ফাঁকুৱা || হোলী || ফাকুৱাৰ গীত || হোলী গীত

ফাঁকুৱা  ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
ফাঁকুৱা || হোলী || ফাকুৱাৰ গীত

 

 

পৌৰাণিক আখ্যান

পৌৰাণিক আখ্যানত এই দিনটোক ‘কাম দহনৰ দিন’ বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক ‘কামবাণ’ নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।

আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ’ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।

উৎসৱৰ বিৱৰণ ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে।

দৌলোৎসৱক লৈ বহু গীত আজিও মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। যিবোৰ গীতত ফাগুনৰ আনন্দ, হোলীৰ মহত্ব আৰু সাধাৰণ জনজীৱনৰ আভাস পৰিস্ফুট হৈ আছে। বৃন্দাবনত শ্ৰী কৃষ্ণৰ ৰং লীলাৰ কথা দৌল উৎসৱৰ এই গীত সমূহত সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হোলীৰ কথাৰে কীৰ্ত্তন ঘোষাত লিখি থৈ গৈছিল-

 ‘ৰংগে ফাগু খেলে চৈতন্য বনমালী৷

দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি৷৷’ (কীৰ্ত্তন ঘোষা)

 

মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি হোলী বিষয়ক গীত-

‘গোপ গোপী সমে খেলা হুয়া আনন্দিতৰৰ

আউৰে আউৰে ফাগু মাৰে অঞ্জলি ভৰিয়া৷

ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়াৰৰ

ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ৷

প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ৷৷’

 

কেৱল অসমীয়া বা ব্ৰজাবলি ভাষাতে নহয়, বিভিন্ন ভাষাত হোলী গীতৰ প্ৰচলন আছে। হোলীৰ পৰম্পৰা আজিও সেই একেদৰেই অক্ষুণ্ণ আছে। অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে হোলীৰ উদযাপনৰ মাজতো সৃষ্টি হৈছে ভাল-বেয়াৰ দিশ। হোলীৰ সময়ত গাত লগোৱা ফাকু ৰঙে বৰ্তমান বহু সময়তে ক্ষতিকাৰক হৈ পৰিছে। তাৰ উপৰিও আন একাংশই হোলীত পশ্চিমীয়া ৰং ঢালিবলৈ গৈ প্ৰকৃত পৰম্পৰাটোৰ ক্ষতিসাধনো নকৰা নহয়।

সেয়া যিয়েই নহওক, হোলীৰ উদ্দেশ্য সমাজৰ ভুল বোৰ আতৰাই নিকা আৰু প্ৰফুল্লিত মন গঢ়া। শীত পাৰ হৈ বসন্তৰ দুৱাৰ মুখত এক ন উদ্যম প্ৰদানৰ কাৰক হৈ আহিছে এই হোলী। হোলীৰ মাদকতাই সুকীয়া। জাতি, বৰ্ণ নিৰ্বিশেষে এই উৎসৱটোৱে সদায় সকলোকে একত্ৰিত কৰি আহিছে |

                                              ফাঁকুৱা

Leave a Reply