অসমৰ ভূগোল – অসমৰ ভৌগোলিক অঞ্চল

অসমৰ ভূগোল

অসম ৰাজ্যখন  ৯০° পূৱ দ্ৰাঘিমাৰ  পৰা ৯৫° পূৱ  দ্ৰাঘিমা আৰু ২৮° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত ।  ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য অসম । অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলমিটাৰ।

অসম খনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পৰা যায় । ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অঞ্চল আছে।

 পূবে তিনিচুকীয়া জিলাৰ পৰা পশ্চিমে ধুবুৰী জিলাৰ সমতলখনত ১৮খন প্ৰশাসনিক জিলা আছে। ইয়াৰ বাহিৰেও সমতলখনত সদ্যগঠিত ৪খন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা আছে। সেইকেইখন হৈছে ওদালগুৰি, বাক্সা , চিৰাং আৰু কোকৰাঝাৰ ।

 উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগাপাহাৰ, কাৰ্বিপাহৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰপৰা বহু কেইখন খন ডাঙৰ উপনৈ আহি ব্ৰহ্মপুত্ৰত পৰিছেহি। উত্তৰপাৰৰ প্ৰধান উপনৈ হৈছে- সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰলভাগা, গদাধৰ, সোণকোষ আদি। দক্ষিণ পাৰৰ ঘাই উপনৈসমূহ হৈছৈ- ডিব্ৰু, ডিগাৰু, বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, কুলসী, দুধনৈ, কৃষ্ণাই, জিনৰী, জিঞ্জিৰাম আদি। বৰাক উপত্যকা ই অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদীৰ পৰাই ইয়াৰ নামটো আহিছে। বৰাক উপত্যকাৰ মূলতঃ তিনিখন জিলা আছে- কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি।

অসমৰ জিলা সমূহ

1. তিনিচুকীয়া, 2. ডিব্ৰুগড়, 3. ধেমাজী, 4. চৰাইদেও, 5. শিৱসাগৰ, 6. লক্ষ্মীমপুৰ, 7. মাজুলী, 8. যোৰহাট, 9. বিশ্বনাথ, 10. গোলাঘাট, 11. কাৰ্বি আংলং পূব, 12. শোণিতপুৰ, 13. নগাওঁ, 14. হোজাই, 15. কাৰ্বি আংলং পশ্চিম, 16. ডিমা হাচাও, 17. কাছাৰ, 18. হাইলাকান্দি, 19. কৰিমগঞ্জ 20. মৰিগাওঁ, 21. ওদালগুৰি, 22. দৰং, 23. কামৰূপ মহানগৰ, 24. বাক্সা, 25. নলবাৰী, 26. কামৰূপ, 27. বৰপেটা, 28. চিৰাং, 29. বঙাইগাঁও, 30. গোৱালপাৰা, 31. কোকৰাঝাৰ, 32. ধুবুৰী, 33. দক্ষিণ শালমাৰা-মানকাচৰ 

Leave a Reply