নামদাং শিলৰ সাঁকো – কিমান চনত নিৰ্মাণ কৰা হৈছিল

 

নামদাং শিলৰ সাঁকো শিৱসাগৰ জিলাৰ দিখৌনৈৰ উপনৈ নামদাঙৰ ওপৰত অৱস্থিত। এই শিলৰ সাঁকো ইতিহাস প্ৰসিদ্ধ দলং। নামদাং শিলৰ সাঁকো ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আহোম যুগত নিৰ্মিত শিলৰ সাঁকো সমূহৰ ভিতৰত নামদাং শিলৰ সাঁকো ডালেই দীঘল আৰু বহল।

ইতিহাস

এই দলংখন ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল। পিছত তাৰপৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল।

 নামদাং শিলৰ সাঁকো বিশেষত্ব

দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল।  বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে। আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো উল্লেখযোগ্য।

লগতে চাওক –  তলাতল ঘৰ    ৰংঘৰ   কাৰেংঘৰ   গড়গাঁও  ৰংপুৰ

তথ্য সংগ্ৰহ  :

  •  “Namdang Stone Bridge”. Maps Of India। আহৰণ কৰা হৈছে: 25 April 2010.
  •  Sajnani, Manohar. “Management Resources”. Encyclopaedia of tourism resources in India. 1. পৃষ্ঠা. 20.
  • ৱিকিপিডিয়া

Leave a Reply