অসমৰ জলবায়ু || দক্ষিণ পশ্চিম মৌচুমী বতাহ

অসমৰ জলবায়ু

অসমৰ জলবায়ু :

অসমৰ গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য স্থানতকৈ তুলনামূলকভাৱে কম।  অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ হৈছে – ভৌগোলিক অৱস্থান, ভূ-প্রকৃতি, আৰব সাগৰ, বঙ্গোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আদ্ৰ মৌচুমী বায়ুপ্রবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পার্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ-নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পর্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্রভাৱ পেলায়।

 প্ৰাক্ মৌচুমীকাল ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিল মাহৰ শেষলৈকে বিৰাজ কৰে। প্ৰাক্‌ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আমদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকনিৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্রকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়।

অসমত সাধাৰণতে মৌচুমীকাল মে মাহৰ আৰম্ভণিৰে পৰা জুলাই মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়চোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালচোৱাৰ জুন, জুলাই আৰু আগষ্ট মাহত সর্বাধিক বৃষ্টিপাত হয়।

ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ-পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে। অর্থাৎ এই সময়ত বর্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্রাস পায়। উষ্ণতা হ্রাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূর্ণ ওলোটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়।

নৱেম্বৰ-জানুৱাৰী মাহত : শীত,

ফেব্ৰুৱাৰী-এপ্ৰিল মাহত : প্ৰাক মৌচুমী,

 মে-জুলাই মাহত : মৌচুমী,

আগষ্ট-অক্টোবৰ মাহত : উত্তৰ মৌচুমী।

Leave a Reply