ভূপেন হাজৰিকা || ভূপেন হাজৰিকাৰ জন্ম আৰু মৃত্যু || ভূপেন হাজৰিকাৰ পিতৃ-মাতৃ নাম

 

ভূপেন হাজৰিকা

 


• জন্ম : ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ, শদিয়া, অসম 

• মৃত্যু : ২০১১চনৰ ৫ নৱেম্বৰ (৮৫ বছৰ বয়সত), মুম্বাই ।

• পিতৃ-মাতৃ ঃ নীলকান্ত হাজৰিকা আৰু শান্তিপ্রিয়া হাজৰিকা ।

•  শিক্ষা গ্রহণ : কটন কলেজ, বানাৰস হিন্দু বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয় (আমেৰিকা যুক্তৰাষ্ট্র) 

• বিদ্যায়তনিক সফলতা : কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা মাছকমিউনিকেছন বিষয়ত পি এইছ ডি ডিগ্রী লাভ ।

• কর্মক্ষেত্র : সংগীতজ্ঞ, গায়ক, কবি, চলচ্চিত্র নির্মাতা, গীতিকাৰ আৰু ৰাজনীতিবিদ 

● উল্লেখনীয় চলচ্চিত্ৰসমূহ : ইন্দ্ৰমালতী, চিৰাজ, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, চামেলী মেমচাহেব,  ৰুদালী ইত্যাদি।



বহুমুখী প্রতিভাসম্পন্ন শিল্পী তথা ভাৰতীয় সংগীত জগতৰ জীৱন্ত কিম্বদন্তী শিল্পী ড° ভূপেন হাজৰিকাক আমি  সকলোৱে ‘ভূপেনদা’ বুলি জানো। তেওঁ জনসাধাৰণৰ সান্নিধ্য ভাল পাইছিল আৰু এখন নতুন পৃথিৱী গঢ়াৰ সপোন দেখিছিল। এইগৰাকী গণশিল্পী এতিয়া শ্বাশত নিদ্ৰাৰ কোলাত। অসংখ্য সুমধুৰ গীতৰ স্ৰষ্টা এইগৰাকী শিল্পীয়ে চিৰপৰিচিত হাঁহি মুখত লৈ সঁচাকৈয়ে সময়ৰ পাতি উঠি নতুন দিগন্তৰ সন্ধানত আমাৰ মাজৰ পৰা অনাদিলোকলৈ যাত্ৰা কৰিলে।

ড° ভূপেন হাজৰিকাই সমগ্ৰ জীৱন সংগীত আৰু ইয়াৰ সৃষ্টিৰ বাবে উৎসর্গিত কৰিছিল। তেওঁ সঁচাকৈয়ে এজন অসাধাৰণ প্রতিভাশালী ব্যাক্তি আছিল। তেওঁৰ গীতত মাটি আৰু মানুহৰ যি সূক্ষ্ম বর্ণনা দেখা যায় সেয়া নিঃসন্দেহে বিস্ময়কৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত জন্ম গ্রহণ কৰি তেওঁ দেশভক্তিৰ শক্তিশালী ভাবধাৰাৰে উদ্বুদ্ধ হৈছিল আৰু নিজৰ মাতৃভূমি আৰু ইয়াৰ জনসাধাৰণৰ বাবে সেৱা আগবঢ়াইছিল।


তেওঁৰ কৰ্মৰাজিত কবিৰ কল্পনাৰ দৰেই অন্তস্পৰ্শী মানৱতাবোধৰ উন্মেষণ দেখা যায়। তেওঁৰ কেতবোৰ ৰচনাই বিশ্বৰ জনগণৰ হৃদয় আত্মাক গভীৰভাৱে চুই যায়। এইগৰাকী মহানায়কে অসমীয়া সংগীতক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ সক্ষম হৈছিল। অসমৰ প্রাচীন সভ্যতা, কলা-সংস্কৃতিক তেওঁ সংগীতত সাৱলীলভাৱে উপস্থাপন কৰাৰ লগতে লোকসংগীতৰ সুৰসমূহ বুটলি আনি সেইবোৰ জনমানসত নিজস্ব সৃষ্টিৰ জৰিয়তে জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল। অসমীয়া সংগীতক তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ লগতে বহুতো বঁটা পাবলৈ সক্ষম হৈছিল।

‘ভূপেনদা’ৰ অনুপস্থিতিত আজি সমগ্র দেশ শোকত মর্মাহত হৈ পৰিছে। ভূপেনদাৰ শাৰীৰিক উপস্থিতি আমাৰ মাজত নাই যদিও তেওঁ সদায় আমাৰ অন্তৰত্মাত নিহিত হৈ থাকিব। তেওঁৰ সৃষ্টিসমূহে সদায় তেওঁৰ উপস্থিতি সোঁৱৰাই থাকিব। অতিক্রান্ত সহস্ৰাধিক বছৰেও ভূপেনদাৰ কালজয়ী সৃষ্টিসমূহক ম্লান কৰিব নোৱাৰিব। মাতৃভূমিৰ সুযোগ্য পুত্ৰ হিচাপে ভূপেনদাৰ  নাম সদায় সোণালী আখৰেৰে লিপিবদ্ধ হ’ব।

Leave a Reply