গোলাঘৰ || শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্ত্তিচিহ্ন

গোলাঘৰ

গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্ত্তিচিহ্নসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ।  ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ (১৬৬৩-১৬৬৯) ৰাজত্বকালত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল।এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।

গোলাঘৰ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত অন্যতম। ভাৰত চৰকাৰৰ পুৰতাত্ত্বিক বিভাগে ইয়াৰ চোৱা-চিতা কৰে।

স্থাপত্য অনুসৰি গোলাঘৰ আয়তাকাৰ সৰু ঘৰ। পোৰা মাটিৰ ইটাৰে নিৰ্মিত গোলাঘৰৰ চাল দুতৰপীয়া। গোলাঘৰৰ দীঘ ২২.৮ মিটাৰ আৰু প্ৰস্থ ১১.৭ মিটাৰ। বেৰৰ প্ৰস্থ ২.১৫ মিটাৰ। ইয়াত বতাহৰ চলাচলৰ বাবে বহুতো ঘূৰণীয়া বড়ো বৰ্গাকাৰ ফুটা আছে।

লগতে চাওক –  তলাতল ঘৰ  ,  ৰংঘৰ  ,  কাৰেংঘৰ  ,  গড়গাঁও  , ৰংপুৰ , নামদাং শিলৰ সাঁকো

 

তথ্য সংগ্ৰহ  :

  •  প্ৰেম গগৈ (২০০৭). শিৱসাগৰ (বুৰঞ্জীৰ টোকা). প্ৰকাশক শিৱসাগৰ, অসম: কলঞ্চু প্ৰকাশন, শিৱসাগৰ. পৃষ্ঠা. ১৩.
  •  “Weapons display at Ahom-era Golaghar” (en ভাষাত). www.telegraphindia.com। আহৰণ কৰা হৈছে: 2018-11-14.
  •  “Gola Ghar, Sivasagar – Abhijna e-Museum” (en-US ভাষাত). Abhijna e-Museum. 2018-01-19.
  • ৱিকিপিডিয়া

Leave a Reply