ৰংঘৰ || ৰংঘৰৰ ইতিহাস || ৰংঘৰ কোনে সজাইছিল

ৰংঘৰ :

 ৰংঘৰ  হ’ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।

ৰংঘৰৰ আকৃতি আঠকোণীয়া দুটা বাহু দীঘলীয়া। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, চালৰ ওপৰত দুফালে দুটা মগৰ আকৃতিৰ মূৰ, মধ্যভাগত তিনিটা সৰু সৰু দ’ল। এই ওপৰভাগৰ অংশখিনি নাওঁৰ আকৃতিৰ দৰে।

ৰংঘৰৰ চাৰিসীমা :- পূবে তলাতল ঘৰ, পশ্চিমে ৰূপহী পথাৰ, উত্তৰে শিৱসাগৰ নগৰ আৰু দক্ষিণে জেৰেঙা পথাৰ।

                                    

ৰংঘৰৰ ইতিহাস

সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও  পূূূূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্ঠাব্দত। ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ,বৰা চাউল,হাঁহ কণী,মাটি মাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষ ভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল। ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটাবৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। ৮৮ফুট আৰু ৩৬.৫ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনা পাছত বথান নামৰ ইংৰাজ বিষয়াজনে ১,৩০০টকাত ৰংঘৰ আৰু তলাতল,কাৰেংঘৰ বেৰ দুখন কেনকণ আলিক বিক্ৰী কৰিছিল। ৰংঘৰৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল, যিটো কেৰকণ আলিয়ে ধ্বংস কৰিলে।

লগতে চাওক –  তলাতল ঘৰ  কাৰেংঘৰ      

তথ্যসূত্ৰ

  •  “Ranghar – onlinesivasagar.com”. onlinesivasagar.com। আহৰণ কৰা হৈছে: 29 জুলাই 2013.
  •  Kongkon K Bora (September 15, 2011). “Rangghar: the oldest amphitheatre in Asia”. assamtribune.com. assam tribune। আহৰণ কৰা হৈছে: 29 জুলাই 2013.
  •  “Assam Monuments and Museums – Rang Ghar”. mapsofindia.com। আহৰণ কৰা হৈছে: 29 জুলাই 2013.
  •  “onlinesivasagar.com”। আহৰণ কৰা হৈছে: March 29, 2012.

Leave a Reply