জ্যোতিপ্ৰসাদ আগৰৱালা

 

জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনী
জন্ম:  ১৯০৩ চনৰ ১৭ জুন
মৃত্যু:  ১৯৫১ চনৰ ১৭ জানুৱাৰী
জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি কোৱা হয় ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা।

পৰমানন্দ আগৰৱালাৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা- অসমীয়া ধৰ্ম পুথি ‘কীৰ্তন ঘোষা’ প্ৰথম ছপা কৰাওঁতা আৰু তেখেতৰ ভাতৃ আছিল বিখ্যাত অসমীয়া কবি আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা। সোণৰ চামুছ মুখত লৈ জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই সৰুৰে পৰা এক সংস্কৃতিবান পৰিৱেশত ডাঙৰ হৈছিল। তেখেতৰ দেউতাকো আছিল এজন ভাল গায়ক আৰু বেহেলাবাদক। ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদে স্কুলীয়া শিক্ষা আৰম্ভ হয় ডিব্ৰুগড়ৰ চৰকাৰী হাইস্কুলৰ পৰা তাৰ পাছত তেওঁৰ পৰিয়াল তেজপুৰলৈ গুছি অহাত তেওঁ তেজপুৰৰ চৰকাৰী হাইস্কুলত পঢ়ে।  তাতেই তেওঁ বাণ ৰঙ্গমঞ্চৰ সৈতে জড়িত হৈ সংগীত আৰু নাটকৰ চৰ্চা কৰিবলৈ লয়।
১৯২১ চনত গোটেই দেশজুৰি অসহযোগ আন্দোলন আৰম্ভ হোৱাত তেওঁ মেট্ৰিকুলেছন পৰীক্ষা নিদিয়াকৈয়ে আন্দোলনত জঁপিয়াই পৰে। পাছত তেওঁ চিত্ৰৰঞ্জন দাস প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জ্যোতিপ্ৰসাদে কলিকতাৰ নেশ্যনেল কলেজত আই. এ. শ্ৰেণীত নাম ভৰ্তি কৰে। সেই কলেজত তেওঁ দ্বিতীয় বাৰ্ষিকলৈকে পঢ়ে। ইতিমধ্যে কলেজখন উঠি যোৱাত তেওঁৰ কলেজীয়া শিক্ষা সিমানতে শেষ হয়।

১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতিপ্ৰসাদে উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যাত্ৰা কৰে। বিলাতত গৈ এডিনবৰা বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেশ্বন পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথমবাৰ অকৃতকাৰ্য হয়। দ্বিতীয়বাৰ তেওঁ চৰ্তসাপেক্ষে এম.এ. পঢ়াৰ অনুমতি লাভ কৰে। প্ৰথমে তেওঁ অৰ্থনীতি, সংস্কৃত আৰু পাব্লিক ল’ অধ্যয়ন কৰে। তাৰ পাছত তেওঁ অৰ্থনৈতিক ইতিহাস আৰু দৰ্শন অধ্যয়ন কৰে।
জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় সংগ্ৰামী আছিল  ৷ আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিছিল আগৰৱালাই ৷ উল্লেখ্য যে,শিলচৰত কাৰাবাসত থকাৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা টাইফয়েড ৰোগত আক্ৰান্ত হৈছিল৷
উল্লেখযোগ্য যে,১৯৩৩ চনৰ শেষৰ ফালে জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহবাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি “জয়মতী” চিত্ৰগ্ৰহণ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত জয়মতী ছবিখন মুক্তি লাভ কৰে ১৯৩৫ চনত। ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া ছবি “ইন্দ্ৰমালতী” নিৰ্মাণ কৰে জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ইয়াৰ মাজতে ১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালা বিবাহ পাশত আৱদ্ধ হয় ৷তেওঁৰ দুজন পুত্ৰ সন্তানৰ নাম হৈছে চিন্ময় আৰু বিশ্বেন্দু। আৰু পাঁচ গৰাকী কন্যা সন্তান হৈছে যথাক্ৰমে জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী, মনশ্ৰী।

অসমীয়া সাহিত্যলৈ জ্যোতিপ্ৰসাদৰ অৱদান

কুৰি শতিকাৰ অসমীয়া সাহিত্যৰ জগতখন আজিৰ দৰে বিশাল নাছিল। ঠন ধৰি উঠিছিলহে মাত্ৰ। সেয়ে তেওঁৰ অসমীয়া ভাষাৰ জেউতি বৃদ্ধি কৰাৰ লগতে তেওঁৰ সুন্দৰৰ সাধনা কৰিব খোজা মনটোৰ হাবিয়াস পূৰাবলৈ সাহিত্যৰ সৃষ্টিতে মনোনিৱেশ কৰিছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাত ১৪ বছৰ বয়সতেই  তেওঁ ‘শোণিত কুঁৱৰী’ নাটক আৰু ‘গছে গছে পাতি দিলে’ নামৰ প্ৰকৃত অসমীয়া সুৰ থকা আধুনিক গীত ৰচনা কৰিছিল।

জ্যোতিপ্ৰসাদৰ সাহিত্যৰাজিক তালিকাভুক্ত কৰিবলৈ গ’লে হ’ব এনেধৰণৰ-

গীত- সৰ্বমুঠ ৩৭৭ টা গীত সংৰক্ষিত, যি তেওঁৰ নাটক, চিত্ৰনাট্য আন্যান্য ৰচনা আৰু কথাছবিত আদিত নিহিত আছে।

কবিতা- ৪৬ বা তাতোধিক দীঘলীয়া আৰু চুটি সংৰক্ষিত কবিতা।

নাটক- শোণিতকুঁৱৰী , কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা।

শিশু- সাহিত্য- শিশু-কবিতা, জ্যোতি-ৰামায়ণ, ঘোঁৰা-ডাঙৰীয়া।

জীৱনী- চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী

চুটিগল্প- ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কালঘুমটি, নীলা চৰাই।

উপন্যাস- আমাৰ গাঁও ( অৰ্ধ সমাপ্ত)

সংবাদসেৱা- ১৯৪৪ চনৰ পৰা বন্ধ হৈ থকা ‘অসমীয়া’ কাকতৰ তেখেতে পুনৰ প্ৰকাশ আৰু সম্পাদনা কৰিছিল।

জীৱনৰ শেষৰছোৱা বয়সত জ্যোতিপ্ৰসাদ দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিত্সাধীন হয়। আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে মাত্ৰ ৪৮ বছৰ বয়সতে মৃত্যু বৰণ কৰে।

Leave a Reply