সদৌ অসম ছাত্ৰ সন্থা || ছাত্ৰ সংগঠন

 

চমু  নাম       AASU

      নীতিবাক্য       জয় আই অসম

                                   প্ৰতিষ্ঠা       ৮ আগষ্ট ১৯৬৭ (৫৫ বছৰ পূৰ্বে)

           প্ৰধান  কাৰ্যালয়       গুৱাহাটীবিশ্ববিদ্যালয়

 

সদৌ অসম ছাত্ৰ সন্থা



সদৌ অসম ছাত্ৰ সন্থা (ইংৰাজী: All Assam Student’s Union) চমুকৈ “ছাত্ৰ সন্থা” বা “আছু” বা “AASU” হৈছে –  এটি সৰ্ববৃহৎ ছাত্ৰ সংগঠন। সদৌ অসম ছাত্ৰ সন্থা নিজা সংবিধানৰ নীতি নিয়ম অনুসৰি পৰিচালিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত অৱস্থিত। সদৌ অসম ছাত্ৰ সন্থাৰ এটা নিদিৰ্ষ্ট প্ৰতীক চিহ্ন আছে আৰু এখন নিৰ্দিষ্ট পতাকা আছে। সদৌ অসম ছাত্ৰ সন্থা‌ই মুখ্য শ্লোগান হিচাপে ‘জয় আই অসম” ব্যৱহাৰ কৰে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতীক চিহ্নত “জয় আই অসম” আৰু “সদৌ অসম ছাত্ৰ সন্থা” বগা ৰঙেৰে লিখা আছে‌‌। সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে — স্বদেশ আৰু জনগণৰ প্ৰতি শ্ৰদ্ধা উদ্বুদ্ধ কৰা আৰু গভীৰতা কৰা। বাংলাদেশৰ পৰা অসমলৈ হোৱা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছিল। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম গণ পৰিষদ দল গঠন কৰিছিল। অসম গণ পৰিষদ দলে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা, প্ৰতিখন মহকুমাৰ আৰু আঞ্চলিক পৰ্যায়ত সমিতি আছে। অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ছাত্ৰ সন্থাৰ গোট আছে। অসমৰ বিভিন্ন ঠাইৰ আঞ্চলিক, মহকুমা আৰু জিলা সমিতিৰ হাজাৰ হাজাৰ প্ৰতিনিধিৰ দ্বাৰা গণতান্ত্ৰিক পদ্ধতিৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক গঠন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন হিচাপে অসম উন্নতি সভা আৰু অসম সেনা আছে।

 

 

Leave a Reply