ডিগবৈ তেল শোধনাগাৰ – কোন জিলাত অৱস্থিত

 ডিগবৈ তেল শোধনাগাৰ ||  ডিগবৈ তেল শোধনাগাৰ কোন জিলাত অৱস্থিত || ডিগবৈ তেল শোধনাগাৰ কোনে স্থাপন কৰিছিল || ডিগবৈ তেল শোধনাগাৰক ভাৰতত কি বুলি জনা যায় :

 

ডিগবৈ তেল শোধনাগাৰ

 

 

ডিগবৈ তেল শোধনাগাৰ ( Digboi Refinery) অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে এই শোধনাগাৰটো স্থাপন কৰিছিল। সুদীৰ্ঘ ১০০ বছৰৰ ডেওনা পাৰ কৰা এইটোৱেই এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ। অসমত খাৰুৱা তেলৰ উৎপাদন বঢ়াৰ লগে লগে ইয়াৰ ক্ষমতা বাৰ্ষিক ০.৫ৰ পৰা ০.৬৫ নিযুত মেট্ৰিক টনলৈ বঢ়োৱা হয়। বৰ্তমান ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে ইয়াৰ পৰিচালনা কৰে।

ডিগবৈ তেল শোধনাগাৰক ভাৰতত তেল উদ্যোগৰ জন্মস্থান বুলি জনা যায়। ইয়াক ১৯০১ চনৰ ১১ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল। ই এছিয়াৰ প্ৰথম শোধনাগাৰ আৰু এতিয়াও কাৰ্যক্ষম অৱস্থাত থকা আটাইতকৈ পুৰণি শোধনাগাৰ।

১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এডৱিন ড্ৰেকে বিশ্বৰ প্ৰথমটো তেলৰ কুপ খন্দাৰ আঠ বছৰ পাছতে অসমত তেলৰ খনি আৱিষ্কাৰ হয়। আছাম ৰেইলৱে’ এণ্ড ট্ৰেডিং কোম্পানীয়ে কেইজনমান ইটালীয়ান অভিযন্তাক ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰেল লাইন বহুৱাবলৈ দায়িত্ব দিছিল। তেওঁলোকে মাৰ্ঘেৰিটাৰ পৰা দহ মাইল দূৰৰ ডিগবৈত দুৰ্ঘটনাবশতঃ তেলৰ সন্ধান পায়।

১৮৮৯ চনত ডিগবৈতে এছিয়া আৰু ভাৰতৰ সৰ্বপ্ৰথম ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়। ১৮৯৯ চনত এই কাম-কাজ চালবলৈ আছাম অ‌ইল কোম্পানী গঠন কৰা হয়। ১৯০১ চনত ইয়াতে এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াত প্ৰতিদিনে সৰ্বোচ্চ ৭,০০০ বেৰেল  খাৰুৱা তেল উৎপাদন হৈছিল। তৈলক্ষেত্ৰখনৰ ৰক্ষণাবেক্ষণক আওকাণ কৰি অধিক তেল উৎপাদনৰ চেষ্টা চলোৱা বাবে বিশ্বযুদ্ধৰ পাছতে তেল উৎপাদন কমি আহে। বৰ্তমান ইয়াত প্ৰতিদিনে প্ৰায় ২৪০ বেৰেল  তেল উৎপাদন হয়। ১৮৮৯ চনৰ পৰা এতিয়ালৈকে ডিগবৈতে ১০০০ৰো অধিক কূপ খন্দা হৈছে। ১৯৮৯ চনত ডিগবৈ তৈলক্ষেত্ৰৰ ১০০ বছৰ উপলক্ষে ভাৰতীয় ডাক বিভাগে এটা ডাক টিকট মুকলি কৰে।

পুৰণি শোধনাগাৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ ১৯৯৬ চনত বহল পৰিসৰত ডিগবৈ শোধনাগাৰৰ আধুনিকীকৰণ প্ৰণালী হাতত লোৱা হয়। ইয়াৰ পাছত আধুনিকীকৰণৰ বাবে অসম তেল সংমণ্ডলে আন কেইবাটাও প্ৰকল্প ৰূপায়ণ কৰে। ডিগবৈ শোধনাগাৰক ISO-14001 আৰু OHSMC চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। ডিগবৈ শোধনাগাৰৰ প্ৰতি বছৰে ০.৫০ নিযুত মেট্ৰিক টন ক্ষমতা আছিল। ১৯৯৬ চনৰ জুলাই মাহত শোধনাগাৰৰ আধুনিকীকৰণৰ দ্বাৰা শোধনাগাৰৰ শোধন ক্ষমতা প্ৰতি বছৰে ০.৬৫ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছিল। ১৯৯৯ চনত প্ৰতি বছৰে ১,৭০,০০০ মেট্ৰিক টন ক্ষমতাৰ এক নতুন বিলম্বিত কোকিং ইউনিট আৰম্ভ কৰা হৈছিল। মাইক্ৰ’ক্ৰিষ্টেলাইন মমৰ সৰ্বাধিক উৎপাদনৰ বাবে এটা নতুন চলভেণ্ট ডিৱাক্সিং ইউনিট স্থাপন কৰা হৈছিল আৰু ইয়াক ২০০৩ চনত আৰম্ভ কৰা হৈছিল। শোধনাগাৰটোৱে ডিজেলৰ মানদণ্ড উন্নত কৰাৰ বাবে ২০০২ চনত হাইড্ৰ’ট্ৰিটাৰ-ইউঅ’পি স্থাপন কৰিছে। এমএচকিউ উন্নীতকৰণ গোটটো আৰম্ভ কৰা হৈছে। ২০১৬ চনৰ ভিতৰত এটা নতুন টাৰ্মিনেল সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছিল।

লগতে চাওক –  অসমৰ তেল শোধনাগাৰ

 

 

 

 

তথ্য উৎস

  1.  পৰমেশ দেৱ চৌধুৰী (২৯ অক্টোবৰ ২০১৩). “অসমৰ শোধানাৰকেইটা”. দৈনিক জনমভূমি: ৪ পৃষ্ঠা.
  2.  “5 Things That Make Assam Unique”. Outlook India.
  3.  Acharya, RC (18 May). Financial Express. https://www.financialexpress.com/opinion/here-is-indias-oil-story/1153719/.
  4.  “Here is India’s oil story”. The Financial Express. 3 May 2018.

Leave a Reply