কাৰেংঘৰ || কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল

 

কাৰেংঘৰ

 

কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰলৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব ১৫ কিলোমিটাৰ। ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ তৃতীয়খন ৰাজধানী আছিল আৰু এই গড়গাঁৱৰ কাৰেংঘৰ পোন প্ৰথমে ১৫৪০ চনত গড়গঞা ৰজা স্বৰ্গদেউ চুক্লেংমুঙে নিৰ্মাণ কৰিছিল, স্বৰ্গদেউ চুক্লেংমুঙে নিৰ্মাণ কৰা সময়ত কাৰেংঘৰ কাঠ আৰু বাঁহৰ আছিল, পিছৰ পৰ্যায়ত স্বৰ্গদেউ প্ৰমত্ত সিংহই কাৰেংঘৰটো ইটাৰে নিৰ্মাণ কৰিছিল। পিছলৈ কাৰেংঘৰটো ক্ষতি হোৱাত ১৭৫২ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল।

 

গড়গাঁৱৰ কাৰেংঘৰটো সাত (৭) মহলীয়া আৰু পিৰামিড আকাৰৰ । কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবিচজনে (বৰকাকতী) লিখিছিল, “গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সূশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল”। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল। মিৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ’ল, “ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ’ল গড়গাঁৱৰ কাৰেং ঘৰ।

 

লগতে চাওক –  তলাতল ঘৰ  ,   ৰংঘৰ 

Leave a Reply