা।

১. ৰাজহ আৰু ডি.এম. বিভাগ

১১. কোনো বিদেশী নাগৰিকে অসম ভূমিত আইন বহিৰ্ভূত সম্পত্তি অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰাসংগিক আইন অনুসৰি প্ৰতিবন্ধকতা লগোৱা হৈছে তাক নিশ্চিত কৰা

১. গৃহ আৰু ৰাজনৈতিক বিভাগ

২. ৰাজহ আৰু ডি.এম. বিভাগ

১২. নিয়মীয়াকৈ জন্ম-মৃত্যুৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা।

১. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

১৪. কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ এইক্ষেত্ৰত একমত-

১. গৃহ আৰু ৰাজনৈতিক বিভাগ

২. ৰাজহ আৰু ডি.এম. বিভাগ

ক) সহানুভূতিৰে সৈতে সমীক্ষা কৰিব লাগে আৰু আন্দোলনৰ সন্দৰ্ভত কৰ্মচাৰীসকলৰ ওপৰত অনুশাসনমূলক ব্যৱস্হাৰ গোচৰৰ প্ৰত্যাহাৰ কৰা আৰু কোনো যাতে ইয়াৰ বলি হবলগীয়া নহয় তাৰ বাবে বিবেচনামূলক মনোভাৱ পোষণ কৰা।

খ) চুক্তিৰ সময়ত মৃত্যুবৰণ কৰাসকলৰ বাবে আঁচনিৰ অধীনত পূৰ্ব- অনুগ্ৰহ অনুদানৰ ব্যৱস্থা কৰা।

গ) আৱদ্ধকৰণৰ ক্ষেত্ৰতো পুনৰ পৰ্যবেক্ষণৰ ব্যৱস্থা, লগতে জঘন্য অপৰাধত অভিযুক্তসকলক বাদ দি আন্দোলনৰ সন্দৰ্ভত অপৰাধীক অপৰাধৰ আৰোপি ব্যক্তিৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰা।

অতিৰিক্তঃ ১) অশোক কাগজ মিল ২) মৰাপাট মিলৰ পুনঃ মুকলি কৰা।

উদ্যোগ আৰু বাণিজ্য বিভাগ

 

স্বাক্ষৰকাৰীসকল

অসম আন্দোলনৰ প্ৰতিনিধি

  • প্ৰফুল্ল কুমাৰ মহন্ত, সভাপতি, সদৌ অসম ছাত্ৰ সন্থা
  • ভৃগু কুমাৰ ফুকন, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা
  • বিৰাজ শৰ্মা, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা

 

অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি

  • আৰ ডি প্ৰধান, গৃহ সচিব, ভাৰত চৰকাৰ
  • পি পি ত্ৰিৱেদী, মুখ্য সচিব, অসম চৰকাৰ

এই চুক্তিৰ স্বাক্ষৰৰ সময়ত উপস্থিত আছিল

  • ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰধান মন্ত্ৰী

 

Downloads
Title Size Detail
The Assam Accord – English.pdf 1.22 MB swf-image
The Assam Accord – Assamese.pdf 1.07 MB swf-image
তথ্য উৎস
  1.  Text of Assam Accord,
  2.  Assam Accord
  3. অসম ৰাজ্যিক প’ৰ্টেল

Leave a Reply