অসমৰ জাতীয় সংগীত – অ’ মোৰ আপোনাৰ দেশ

অসমৰ জাতীয় সংগীত

অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি “মোৰ দেশ” নামেৰে ১৯১০ চনৰ মে’ মাহৰ বাঁহীত  আৰু ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। গীতটোৰ সুৰাৰোপ কমলা প্ৰসাদ আগৰৱালাই কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। এই গীতটো বেজবৰুৱাৰ কদমকলি গ্ৰন্থত সন্নিবিষ্ট আছিল

 

 

গীতটিৰ কথা তলত উল্লেখ কৰা হ’ল-

অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ চিকুণী দেশ

এনেখন শুৱলা,

এনেখন সুফলা

এনেখন মৰমৰ দেশ ।।

অ’ মোৰ সুৰীয়া মাত

অসমৰ সুৱদী মাত

পৃথিৱীৰ ক’তো

বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত ।।

অ’ মোৰ ওপজা ঠাই

অ’ মোৰ অসমী আই

চাই লওঁ তোমোৰ

মুখনি এবাৰ

হেঁপাহ মোৰ পলোৱা নাই ।।

Leave a Reply