অলকানন্দা – Alakananda Lyrics – Shankuraj Konwar

অলকানন্দা - Alakananda Lyrics - Shankuraj Konwar

 

আগলি বতাহে সৰালে চুপহি

কাজলী জপা দুচকুৰ পতাত

ধেমালি চলেৰে ক’ৰেনো টিপচি

নিচুকনি গীত জুৰি যায়

শয়নত দুটি নয়ন মধুৰ

দুগালতে আঁঁউজিলেহি ৰ’দ

ভাগেনে চিকুণে সোণ টোপনি তোমাৰ

মায়াময় উশাহৰ উমে আনে

যাযাবৰী মোৰেনো হেঁপাহক

বুটলি সামৰি তোমাৰেনো কাষৰলে

উভতাই আনিলা

জীয়াই তুলিলা

মোক জীয়াই তুলিলা

মোক জীয়াই তুলিলা

এই ৰিক্ত বুকুতে

বাসনা ঢালিলা

মোৰ তেজে তেজে শিঁৰে শিঁৰে

বোঁৱালা প্ৰেমৰ অলকানন্দা…

সা ৰে সা নি সা…

বোঁৱালা প্ৰেমৰ অলকানন্দা…

সা ৰে সা নি সা…

বোঁৱালা প্ৰেমৰ অলকানন্দা…

🎶

কুঁৱলীৰ ফাঁকেৰে স্মৃতিৰ এখিলা পাত

পৰেনে মনতে তোমাৰ অ’…

হেঁচুকি দুহাতেৰে লিখিছিলা তাত

ঠিকনা সুৰ কবিতাত

উন্মুক্ত নদীৰ সোঁতে ছন্দে

নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে

দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়

এটি চাৱনিতে ৰাতি হ’ল চঞ্চল

বন্ধ কোঠালিত যেন এটি দাৱানল

উমি উমি জ্বলিছে পুৰণি ইতিহাস

উভতাই আনিলা

জীয়াই তুলিলা

মোক জীয়াই তুলিলা

মোক জীয়াই তুলিলা

এই ৰিক্ত বুকুতে

বাসনা ঢালিলা

মোৰ তেজে তেজে শিঁৰে শিঁৰে

বোঁৱালা প্ৰেমৰ অলকানন্দা…

সা ৰে সা নি সা…

বোঁৱালা প্ৰেমৰ অলকানন্দা…

সা ৰে সা নি সা…

বোঁৱালা প্ৰেমৰ অলকানন্দা…

Leave a Reply