ৰংপুৰ || আহোম ৰাজ্যৰ ৰাজধানী

 

ৰংপুৰ

 

ৰংপুৰ  আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত স্থাপন কৰা আহোম ৰাজ্যৰ এখন ৰাজধানী আছিল। এতিয়া এই স্থান শিৱসাগৰ নগৰৰ অন্তৰ্ভুক্ত। আহোম ৰাজ্যৰ কেইবাটাও ঐতিহাসিক সমল যেনে তলাতল ঘৰ আৰু ৰংঘৰ ইয়াতে অৱস্থিত।

 

আহোম ৰাজ্যৰ শ্ৰেষ্ঠ সময়ছোৱাত ৰংপুৰ ৰাজধানী আছিল। মোৱামৰীয়া বিদ্ৰোহত দুবাৰ এই ৰাজধানীৰ পতন ঘটিছিল। প্ৰথমবাৰ ১৭৬৯-৭০ চনত কেইমাহমানৰ বাবে বিদ্ৰোহীসকলে স্বৰ্গদেউ লক্ষ্মী সিংহক বন্দী কৰি ৰাখিছিল। দ্বিতীয়বাৰ ১৭৮৮ৰ পৰা ১৭৯২ চনলৈ বিদ্ৰোহীসকলে ৰংপুৰ নিজৰ অধীনত ৰাখিছিল আৰু শেষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ থমাছ ৱেল্‌ছৰ সেনাবাহিনীয়ে তেওঁলোকক পৰাস্ত কৰিছিল। ৰংপুৰ পুনৰ আহোমৰ হাতলৈ আহিলেও ৰাজধানী ইয়াৰ পৰা উঠাই নি যোৰহাটত পতা হয়।

লগতে চাওক –  তলাতল ঘৰ    ৰংঘৰ   কাৰেংঘৰ   গড়গাঁও  ,  

 

তথ্যসূত্ৰ

  • Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University

Leave a Reply