অসমৰ অধ্যক্ষ | অসমৰ ৰাজ্যপাল | বৰ্তমান অসমৰ ৰাজ্যপাল | শ্ৰী গুলাব চান্দ কাটাৰিয়া | Governor of Assam – Gulab Chand Kataria

অসমৰ অধ্যক্ষ | অসমৰ ৰাজ্যপাল | বৰ্তমান অসমৰ ৰাজ্যপাল | শ্ৰী গুলাব চান্দ কাটাৰিয়া |
শ্ৰী গুলাব চান্দ কাটাৰিয়া
মাননীয় অধ্যক্ষ, অসম

শ্ৰী গুলাব চান্দ কটাৰিয়াই ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাই নতুন ৰাজ্যপালৰ শপত গ্ৰহণ কৰে। শ্ৰী গুলাব চান্দ কটাৰিয়াৰ ঘৰ ৰাজস্থানৰ উদয়পুৰত। অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।তেওঁ ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁৰ কিছুমান উল্লেখযোগ্য কৃতিত্ব হ’ল, ২০০৪ চনৰ ৩১ মে’ৰ পৰা ২০০৮ চনৰ ৮ ডিচেম্বৰলৈকে আৰু পুনৰ ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থান চৰকাৰৰ অধীনত গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ। তেওঁ ৰাজস্থানৰ বিজেপি দলৰ জ্যেষ্ঠ নেতা হোৱাৰ উপৰিও দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য হিচাপেও সেৱা প্ৰদান কৰি আহিছে। উদয়পুৰৰ বাসিন্দা হিচাপে কাটাৰিয়াই, ভাৰতীয় সংসদৰ নিম্ন সদন নৱম লোকসভাত উদয়পুৰ চহৰক প্ৰতিনিধিত্ব কৰিছে। ২০০২ চনৰ ২৪ আগষ্টৰ পৰা ২০০৩ চনৰ ডিচেম্বৰলৈকে, ২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ১০ ডিচেম্বৰলৈ, আৰু ২০১৯ চনৰ ১৭ জানুৱাৰীৰ পৰা, ৰাজ্যপাল হিচাপে নিযুক্তি পোৱালৈকে ৰাজস্থান বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

শ্ৰী গুলাব চান্দ কাটাৰিয়াই ১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভাইৰন সিং শ্বেখাৱত চৰকাৰৰ অধীনত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩০ মে’লৈকে তেওঁ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৩ চনৰ পৰা ২০১৫ চনলৈ তেওঁ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ তেওঁ বৰিশাদ্ৰীৰ বিধায়ক আছিল। শ্ৰী গুলাব চান্দ কটাৰিয়াৰ জন্ম ১৯৪৪ চনৰ ৩ অক্টোবৰত ৰাজস্থানৰ ৰাজসামন্দত হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত হুকমি চান্দ কাটাৰিয়া আৰু মাতৃ প্ৰয়াত লাহৰী বাই।উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু সেই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ আইন বিষয়ত অধ্যয়ন কৰিছিল। পাঁচজনী কন্যা সন্তানৰ পিতৃ কাটাৰিয়াৰ পত্নীৰ নাম শ্ৰীমতী অনিতা কাটাৰিয়া। ২০০৬ চনৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ জীৱনমল নাহাটা স্মাৰক ন্যাসৰ পৰা তেওঁ শ্ৰেষ্ঠ শিক্ষক বঁটা লাভ কৰে।

Leave a Reply